গুৱাহাটীৰ জি এন আৰ চিত চিকিৎসাধীন হৈ থকা মাজুলীৰ নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ, বিখ্যাত মুখাশিল্পী শ্ৰীযুত কোষকান্ত দেৱগোস্বামীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটা বুলি পৰিয়ালৰ সূত্ৰৰ পৰা গম পোৱা গৈছে। বৰ্তমান চিকিৎসালয়খনৰ আই চি য়ুত থকা সত্ৰাধিকাৰজনৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিছে সত্ৰখনৰ লগত জড়িত লোকসকলৰ লগতে সমগ্ৰ মাজুলীবাসী।
উল্লেখযোগ্য যে যোৱা ৪ অক্তোবৰত প্ৰেছাৰ ষ্ট্ৰোকত ভোগাৰ পিছত প্ৰায় ৮৮ বছৰীয়া সত্ৰাধিকাৰজনক যোৰহাটত চিকিৎসা কৰোৱা হৈছিল যদিও ৫ অক্তোবৰত গুৱাহাটীলৈ অনা হয়।
মুখাশিল্পী হিচাপে সুখ্যাতি থকা আৰু মুখাশিল্প কৰ্মৰ বাবেই ২০০৩ চনত সংগীত-নাটক অকাডেমিৰ বঁটা লাভ কৰা সত্ৰাধিকাৰজনে সত্ৰাধিকাৰৰ দায়িত্বতেই নিজকে সীমাবদ্ধ নাৰাখি বহুতো বিৰল সৃষ্টিকৰ্ম উপহাৰ দিছিল ৰাজ্যবাসীক। মুখাশিল্পক সত্ৰাধিকাৰজনে অনন্য স্তৰলৈ তুলি নিবলৈ সক্ষম হৈছিল।
সংগীত-নাটক অকাডেমিৰ বঁটাৰ উপৰি সত্ৰাধিকাৰজনে ২০১৩ চনত প্ৰণৱ বৰুৱা শিল্পী বঁটাও লাভ কৰিছিল।