• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন-গৰিমাক লক্ষ্য কৰি ফেইচবুকত অশ্লীল পোষ্ট দিয়া ঘটনাৰ প্ৰতিক্ৰিয়া-ৰহস্য অব্যাহত; ২৪ ঘণ্টাৰ পিছতো আৰক্ষী ব্যৰ্থ দোষীক চিনাক্ত কৰাত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2018 8:48 am
Luit Kumar Barman_main

লুইত কুমাৰ বৰ্মনে ঘটনাটোৰ পিছত দিয়া এটা ষ্টেটাছৰ স্ক্ৰীনশ্বট। উৎস : ফেইচবুক।

29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন আৰু গৰিমা গাৰ্গক লক্ষ্য কৰি ফেইচবুকত অতি অশ্লীল পোষ্ট দিয়া আৰু জুবিনক সন্মুখত পালেই হত্যা কৰাৰ ভাবুকি দিয়া ঘটনাটোৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই। যদিও গৰিমা গাৰ্গে ৯ অক্তোবৰত দিচপুৰ থানাত এই সন্দৰ্ভত লুইত কুমাৰ বৰ্মন নামৰ ব্যক্তিজনৰ বিৰুদ্ধে এজাহাৰ দিছে তথাপি এই পৰ্য্যন্ত আৰক্ষীয়ে একো ব্যৱস্থা লোৱা নাই।

আনহাতে গৰিমা গাৰ্গৰ এজাহাৰৰ পিছতে সংগীত-চিনেমাৰ জগতখনৰ সৈতে জড়িত লুইত কুমাৰ বৰ্মনেও পল্টনবজাৰ থানাত তেওঁৰ একাউণ্ট কোনো দুষ্ট লোকে, বিশেষকৈ জুবিনৰ ফেনক্লাবৰ কোনোবাই, ব্যৱহাৰ কৰি অশ্লীল পোষ্টটো দিয়া বুলি অভিযোগ আনি তদন্তৰ দাবী জনাই এজাহাৰ দাখিল কৰিছে।

Apply Now

ইফালে এই বিষয়টো লৈ ছ’চিয়েল মিডিয়াতো তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। জুবিনৰ অনুৰাগীসকলে শীঘ্ৰে অভিযুক্ত লুইত কুমাৰ বৰ্মনক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছে। একেদৰে লুইত কুমাৰ বৰ্মনৰ বন্ধু-বৰ্গই লুইত কুমাৰ বৰ্মন নিৰ্দোষী, আৰক্ষীয়ে তদন্ত কৰি সোনকালে আচল অপৰাধীক ধৰিব লাগে বুলি দাবী জনাই আহিছে।

উল্লেখযোগ্য যে ৮ অক্তোবৰত লুইত কুমাৰ বৰ্মনে জুবিন আৰু গৰিমা গাৰ্গক লক্ষ্য কৰি অশ্লীল পোষ্ট দিয়া বুলি এটা স্ক্ৰীন শ্বট ৰাজহুৱা কৰে চাও জিতুমণি গগৈ নামৰ এজন জুবিন অনুৰাগীয়ে। অতি অশ্লীল ভাষা ব্যৱহাৰ কৰা পোষ্টটোত জুবিনক অবৈধ সন্তান বুলি কোৱা হৈছিল আৰু লগতে জুবিন-গৰিমাৰ সন্তানহীনতাৰ বিষয়েও অতি অশ্লীল কথা কোৱা হৈছিল। ইয়াৰ উপৰি জুবিনক সন্মুখত পালেই হত্যা কৰা হ’ব বুলিও ভাবুকি দিছিল।

লুইত কুমাৰ বৰ্মনৰ আন এটা পোষ্টৰ স্ক্ৰীনশ্বট। উৎস : ফেইচবুক।

“আমালৈ বিভিন্ন ধৰণৰ বাৰ্তা আহি থাকে বা আমাক লৈ বিভিন্নজনে বিভিন্ন পোষ্ট দি থাকে। কিন্তু এই পোষ্টটো অতি অশ্লীল আৰু ইয়াত জুবিনক হত্যাৰ ভাবুকি দিয়া হৈছে। আমি যিহেতু য’তে ত’তে ঘূৰি ফুৰো, গতিকে এইটো এটা ছিৰিয়াছ বিষয়। সেয়ে আৰক্ষীয়ে ইয়াৰ তদন্ত কৰাটো বিচাৰিছো।” ৯ অক্তোবৰত দিচপুৰ থানাত এজাহাৰ দি এইদৰে কয় গৰিমা গাৰ্গে।

আনহাতে অভিযোগ অস্বীকাৰ কৰিলেও লুইত কুমাৰ বৰ্মনে পূৰ্বেও আৰু সততে অশ্লীল ভাষা ব্যৱহাৰ কৰি পোষ্ট দিয়াৰ নজিৰ পোৱা যায়। লগতে তেওঁ জুবিনক পূৰ্বেও অভব্য ভাষাৰে আক্ৰমণ কৰাৰো নজিৰ অনেক আছে।

ইফালে চাও জিতুমণি গগৈয়ে নিজৰ ৱালৰ পৰা তেওঁ লুইত কুমাৰ বৰ্মনৰ টাইমলাইনৰ স্ক্ৰীন শ্বট বুলি দাবী কৰি দিয়া পোষ্টটো আঁতৰাই দিয়াটোৱেও ৰহস্যৰ সৃষ্টি কৰিছে।

মুঠতে এই ঘটনাটোৱে এতিয়া তীব্ৰ বিতৰ্কৰ লগতে সঁচা কোন মিছা কোন সেই বিষয়ে ধুঁৱলী-কুঁৱলীৰ পৰিৱেশ সৃষ্টি কৰিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am
মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am
মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd