NORTHEAST NOW (Assamese)
অসম

লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত কৃষক প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন

Posted by: সঞ্জীব খাৰঘৰীয়া October 4, 2018 12:59 pm
DSC_0078

লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু উত্তৰ লখিমপুৰৰ জয়হিংস্থিতঅসম কৃষি বিশ্ববিদ্যালয়ে এটা ১০ দিনীয়া কৃষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছে।

কাৰ্যসূচীটোৰ নাম হৈছে ‘গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বাবে বিজ্ঞানসন্মত পশুপালন’ (Scientific Animal Husbandry Practices for Rural Economic Upliftment)। এইচ্চডিএফচি বেংকৰ সমৰ্থনত এই কাৰ্যসূচীটোত সহযোগ কৰিছে গ্লবেল ছচিয়েল চাৰ্ভিছ ছচাইটীয়ে।

২০১৮ৰ ২৪ ছেপ্টেম্বৰত এই কাৰ্যসূচীৰ উদ্বোধন কৰে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী ডীন ড০ উমা ৰাম তামুলীয়ে।ইয়াত উপস্থিত আছিল কাৰ্যসূচীটোৰ সাংগঠনিক সম্পাদক ড০ সঞ্জীৱ খাৰঘৰীয়া আৰু  গ্লবেল ছচিয়েল চাৰ্ভিছ ছচাইটীৰ সমন্বয়ক কমল দাস।

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়খনৰ বিভিন্ন ফেকাল্টী মেম্বাৰ আৰু বিশেষজ্ঞসকলে সৰ্বমুঠ ২০ গৰাকী শিক্ষাৰ্থীক বিজ্ঞানসন্মত পশুপালনৰ বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিছিল।

এই প্ৰশিক্ষণ কাৰ্যসূচীত শিক্ষাৰ্থীসকলক জন্তুৰ পামৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হৈছিল আৰু গৰু, ছাগলী, হাঁহ-কুকুৰা আৰু গাহৰি পামৰ বিভিন্ন দিশৰ সৈতে চিনাকি কৰাই দিয়া হৈছিল।

৩ অক্টোবৰত এই কাৰ্যসূচীটোৰ অন্ত পৰে। সামৰণি সভাখনত উপস্তিত আছিল ড০ উমা ৰাম তামুলী, গ্লবেল ছচিয়েল চাৰ্ভিছ ছচাইটীৰ সহকাৰী প্ৰৱন্ধক ধৰণী পায়েং আৰু পশু চিকিৎসা মহাবিদ্যালয়খনৰ ফেকাল্টী মেম্বাৰসকল। লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ এলপিএম বিভাগৰ টিএ ড০ কে বৰুৱাৰ শলাগৰ শৰাইৰে কাৰ্যসূচীৰ সামৰণি পৰে।