• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চমকপ্ৰদ সাফল্য : অসমৰ দুই মহিলা কৃষকলৈ কেন্দ্ৰীয় চৰকাৰৰ সন্মান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2018 2:36 pm
1447502708_v4dWfuDJhIvEPerU6dAK

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমী। ফটো : ইন্টাৰনেটৰ সৌজন্যত

647
VIEWS
Share on FacebookShare on Twitter

কৃষি আৰু কৃষি সহযোগী অন্যান্য খণ্ডত চমকপ্ৰদ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা দেশৰ নিৰ্বাচিত মহিলা কৃষকসকলৰ লগতে অসমৰ দুগৰাকী মহিলা কৃষকলৈও কেন্দ্ৰীয় চৰকাৰে সন্মান আগবঢ়াব।

অহা ১৫ অক্টোবৰত দেশজুৰি উদ্‌যাপন কৰিবলগীয়া মহিলা কৃষক দিৱসত অসমৰ দুগৰাকী মহিলা কৃষক ক্ৰমে যোৰহাট জিলাৰ পাপিয়া গাঁৱৰ নৱনীতা দাস আৰু গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পশ্চিম দৈৰং গাঁৱৰ দীপিকা ৰাভাক কেন্দ্ৰীয় চৰকাৰে সন্মান জনাব।

নতুন দিল্লীৰ পুছাত অৱস্থিত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এটি অনুষ্ঠানত কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধামোহন সিঙে মহিলা কৃষক দুগৰাকীক সন্মান জনাব।

আনহাতে, মহিলা কৃষক দুগৰাকীৰ সফলতাৰ বাবে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই তেওঁলোকক অভিনন্দন জনাইছে।

নৱনীতা দাসে প্ৰায় ৬৭ বিঘা মাটিত সৰিয়হ, ৰঙা চাউল, ক’লা চাউল, বকুল জহা, জিৰা  জহা, ৰঙা বৰা আদি বিভিন্ন জাতৰ ধান খেতিৰ লগতে কেপচিকাম, ভোট জলকীয়া, আলু, মাকৈ, সৰিয়হ, ৰঙালাও আৰু বিভিন্ন ফুলৰ খেতি কৰি ব্যৱসায়িকভাৱে সফল কৃষক হিচাপে প্ৰতিষ্ঠা কৰিছে।

আনহাতে, আনগৰাকী মহিলা কৃষক দীপিকা ৰাভাই ১৮ বিঘা কৃষি ভূমিত তামোল-পাণ, নাৰিকল, আনাৰস, তৈল খেজুৰ, ছজিনা আৰু অন্যান্য শাক-পাচলিৰ খেতিৰ লগতে ১২ বিঘা মাটিত জৈৱিক জহা ধানৰ খেতি আৰু পাঁচ বিঘা মাটিত উন্নত প্ৰজাতিৰ অমিতা খেতি কৰি বাণিজ্যিক সফলতা লাভ কৰিছে।

তদুপৰি, দীপিকা ৰাভাই গাহৰি পাম, কুকুৰা পাম, মীন পালন আদিৰ জৰিয়তেও লাভৱান হৈছে। কৃষি সঞ্চালকালয়ৰ সহকাৰী কৃষি তথ্য বিষয়া পংকজনাভ দাসে এক প্ৰেছ বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে অসম চৰকাৰে চলিত বছৰৰ মে’ মাহত ভিয়েটনাম ভ্ৰমণলৈ পঠিওৱা কৃষক দলটোৰ এগৰাকী সদস্য হিচাপে নৱনীতা দাসে অংশগ্ৰহণ কৰিছিল। তদুপৰি, কৃষি ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে বিভিন্ন বঁটাৰে সন্মানিত হোৱা নৱনীতা দাসক উপ-ৰাষ্ট্ৰপতি এম ভেংকায়ানাইডুৱে শ্ৰেষ্ঠ কৃষকৰ সন্মান প্ৰদান কৰিছিল।

Recent News

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ৰাইজক ক্ষমা বিচাৰিলে অভিনেতা বিজয় সেতুপথীয়ে! কিন্তু কিয়?

ৰাইজক ক্ষমা বিচাৰিলে অভিনেতা বিজয় সেতুপথীয়ে! কিন্তু কিয়?

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd