• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতীয়তাবাদী শিবিৰৰ শক্তি দেখি সুৰ সলালে নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চই : ১৭ নৱেম্বৰৰ সমাৱেশক কৰিলে ‘মৈত্ৰী সন্মিলন’

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 17, 2018 5:15 pm
CRPFA

১৫ অক্তোবৰত দিচপুৰ প্ৰেছ ক্লাবত সংবাদমেল নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতীয় দল-সংগঠনৰ হুংকাৰৰ পাছত এইবাৰ সুৰ সলনি কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত পৰস্পৰ বিৰোধী স্থিতি লৈ গুৱাহাটীত সমাৱেশ পতাৰ চাতুৰি খেলিছে নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসমে। যাৰ বাবে ভিত্তিহীন যুক্তি আৰু খিলঞ্জীয়া দল-সংগঠনক তেল মৰাৰ চেষ্টাৰে বিধেয়কখনৰ প্ৰতি পোনপটীয়া সমৰ্থনৰ কথা লুকুৱাই এইবাৰ ‘মৈত্ৰী সন্মিলন’ আখ্যা দি এই সমাৱেশৰ বাবে অৱতীৰ্ণ হৈছে বিজেপি বিধেয়ক শিলাদিত্য দেব নেতৃত্বত থকা ২৬ বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ বুলি পৰিচয় দিয়া সংগঠনটো।

১৫ অক্তোবৰত দিচপুৰ প্ৰেচ ক্লাবত সংবাদমেল পাতি সম্পূৰ্ণ দুমুখীয়া স্থিতি লৈ এহাতে ‘অসম চুক্তি’ আৰু অন্যহাতে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’-দুয়োফালেই সমৰ্থন আগ বঢ়ালে নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসমে।

Apply Now

উল্লেখযোগ্য যে অহা ১৭ নৱেম্বৰত ‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’-অৰ সমৰ্থনত গুৱাহাটীত সমাৱেশ পতাৰ সিদ্ধান্ত লোৱাৰ পাছত অসমৰ খিলঞ্জীয়া ৰাইজ আৰু জাতীয় দল-সংগঠনৰ মাজত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। বিভিন্ন দল-সংগঠনৰ লগতে আলফা (স্বাঃ)য়ো নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ এই কাৰ্যৰ বিৰুদ্ধে হুংকাৰ দিছিল। ইয়াৰ পাছতেই সুৰ সলনি কৰি ১৭ নৱেম্বৰত ‘মৈত্ৰী সন্মিলন’হে পাতিব বুলি মন্তব্য কৰে সুকুমাৰ বিশ্বাস, কমল চৌধুৰী প্ৰমুখ্যে উমৈহতীয়া মঞ্চখনৰ আহ্বায়কসকলে।

সংবাদমেলত মঞ্চৰ আহ্বায়ক সুকুমাৰ বিশ্বাসে কয়, “এই সমাৱেশ খিলঞ্জীয়াৰ বিৰুদ্ধে নহয়, নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে নহয়, এই সমাৱেশ সকলো জাতি-জনগোষ্ঠীৰ মাজত মৈত্ৰী স্থাপনৰ বাবেহে। আমি অসমৰ সকলো দল সংগঠনৰ লোককে এই সমাবেশলৈ আমন্ত্ৰণ জনাম।”

উল্লেখ্য যে, সংবাদমেলত নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসমে ১৭ নৱেম্বৰৰ এই সমাৱেশ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে নহয় বুলি মন্তব্য কৰি বিধেয়কখনক লৈ হৈ থকা অপপ্ৰচাৰ আৰু ভুল ধাৰণা আঁতৰাবলৈহে পাতিছে বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰে।

ইপিনে ১৯৭১ চনৰ পাছত কোনো হিন্দু বাংলাদেশী অসমলৈ অহা নাই বুলি উদ্ভট মন্তব্য কৰে মঞ্চৰ আহ্বায়ক তথা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ সভাপতি কমল চৌধুৰীয়ে।

লগতে অসম চুক্তিৰ বিৰোধিতা নকৰে বুলি কৈও দুমুখীয়া স্থিতি লৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত ওকালতি কৰে কমল চৌধুৰীয়ে। তেওঁ কয়, “এন আৰ চিৰ খচৰাত নাম বাদ পৰা ১৯৭১ৰ ২৪ মাৰ্চৰ পূৰ্বে অহা আৰু ‘ডি ভোটাৰ’ হিচাপে চিহ্নিত হিন্দু বাঙালী লোকৰ স্বাৰ্থতহে বিধেয়কখন বিচাৰো। এই বিধেয়কখনে বাংলাদেশত থকা হিন্দুক অসমলৈ আনিব বুলি কোৱা নাই।”

লগতে এন আৰ চিৰ সপক্ষে থকা বুলি নিজকে জাহিৰ কৰিবলৈও নেৰিলে চৌধুৰীয়ে। ১৯৭১ৰ পাছৰ হিন্দু বাংলাদেশীক অসমত স্থান দিলে তেওঁ হেনো নিজে ৰাস্তাত আন্দোলন কৰিবলৈ ওলাই আহিব।

মন কৰিব লগীয়া যে কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা বিজেপিৰ দৰে ‘অসম চুক্তি’, ‘নাগৰিকত্ব সংশোধনী বিধেয়ক’ সকলোকে একাকাৰ কৰা এই মঞ্চখনে নিজকে বিজেপিৰ ‘বি টীম’ বুলি স্বীকাৰ নকৰে যদিও বিজেপিৰ বিধায়ক শিলাদিত্য দেব এই মঞ্চৰ মুখ্য আহ্বায়ক। লক্ষণীয়ভাৱে আজিৰ সংবাদমেলতো মঞ্চত নুঠি সাংবাদিকৰ সৈতে শাৰী পূৰাই থাকিল বিতৰ্কিত বিধায়ক শিলাদিত্যই।

“শিলাদিত্য দেব বাঙালী মানুহ, সেয়ে আমাৰ প্ৰতি সদ্ভাৱ আছে”, মন্তব্য মঞ্চৰ আহ্বায়কসকলৰ।

আনহাতে আজিৰ সংবাদমেলত দেখা গ’ল অসমৰ জাতীয় দল-সংগঠনক মঞ্চৰ বিষয়ববীয়াৰ তেল মৰাৰ প্ৰচেষ্টা। যি সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সকলে জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে তীব্ৰ আন্দোলন কৰি আছে সেই সময়ত বিধেয়কখনৰ সপক্ষে থিয় দিয়া এই মঞ্চখনে সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন জাতীয় দল সংগঠনৰ লগতে আলোচনা বিচাৰে বুলি মন্তব্য কৰে। অসমৰ ৰাইজ আৰু জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে বোলে ১৭ নৱেম্বৰত হ’ব লগীয়া সমাৱেশক লৈ ভুল ধাৰণাত আছে। গতিকে এই ভুল তেওঁলোকে শুধৰাব বিচাৰে।

লগতে নাম ল’লে আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰো। আলফা নেতাগৰাকীৰ সৈতেও আলোচনাৰ মন তেওঁলোকৰ। আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱায়ো বোলে বিষয়টো ভালদৰে বুজি পোৱা নাই। তেওঁকো বিষয়তো চালি-জাৰি চোৱাৰ বাবে অনুৰোধ।

মুঠৰ ওপৰত আজি এক নৰম স্থিতিৰে জাতীয় দল-সংগঠন আৰু খিলঞ্জীয়া ৰাইজৰ মন জয়ৰ চেষ্টা চলালে নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসমে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd