• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰ্থ-ইষ্ট নাওৰ বাতৰিত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে আঁতৰালে চহিদ ভাস্কৰ কলিতাৰ নাম; নোসোমাল চহিদৰ তালিকাত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 12, 2018 10:50 pm
Bhaskar Kalita

৪ মে'ত চহিদ হোৱা আৰক্ষী বিষয়া ভাস্কৰ কলিতা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ ৱেবছাইটত চহিদ ভাস্কৰ কলিতাৰ নাম তিনিচুকীয়া জিলাৰ ফিল’বাৰী আৰক্ষী থানাৰ ভৰাপ্ৰাপ্ত বিষয়া হিচাপে উল্লেখ থকাৰ বাতৰি নৰ্থ ইষ্ট নাওত প্ৰকাশ হোৱাৰ পিছতে গা লৰিল বিভাগটোৰ। যোৱা ৮ অক্তোবৰত এই প্ৰমাদৰ কথা সবিস্তাৰে প্ৰকাশ পাইছিল নৰ্থ ইষ্ট নাওত। তাৰ পিছতে বিভাগটোৱে নিজৰ ৱেবছাইটত উক্ত থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াৰ স্থানত বৰ্তমানৰ বিষয়াগৰাকীৰ নাম অন্তৰ্ভুক্ত কৰিছে।

উল্লেখ্য যে, যোৱা ৪ মে’তে উগ্ৰপন্থীৰে হোৱা সংঘৰ্ষত চহিদ হৈছিল আৰক্ষীৰ উপ-পৰিদৰ্শক ভাস্কৰ কলিতা। সেই সময়ত তেওঁ আছিল বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত। কিন্তু তেওঁৰ মৃত্যুৰ কেইবামাহো পাৰ হৈ যোৱাৰ পাছতো তেওঁৰ নাম ফোন নম্বৰ অসম আৰক্ষীৰ ৱেবছাইটত তিনিচুকীয়া জিলাৰ থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকল তালিকাখনত উপলব্ধ হৈয়ে আছিল।

Apply Now

প্ৰায় এমাহ আগলৈ জিলাখনৰ পানীতোলা আৰক্ষী চকীৰ দায়িত্বত থকা বুলি চহিদগৰাকীৰ নাম আৰু ফোন নম্বৰ আৰক্ষীৰ ৱেবছাইটত সন্নৱিষ্ট আছিল। এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাওত যোৱা ১৭ ছেপ্তেম্বৰত ‘ডিজিটেল ইণ্ডিয়া’ৰ দিনত কিমান‘ডিজিটেল’ অসম আৰক্ষী?’ শিৰোনামেৰে বাতৰি প্ৰকাশ হৈছিল।

কিন্তু এই বাতৰিৰ পাছত ৱেবছাইটত পানীতোলা আৰক্ষী চকীৰ স্থানৰ পৰা ভাস্কৰ কলিতাৰ নাম আঁতৰাইছিল ঠিকেই। কিন্তু তেওঁৰ নাম সুমাইছিল ফিল’বাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে।

এই বিষয়ত যোৱা ৮ অক্তোবৰত ‘চহিদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাক ফিল’বাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে বদলি!’ শিৰোনামেৰে নৰ্থ-ইষ্ট নাওত পুনৰ বাতৰি প্ৰকাশ পাইছিল।

তাৰ পিছত বিভাগটোৱে ইয়াৰ ৱেবছাইটৰ এই তালিকাখনৰ পৰা চহিদ ভাস্কৰ কলিতাৰ নাম আঁতৰালে। সেই স্থান পূৰালে বৰ্তমানৰ থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া পুহেশ্বৰ দাসৰ নামেৰে। কিন্তু এতিয়ালৈ পুহেশ্বৰ দাসৰ ফোন নম্বৰটো তালিকাখনত অন্তৰ্ভূক্ত হোৱা নাই।

ইপিনে ভাস্কৰ কলিতাৰ থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক যোগাযোগ কৰিব পৰা নম্বৰৰ তলিকাখনৰ পৰা আঁতৰালে যদিও তেওঁৰ নাম অন্তৰ্ভুক্ত হোৱা নাই অসম আৰক্ষীৰ ৱেবছাইটৰ চহিদৰ তালিকাখনত।

উল্লেখ্য যে, কেৱল ভাস্কৰ কলিতাই নহয়, অসম আৰক্ষীৰ ৱেবছাইটত পোৱা নাযায় বিভিন্ন সময়ত ৰাইজৰ সেৱাত প্ৰাণ আহুতি দিয়া আন আন চহিদসকলৰ নামো।

নামত ৱেবচাইটটোত Martyr of Assam Police বুলি এটা লিংক পোৱা যায়। তাত ১৯৫৬-১৯৫৭ আৰু ১৯৮৬-২০১৪ চনলৈ প্ৰতিটো বছৰত চহিদবৰণ কৰাসকলৰ নামৰ বাবে ঠাই ৰখা হৈছে। কিন্তু তাত ক্লিক কৰিলে কেৱল ‘ERROR’ বুলিহে পোৱা যায়। অৰ্থাৎ সেই স্থানসমূহ হয়টো পূৰণ কৰাই হোৱা নাই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd