কৃষি আৰু কৃষি সহযোগী অন্যান্য খণ্ডত চমকপ্ৰদ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা দেশৰ নিৰ্বাচিত মহিলা কৃষকসকলৰ লগতে অসমৰ দুগৰাকী মহিলা কৃষকলৈও কেন্দ্ৰীয় চৰকাৰে সন্মান আগবঢ়াব।
অহা ১৫ অক্টোবৰত দেশজুৰি উদ্যাপন কৰিবলগীয়া মহিলা কৃষক দিৱসত অসমৰ দুগৰাকী মহিলা কৃষক ক্ৰমে যোৰহাট জিলাৰ পাপিয়া গাঁৱৰ নৱনীতা দাস আৰু গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পশ্চিম দৈৰং গাঁৱৰ দীপিকা ৰাভাক কেন্দ্ৰীয় চৰকাৰে সন্মান জনাব।
নতুন দিল্লীৰ পুছাত অৱস্থিত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এটি অনুষ্ঠানত কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধামোহন সিঙে মহিলা কৃষক দুগৰাকীক সন্মান জনাব।
আনহাতে, মহিলা কৃষক দুগৰাকীৰ সফলতাৰ বাবে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই তেওঁলোকক অভিনন্দন জনাইছে।
নৱনীতা দাসে প্ৰায় ৬৭ বিঘা মাটিত সৰিয়হ, ৰঙা চাউল, ক’লা চাউল, বকুল জহা, জিৰা জহা, ৰঙা বৰা আদি বিভিন্ন জাতৰ ধান খেতিৰ লগতে কেপচিকাম, ভোট জলকীয়া, আলু, মাকৈ, সৰিয়হ, ৰঙালাও আৰু বিভিন্ন ফুলৰ খেতি কৰি ব্যৱসায়িকভাৱে সফল কৃষক হিচাপে প্ৰতিষ্ঠা কৰিছে।
আনহাতে, আনগৰাকী মহিলা কৃষক দীপিকা ৰাভাই ১৮ বিঘা কৃষি ভূমিত তামোল-পাণ, নাৰিকল, আনাৰস, তৈল খেজুৰ, ছজিনা আৰু অন্যান্য শাক-পাচলিৰ খেতিৰ লগতে ১২ বিঘা মাটিত জৈৱিক জহা ধানৰ খেতি আৰু পাঁচ বিঘা মাটিত উন্নত প্ৰজাতিৰ অমিতা খেতি কৰি বাণিজ্যিক সফলতা লাভ কৰিছে।
তদুপৰি, দীপিকা ৰাভাই গাহৰি পাম, কুকুৰা পাম, মীন পালন আদিৰ জৰিয়তেও লাভৱান হৈছে। কৃষি সঞ্চালকালয়ৰ সহকাৰী কৃষি তথ্য বিষয়া পংকজনাভ দাসে এক প্ৰেছ বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে অসম চৰকাৰে চলিত বছৰৰ মে’ মাহত ভিয়েটনাম ভ্ৰমণলৈ পঠিওৱা কৃষক দলটোৰ এগৰাকী সদস্য হিচাপে নৱনীতা দাসে অংশগ্ৰহণ কৰিছিল। তদুপৰি, কৃষি ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে বিভিন্ন বঁটাৰে সন্মানিত হোৱা নৱনীতা দাসক উপ-ৰাষ্ট্ৰপতি এম ভেংকায়ানাইডুৱে শ্ৰেষ্ঠ কৃষকৰ সন্মান প্ৰদান কৰিছিল।