যোৱা কেইবাদিন ধৰি বনাঞ্চল সমূহৰ পৰা লোকালয়লৈ খাদ্যৰ সন্ধানত ওলাই অহা হাতী সমূহ বিভিন্ন অস্বাভাৱিক কাৰণত মৃত্যু হোৱাৰ ঘটনাই বন বিভাগ তথা প্ৰকৃতি প্ৰেমীক ব্যাথিত কৰি তুলিছে। সেইদৰে আজিও অনুৰূপ ঘটনা সংঘটিত হ’ল বকোৰ নামপথাৰ অঞ্চলত। আজি পুৱা নামপথাৰৰ স্থানীয়লোকে দুটা বনৰীয়া হাতী মৃত অৱস্থাত উদ্ধাৰ কৰি লগে লগে বন বিভাগক খবৰ দিয়ে। বন বিভাগৰলোক ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। হাতী দুটাক কোনো লোকে কীটনাশক দ্ৰব্য খুৱাই হত্যা কৰা বুলি প্ৰাৰম্ভিক তদন্তত বন বিভাগে সন্দেহ প্ৰকাশ কৰে। আনহাতে দুয়োটা হাতী আধাকিলোমিটাৰ দূৰত্বত উদ্ধাৰ হয়। উল্লেখণীয় যে দুৰ্বৃত্তই মৃত হাতী দুটাৰ ভিতৰত এটা হাতীৰ দাঁত কাটি লৈ যায়। আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত তদন্ত আৰম্ভ কৰা বুলি আমাৰ আগত জানিবলৈ দিছে।
এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা তিনি-চাৰি মাহৰ ভিতৰত এনেদৰে ৰাজ্যত প্ৰায় ৫০টা বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটিছে। এইদৰে বিভিন্ন সময়ত ৰেইলৰ খুন্দাতে হওক, বিদুৎস্পৃষ্ট হৈ বা খাদ্যৰ বিষক্ৰিয়া ঘটি অথবা হাতী-মানুহৰ সংঘাতৰ পৰিণতিত বনৰীয়া হাতীয়ে অস্বাভাবিকভাবে প্ৰাণ হেৰুৱাইছে। কিন্তু এই লৈ যেন বন বিভাগৰ কোনো চিন্তাই নাই। বন বিভাগে হাতীৰ অৱস্থান আৰু গতিবিধিক নিৰীক্ষণত ৰখাৰ কোনো চেষ্টা নকৰাৰ ফলতেই এইদৰে দৈনিক হাতীয়ে অস্বাভাৱিক মৃত্যু মুখত পৰা বুলি সচেতন মহলে মত ব্যক্ত কৰিছে।