“বাৰিষা ভয়ানক বানপানী হোৱাটো চিৰন্তন সত্য যদিও চৰকাৰে বাজেটত জলসম্পদ বিভাগত পুঁজি নিৰ্ধাৰণ কৰিব টান পায়। জল সম্পদ বিভাগৰ ওপৰত বিধানসভাৰ বিশ্বাস নাই। যাৰ পৰিণতিত ই এটা পৰিপূৰক বিভাগত পৰিণত হৈছে।’’ এই মন্তব্য সদৌ অসম জল সম্পদ ঠিকাদাৰ সন্থাৰ সভাপতি মুহি বৰগোহাঁইৰ।
আজি ঠিকাদাৰ সন্থাই দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি উক্ত মন্তব্য কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰা দেখা যায়। সংবাদমেলত সন্থাৰ সভাপতি মুহি বৰগোহাঁইয়ে চৰকাৰে বাজেটত জলসম্পদ বিভাগত কিয় পুঁজি নিৰ্ধাৰণ নকৰে বুলি প্ৰশ্ন কৰে।
FMP আঁচনিৰ বিনিময়ত দীৰ্ঘদিনীয়া অনাদায় পুঁজি বাজেটত নিৰ্ধাৰণৰ বাবে জলসম্পদ বিভাগে দাবী কৰা ১২৫৪ কোটি টকাৰ বিপৰীতে যোৱা বাৰ্ষিক বাজেট অধিবেশনত ধাৰ্য্য কৰা হ’ল মাত্ৰ ৫৩.৩০ কোটি টকা, যাৰ পৰিণতিত কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিয়া প্ৰায় ১৫৫ কোটি টকা বিত্ত বিভাগে আজিও মুকলি কৰি দিয়া নাই বুলি বৰগোহাঁইয়ে সংবাদমেলত জানিবলৈ দিয়ে।
ইয়াৰ উপৰি চলিত শৰৎকালীন অধিৱেশনত পৰিপূৰক বাজেটত ৩০০ কোটি টকা ধাৰ্য্য কৰা কাৰ্য্যক আদৰণীয় বুলি বৰগোহাঁইয়ে কয় যদিও মূল বাজেটত অন্তৰ্ভুক্ত নকৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা মুকলি কৰা প্ৰাপ্যৰ বাবে ৭ মাহ কাল অপেক্ষা কৰিবলগীয়া হৈছে। ফলস্বৰূপে মথাউৰি নিৰ্মাণৰ লগতে জনসাধাৰণৰ অন্যান্য কামসমূহ স্থবিৰ হৈ পৰিছে বুলিও তেওঁ উল্লেখ কৰে।
আনহাতে তেওঁ জল সম্পদ বিভাগত নিবিদাৰ পেকেজ নিৰ্ধাৰণৰ কোনো লিখিত পৰামৰ্শ বা নিৰ্দেশনাৱলী নাই বুলিও কয়।
এই সংবাদমেলতে ‘E-Tendering’ পদ্ধতিৰে আহ্বান কৰা চৰ্ত্তাৱলী সম্পৰ্কত প্ৰাৰম্ভিক আলোচনাৰ বাবে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক বিগত এবছৰ ধৰি আবেদন জনাই আহিছো যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰা বুলি সন্থাই অভিযোগ তোলে।
ইফালে সংগঠনটোৱে অহা ১২ অক্টোবৰৰ ভিতৰত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উদ্যোগত নিবিদাৰ পেকেজৰ চৰ্ত্তাৱলী সম্পৰ্কে আলোচনা কৰিবৰ বাবে আহ্বান জনায়। অন্যথা মুখ্য অভিযন্তাৰ কাৰ্যালয়ত যিকোনো গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব আৰু আইনৰ কাষ চাপিবলৈ বাধ্য হ’ব বুলি একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে ঠিকাদাৰী সন্থাই।
আনহাতে আজিৰ এই সংবাদমেলতে ঠিকাদাৰ সকলে বিভিন্ন সময়ত নিজৰ ধন খৰছ কৰি হ’লেও মথাউৰি নিৰ্মাণৰ লগতে অন্যান্য উন্নয়নমূলক কাম কৰা বুলি মুহি বৰগোহাঁইয়ে উল্লেখ কৰে।