• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিব্যাংগক প্ৰহাৰ আৰক্ষীৰ! এডিচিপি অমিতাভ বসুমতাৰীক নিলম্বনৰ দাবী, কেন্দ্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব প্ৰতিবন্ধীসকল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 6, 2018 10:58 pm
Prati

আৰক্ষীৰ নিৰ্মম প্ৰহাৰত আহত দুজন প্ৰতিবন্ধী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি দিচপুৰ লাষ্টগেইটত প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে ন্যায্য প্ৰাপ্তিৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তুলিছিল যদিও আৰক্ষীয়ে মানৱ অধিকাৰ ভংগ কৰি বৰ্বৰভাৱে দিব্যাংগসকলক লাঠীচালনা কৰি হাত ভঙাৰ লগতে কেইগৰাকীমান প্ৰতিবাদকাৰীৰ মূৰো ফালে।

লগতে শনিবাৰে দিচপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি পংগু লোকৰো ভৰিত আৰক্ষীয়ে কোবোৱাৰ অভিযোগ তোলে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

Apply Now

সেয়েহে অতি সোনকালে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসম কেন্দ্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাষ চাপি বৰ্বৰভাৱে আক্ৰমণ চলোৱা আৰক্ষীৰ বিৰুদ্ধে গোচৰ তৰিব বুলি জানিব পৰা গৈছে।

আনহাতে, অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত অমিতাভ বসুমতাৰীৰ নিৰ্দেশতে কালি আৰক্ষী বাহিনীয়ে বৰ্বৰভাৱে প্ৰতিবাদকাৰীসকলৰ ওপৰত জঁপিয়াই পৰিছিল বুলি মলাকাৰে অভিযোগ কৰে।

তেওঁ লগতে আৰক্ষী উপ আয়ুক্তগৰাকীক নিলম্বনৰ দাবী তুলি কয়, “৮ অক্তোবৰৰ ভিতৰত অৰ্থ্যাৎ মুখ্য সচিবৰ সৈতে বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে অমিতাভ চৌধুৰীক নিলম্বিত কৰিব লাগে।”

ইয়াৰোপৰি তেওঁ কয়, “অন্যথা বুজিবলৈ বাকী নাথাকিব গৃহ বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অৰ্থ্যাৎ তেওঁৰ নিৰ্দেশতে দিব্যাংগক মাৰি পেলোৱাৰ ষড়যন্ত্ৰ চলিছে।”

তাৎপৰ্য্যপূৰ্ণ কথা যে, নিশা ৯:৩০ বজালৈকে আঘাতপ্ৰাপ্ত  প্ৰতিবাদকাৰীসকলক কাহিলাপাৰাস্থিত এ পি বি এনৰ চৌহদত বিনা চিকিৎসাৰে ৰখাই থোৱা বুলি অভিযোগ তুলি মালাকাৰে লগতে জনায়, “ৰঞ্জিত ছেত্ৰী নামৰ অন্ধ লোকজনৰ ৰক্তক্ষৰণ বেছি হৈ থকাত তেওঁক বুদ্ধি কৰি যেনে-তেনে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিলো।”

মন কৰিব লগীয়া যে আৰক্ষীৰ লাঠীচালনাত অসমৰ প্ৰতিবন্ধীৰ একমাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে থুঁতৰি আৰু হাতত বেয়াকৈ আঘাত পোৱাৰ লগতে বিকাশ পেগু, সঞ্জয় সিনহা, হিমাংশু নাথকে ধৰি আন বহুকেইগৰাকী প্ৰতিবন্ধী লোক বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল।

উল্লেখযোগ্য যে অসম চৰকাৰৰ ৫৪টা বিভাগত খালী থকা প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত ৪৪১৯টা পদত নিযুক্তি দিবৰ বাবে তথা দীনদয়াল দিব্যাংগ আঁচনিৰ অধীনত অসমৰ ৪.৫ লাখ প্ৰতিবন্ধীক ৫০০০ টকা প্ৰাপ্য সাহায্যৰ দাবীত কালি দিচপুৰ লাষ্টগেইটত প্ৰতিবাদ কৰিছিল প্ৰতিবন্ধী সুৰক্ষা সংস্থাই।

আনহাতে, চৰকাৰৰ ফালৰ পৰা বাৰম্বাৰ প্ৰতাৰণাৰ বলি হৈ অহা তথা আলোচনাৰ নামত মাতি নি ভেঁকো-ভাওনা কৰা তথা মিছা প্ৰতিশ্ৰুতি দিয়া সংশ্লিষ্ট বিভাগৰ সৈতে পুনৰবাৰ অহা ৮ অক্টোবৰত আলোচনাত মিলিত হ’ব প্ৰতিবন্ধীসকল।

তদুপৰি ইয়াৰ পাছতো যদি চৰকাৰে তেওঁলোকৰ দাবীসমূহত গুৰুত্ব আৰোপ নকৰে তেন্তে প্ৰতিবন্ধীসকলে অধিক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd