হেল ৰিভাৰ গ্ৰীণ ভেলী ইক’ টুৰিছিম ডেভলপমেন্ট ছোছাইটি নামৰ বে- চৰকাৰী সংস্থাৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰী থানাৰ অন্তৰ্গত শিয়ালমাৰী ময়নাগুৰী অঞ্চলত এখন বনভোজস্থলী শুভ উদ্বোধন কৰে ৰাজ্যৰ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই। উক্ত উদ্বোধন অনুষ্ঠানত বন মন্ত্ৰী গৰাকীৰ লগত বি পি এফৰ মহিলা নেতৃ উমা ৰাণী বসুমাতাৰী, বিপিএফৰ দোতমা ব্লক সম্পাদক ধৰণী নাৰ্জাৰী প্ৰমূখ্যে বহু নেতা উপস্থিত থাকে। ইয়াৰ উপৰি অনুষ্ঠানত উপস্থিত থাকে যুদ্ধ বিৰতিত থকা এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটৰ কৰ্মকৰ্তা, এবছুৰ নেতা কৰ্মী, বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দৰ লগতে স্থানীয় সমাজ সেৱক সকল। বন মন্ত্ৰীগৰাকীয়ে বনভোজস্থলী উন্মোচন কৰাৰ পিছতেই স্থানীয় লোকৰ মাজত আনন্দৰ লহৰ বৈছে। কিয়নো এই বনভোজস্থলীৰ ফলত পৰ্যটন ক্ষেত্ৰ আৰু স্থানীয় লোক অৰ্থনৈতিক ভাবে লাভান্বিত হ’ব বুলি মত প্ৰকাশ কৰিছে স্থানীয় লোকে।
আনহাতে বনভোজস্থলী উন্মোচন কৰি বন মন্ত্ৰীগৰাকীয়ে ভূটানৰ সীমান্তবৰ্তী অঞ্চলৰ বনাঞ্চল পৰিদৰ্শন কৰে। বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা বনাঞ্চল সমূহৰ বহুমূলীয়া গছ কাটি চোৰাং ব্যৱয়ায়ী সকলে বন ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে। ঠিক সেই সময়তে অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই স্বয়ং কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কোচুগাঁৱ বন সংমণ্ডলৰ গভীৰ বনাঞ্চল পৰিদৰ্শন কৰি অৱস্থাৰ বুজ ল’লে। কোকৰাঝাৰ চহৰৰ পৰা কমেও পঞ্চাশ কিলোমিটাৰ নিলগৰ ভাৰত-ভুটান সীমান্ত অঞ্চলৰ ফৰেষ্ট ৰাইড নং ১০ ত প্ৰকাণ্ড শাল গছ দেখি বন মন্ত্ৰীয়ে অভিভূত হৈ নিজেই উক্ত শাল গছৰ জোখ-মাখ কৰিলে। বৃটিছৰ দিনৰে প্ৰায় ২০০ বছৰৰ প্ৰকাণ্ড শাল গছ দেখি আপ্লুত আৰু গৌৰৱ অনুভৱ প্ৰকাশ কৰি অসমৰ কোনো ঠাইতে নোপোৱা শাল গছৰ দৰে বহুমূলীয়া গছ সমূহ সংৰক্ষণ কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈ উক্ত বনাঞ্চল সংৰক্ষিত কৰিবলৈ আহ্বান কৰে বি টি চি প্ৰশাসনক। আনহাতে উক্ত বনাঞ্চলতে চোৰাং কাঠ ব্যৱসায়ীসকলে শাল গছ সমূহ কাটি লৈ যোৱা তথা অপ্ৰয়োজনীয় শাল গছৰ কুণ্ডা পৰি থকা দেখি দুখ প্ৰকাশ কৰে আৰু অতি শীঘ্ৰে কোচুগাঁও বন সংমণ্ডলৰ বিষয়াক উক্ত বনাঞ্চলখনৰ সংৰক্ষণৰ ব্যৱস্থা কঠোৰ কৰিবলৈ নিৰ্দেশ দিয়ে।