ইউকো বেংকৰ ডিব্ৰুগড় শাখাৰ ৩গৰাকী জ্যেষ্ঠ গ্ৰাহকৰ একাউণ্টৰ পৰা ৩৬.৬ লাখতকৈও অধিক টকা হৰণলুকী হোৱাৰ পাছত ডিব্ৰুগড় আৰক্ষীয়ে প্ৰবঞ্চকক কৰায়ত্ব কৰাৰ বাবে এটা অনুসন্ধানমূলক অভিযান আৰম্ভ কৰিছে। গ্ৰাহকসকলে অভিযোগ কৰিছে যে তেওঁলোকৰ একাউণ্টৰ পৰা কোনোবাই টকাখিনি হৰণলুকী কৰিছে।
ইউকো বেংকৰ শাখা প্ৰৱন্ধক আচাৰ্যি সোণোৱালে কৈছে যে বংকৰ তৰফৰ পৰাও আৰক্ষী থানাত এখন এজাহাৰ দিয়া হৈছে।
শাখা প্ৰৱ্ধকগৰাকীয়ে কৈছে, ‘‘গ্ৰাহকসকলে তেওঁলোকৰ ধনখিনি ঘূৰাই পাব কিন্তু অনুসন্ধান চলি থকা বাবে কিছু বিলম্ব হ’ব। আজিৰ পৰাই আমি ২ লাখ টকাৰ ওপৰৰ সকলো চেক নিৰীক্ষণ কৰিবলৈ ঐৰম্ভ কৰিছোঁ। যদি কোনোবাই আমাৰ বেংকৰ পৰা ১লাখৰ অধিক টকাৰ চেক জমা দিয়ে আমি তেওঁক সত্যতা পৰ্মাণৰ বাবে মাতি পঠিয়াম।
উল্লেখ্য যে ডিব্ৰুগড় হনুমানবক্স কানৈ কলেজৰ ৭৫ বছৰ বয়সীয়া অৱসৰপ্ৰাপ্ত অধ্যাপক মদন মোহন গোস্বামীয়ে তেওঁৰ ছেভিংছ হেংক একাউণ্টৰ পৰা ১০.৮ লাখ টকা হৰণলুকী হোৱা যোৱা ২৮ ছেপ্টেম্বৰত সংশ্লিষ্ট বেংকটোত অভিযোগ দাখিল কৰাৰ পাছত এই ঘটনাসমূহ পোহৰলৈ আহে।
বেংকটোৰ এটা আভ্যন্তৰিণ অনুসন্ধানত ওলাই পৰিছে যে এই ধনখিনি ইউকো বেংকৰ হাইদৰাবাদৰ এটা শাখাৰ পৰা ২৪ ছেপ্টেম্বৰত এখন চেকেৰেই উলিওৱা হৈছিল।
আন দুটা ঘটনাও একেটা শাখাতেই অক্টোবৰৰ ৩ তাৰিখে সংঘটিত হৈছে। তাৰ পাছতেই বেংকটোৱে সকলো বৃহৎ পৰিমাণৰ ধনৰ লেনদেনৰ ওপৰত এটা অনুসন্ধান আৰম্ভ কৰিছে।
এয়াও ওলাই পৰিছে যে বেংকটোৰ দুজন গ্ৰাহকৰ নামত একেই ধৰণেৰে দুটা লেনদেন সম্পন্ন কৰা হৈছে।
এটা ঘটনাত আৰকে গাৰোদিয়া এণ্ড ছন্স লিমিটেডৰ আৰকে গাৰোদিয়াৰ একাউণ্টৰ পৰা ১৫ লাখ টকা উঠাই নিয়া হৈছে আনহাতে বিশ্বেশ্বৰ চক্ৰবৰ্তীৰ একাউণ্টৰ পৰা ১০,৮ লাখ টকা উঠোৱা হৈছে।
ডিব্ৰুগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সিদ্ধেশ্বৰ বৰাই শুকুৰবাৰে কৈছে যে তেওঁলোকে বিষয়টোৰ ওপৰত অনুসন্ধান চলাই আছে।
বৰাই কৈছে, ‘এতিয়া আমি একো ক’ব নোৱাৰোঁ কাৰণ অনুসন্ধান প্ৰাথমিক পৰ্যায়তেই আছে। কিন্তু আমি নিশ্টিত যে দোষীত আমি অতি শীঘ্ৰেই কৰায়ত্ব কৰিব পাৰিম।