• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সম্প্ৰীতিৰ বিৰল নিদৰ্শন! পাঞ্জাবাৰীত হিন্দু-মুছলমানে একেলগে মিলি পাতিছে দুৰ্গোৎসৱ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 15, 2018 10:26 pm
DurgaPuja Hindu_Muslim

হিন্দু-মুছলমানে মিলি পতা পাঞ্জাবাৰীৰ ‘সাৰ্বজনীন বিপণন ক্ষেত্ৰ দুৰ্গোৎসৱৰ এটা দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সমাজখনত বৰ্তি থকা কৌটিকলীয়া ধৰ্মীয় সম্প্ৰীতি এটা গুজৱ নহয়। ই বাস্তৱ। তাৰ প্ৰমাণ আমি মাজে মাজে পায়ে থাকো। প্ৰতি বছৰে দুৰ্গা পূজাৰ সময়ত দেখি অহা কথাটো হ’ল, হিন্দুসকলৰ গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱটোৰ প্ৰতি অসমৰ মুচলমানসকলৰো আছে সন্মান আৰু সহযোগিতা।

সমগ্ৰ দেশতে ধৰ্মীয় অসিষ্ণুতা বৃদ্ধি হোৱাৰ অভিযোগ উঠিলেও শংকৰ-আজানৰ দেশ অসমত এতিয়াও হেৰাই যোৱা নাই এই দুয়োটা সম্প্ৰদায়ৰ মিলাপ্ৰীতি। তেনেকুৱা নিদৰ্শন দাঙি ধৰিছে গুৱাহাটীৰ পাঞ্জাবাৰীৰ জুৰিপাৰৰ বাসিন্দাসকলে। জুৰিপাৰৰ স্থানীয় লোকসকলে জাতি-ধৰ্ম নিৰ্বিশেষে অনুষ্ঠিত কৰিছে ‘সাৰ্বজনীন বিপণন ক্ষেত্ৰ দুৰ্গোৎসৱ’।

Apply Now

উল্লেখযোগ্য যে স্থানীয় হিন্দু লোকসকলে মুছলমান সম্প্ৰদায়ৰ লোকসকলক লগত লৈ শাৰদীয় দুৰ্গোৎসৱভাগ অনুষ্ঠিত কৰাৰ লগতে মুছলমান সম্প্ৰদায়ৰ লোকসকলেও সমান উৎসাহেৰে পূজাভাগত সহযোগিতা আগ বঢ়াইছে।

উক্ত পূজাভাগত ওতপ্ৰোতভাৱে জড়িত থকা নাজিমা শইকীয়া নামৰ মুছলমান সম্প্ৰদায়ৰ মহিলা এগৰাকীয়ে  শংকৰ-আজানৰ দেশৰ সম্প্ৰীতিৰ কথা সুঁৱৰি নৰ্থ-ইষ্ট নাওক কয়, “মোক সিদিনা হঠাৎ আয়োজক কমিটীৰ উপদেষ্টা ৰঞ্জিত সূত্ৰধৰ দাদাই আৰু ধনভঁৰালী অঞ্জুমণি বৰুৱাই ফোন কৰি মাতিলে আৰু তেতিয়া মই ক’লো মই পাৰিম জানো? তেতিয়া তেওঁ মোক সহযোগ কৰিবলৈ কোৱাত মোৰ বহুত ভাল লাগিছে। কাৰণ প্ৰথমবাৰৰ বাবে মই এনেদৰে পূজা কমিটিত সহযোগ কৰিছো।”

তেওঁ লগতে কয় যে সকলো জাতি-জনগোষ্ঠী একত্ৰিত হৈ পূজাভাগ অনুষ্ঠিত কৰা বাবে খুবেই আনন্দ লাগিছে।

উল্লেখযোগ্য যে, উক্ত অঞ্চলৰে নাজমা আহমেদে দশমী পূজাৰ সম্পূৰ্ণ খৰচ বহন কৰিছে বুলি উদ্যোক্তামণ্ডলীয়ে জনায়। ইয়াৰোপৰি পাঞ্জাবাৰীৰ জুৰিপাৰৰ বয়োজ্যেষ্ঠ নাগৰিক নুৰুল হকো উক্ত দুৰ্গোৎসৱ সমিতিৰ উপদেষ্টাৰ দায়িত্বত আছে।

আনহাতে, বিপণন ক্ষেত্ৰ সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতিৰ উপদেষ্টা ৰনজিৎ সূত্ৰধৰে নৰ্থ-ইষ্ট নাওৰ আগত কয়, “পৃথিৱীৰ সকলো মানুহৰে তেজৰ ৰং ৰঙা বুলি আমি জানো যদিও কথাষাৰ সযতনে পৰিহাৰ কৰাৰ চেষ্টা কৰো। ধৰ্ম হৈছে এটা ব্যক্তিগত বিশ্বাস। হিন্দু ধৰ্ম অতি প্ৰাচীন তথা ই এটা সংস্কৃতি। গতিকে এই সংস্কৃতিয়ে সকলোকো বিশ্বজনীনভাৱে আঁকোৱালি লয়।”

উপৰোক্ত কথাখিনিক সাৰোগত কৰিয়েই এই বছৰ প্ৰথমবাৰৰ বাবে পাঞ্জাবাৰী অঞ্চলৰ মুছলমান লোকসকলক লগত লৈ এই পদক্ষেপ লোৱা বুলি সূত্ৰধৰে আমাক কয়।

উল্লেখযোগ্য যে, হিন্দু, মুছলমান খ্ৰীষ্টান সকলো জাতিকে আগুৱাই আহি শাৰদীয় দুৰ্গোৎসৱত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনোৱা হৈছিল বুলি তেওঁ উল্লেখ কৰি লগতে কয়, “সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, ভাস্কৰ্য্যশিল্পী বীৰেন সিংহ. চিত্ৰশিল্পী মধুসূদন দাস, অভিনেতা প্ৰাঞ্জল দাস, অভিনেত্ৰী পূৰ্ণিমা শইকীয়া, চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰুৱাকে ধৰি বহুখিনি বিশিষ্ট ব্যক্তিয়ে সহযোগ কৰিছে।”

উল্লেখযোগ্য যে, বিনা খৰচেৰে তামোলৰ ঢকুৱা, বাঁহ, বেত আৰু আলুৰ বস্তাৰে ভাস্কৰ্য্য শিল্পী বীৰেন সিংহ আৰু চিত্ৰশিল্পী মধুসূদন দাসৰ প্ৰচেষ্টাত ধুবুৰীৰ কৃষকসকলে  পূজাৰ মণ্ডপ তথা বাহিৰতো মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে বুলি জানিব পৰা গৈছে। লগতে কোনো ধৰণৰ পূজা বাজেট নিৰ্ধাৰণ নকৰি কমিটিৰ সকলোৱে ধন তুলি উক্ত পূজাভাগ অনুষ্ঠিত কৰা হৈছে বুলি উপদেষ্টা ৰনজিৎ সূত্ৰধৰে আমাক জানিবলৈ দিয়ে।

ইয়াৰোপৰি উদ্যোক্তা সমিতিৰ সাধাৰণ সম্পাদিকা কবিতা বৰাই আমাক জানিবলৈ দিয়া মতে যোৱা ৮ অক্তোবৰৰ দিনা মহালয়াৰ লগত সংগতি ৰাখি আয়োজন কৰা শৰতৰ শেৱালি অনুষ্ঠানত হিন্দু মহিলাসকলে জিকিৰ পৰিবেশন কৰাৰ লগতে মুছলমান সম্প্ৰদায়ৰ মহিলাসকলে দেৱীৰ বন্দনা কৰিছে।

আনহাতে, শান্তি-সম্প্ৰীতি বান্ধোনত বান্ধ খাই থকাৰ বাৰ্তা প্ৰেৰণ কৰিব বিচৰা হৈছে বুলি উদ্যোক্তা মণ্ডলীয়ে আমাক জনায়।

https://www.facebook.com/nenowassam/videos/870066346716354/

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am
আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

July 23, 2026 10:17 am
প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

July 23, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd