• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰ্য্যটনৰ ভিডিঅ’ত নাই এশিঙীয়া গঁড়; নাই ৰংঘৰ-কাৰেংঘৰ, কামাখ্যা! আছে মাথো প্ৰিয়ংকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 16, 2018 5:23 pm
Awesome_Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৫ অক্তোবৰত ৰাজ্য চৰকাৰৰ পৰ্য্যটন বিভাগে ‘অ’চম আছাম’ শীৰ্ষক অভিযানৰ অংশস্বৰূপে টেলিভিশ্যন বিজ্ঞাপনৰ দ্বিতীয় ভিডিঅ’টো মুকলি কৰে। কিন্তু গুৱাহাটীৰ তাজ ভিভান্তত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰা ভিডিঅ’টো মুকলিৰ ২৪ ঘণ্টাৰ ভিতৰতে বিতৰ্কৰ সূচনা হৈছে।

লক্ষণীয় কথা যে, অসম পৰ্য্যটনৰ মূল কেন্দ্ৰ এশিঙীয়া গঁড়, গুৱাহাটীৰ কামাখ্যা মন্দিৰ, শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, জয় দৌল, শিৱদৌলকে ধৰি ৰাজ্যখনৰ কীৰ্তিচিহ্নসমূহে স্থান নাপালে উক্ত ভিডিঅ’টোত।

Apply Now

আনহাতে, ভিডিঅ’টোত সত্ৰীয়া সংস্কৃতিৰো চিনমোকাম নাই। নাই মাজুলীৰ বৰ্ণাঢ্য সংস্কৃতিৰ আভাস। এইবোৰৰ সলনি কেৱল প্ৰিয়ংকা চৌপ্ৰাকে বাৰেপতি দেখুৱাই থকা হ’ল।

উল্লেখযোগ্য যে বলিউডৰ অভিনেত্ৰী প্ৰিয়ংকা চৌপ্ৰাক অসম চৰকাৰে ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিছে। গতিকে তেওঁক কেন্দ্ৰত ৰাখিয়ে সমগ্ৰ ভিডিঅ’টো নিৰ্মাণ কৰা হৈছে। তৎসত্ত্বেও সকলো দৃশ্যাংশত কেৱল প্ৰিয়ংকাক দেখুৱায়ে ভিডিঅ’টো নিৰ্মাণ কৰাটোৱে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ অসমৰ গৌৰৱ আৰু পৰ্য্যটকৰ মূল আকৰ্ষণ গঁড়কো ঠাই নিদিয়াটো সহজভাৱে ল’ব পৰা নাই অসমৰ ৰাইজে। ছ’চিয়েল মিডিয়াতো ইয়াক লৈ প্ৰশ্ন অৱতাৰণা কৰা দেখা গৈছে। বিদেশৰ পৰা পৰ্য্যটক অসমলৈ প্ৰিয়ংকাক চাবলৈ আহিব নে অসমৰ গঁড়, ৰংঘৰ, কাৰেংঘৰ চাবলৈ আহিব -এইদৰে প্ৰশ্ন কৰা দেখা গৈছে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীক।

এই সন্দৰ্ভত এছিয়ান ৰাইন’ স্পেচিয়েলিষ্ট গ্ৰুপৰ অধ্যক্ষ ড০ বিভৱ তালুকদাৰে নৰ্থ-ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “এটা জন্তুক হাইলাইট কৰাটো নিতান্তই প্ৰয়োজন যিটোৱে পৰ্য্যটকক আকৰ্ষিত কৰিব পাৰে। কেৱল গঁড়েই নহয়, ৰাজ্যিক গছ, ৰাজ্যিক পক্ষী অথবা অন্যান্য জীৱ-জন্তুসমূহো গুৰুত্বসহকাৰে দেখুৱাব লাগে।”

তেওঁ লগতে কয়, “অসমৰ এটা খড়্গযুক্ত গঁড় বিশ্ববিখ্যাত। এই জন্তুটোৱেই যদি ভিডিঅ’টোত নাথাকে নিশ্চয়কৈ ভিডিঅ’টোত ডাঙৰ কিবা এটা নাই। তথাপি আৰু কিছুমান জীৱ-জন্তু আছে অসমত, যিবোৰৰ পৃথিৱীত আদৰ আছে।”

আনহাতে, যি এই ভিডিঅ’টো প্ৰস্তুত কৰিছে, তেওঁলোকে সমগ্ৰ বিষয়টো চালি-জাৰি চাব লাগে বুলি তেওঁ মন্তব্য কৰি লগতে কয় “যিবিলাক বস্তু গুৰুত্বসহকাৰে দেখুৱালে অসমৰ নামটো উজলি উঠে, তেনেকুৱা কৰাটো উচিত বুলি মই ভাবো।”

“ভিডিঅ’টো নিৰ্মাণ কৰাৰ আগতে তেওঁলোকে গৱেষণা কৰিব লাগিছিল, বোধহয় সেইটো তেওঁলোকে কৰা নাই।” তেওঁ এইদৰে কয়।

আনহাতে আন্তঃগাঁথনিৰ প্ৰয়োজনৰ কথাত জোৰ দি তেওঁ কয়, “পৰ্য্যটন বিভাগৰ বিকাশ সাধন কৰিবলৈ হ’লে আন্তঃগাঁথনিৰো বিকাশ কৰিব লাগে বুলি মই ভাবো। যদি আন্তঃগাঁথনি ঠিক নাথাকে তেন্তে পৰ্য্যটকসকল আহি ক’ত থাকিব।তাৰোপৰি বিভিন্ন ধৰণৰ থকা ঠাই নিৰ্মাণ কৰি দিব লাগে, এনেকুৱা নহয় যে হোটেলত কেৱল ধনীসকলেই থাকিব।”

ইফালে, এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন বন মন্ত্ৰী তথা বৰ্তমানৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই। প্ৰমীলাৰাণী ব্ৰহ্মই কয়, “পৰ্য্যটন বিভাগে এশিঙীয়া গঁড়ৰ পৰাহে পৰ্য্যটন ক্ষেত্ৰৰ বিকাশৰ কামবোৰ আৰম্ভ কৰিছিল। পৰ্য্যটনৰ মূল থীম হিচাপে এশিঙীয়া গঁড়টোকে লৈছিল। এতিয়া কিয় বাদ দিলে মই গম নাপাওঁ। নিশ্চয় এশিঙীয়া গঁড়টো থাকিব লাগিছিল।”

তেওঁ লগতে কয়, “সকলোৱে জানে, অসম এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। এশিঙীয়া গঁড়ৰ লগতে বনাঞ্চলক বাদ দি পৰ্য্যটন ক্ষেত্ৰ সম্পূৰ্ণ নহয়।”

আনহাতে, বিৰোধী দলপতি দেবব্ৰত শইকীয়াই অসমৰ এশিঙীয়া গঁড়ৰ লগতে কোনো কীৰ্তিচিহ্নৰ দৃশ্যাংশ ভিডিঅ’টোত নথকাক কেন্দ্ৰ কৰি উদ্বিগ্নতা প্ৰকাশ কৰিছে।

তেওঁ নৰ্থ ইষ্ট নাওৰ আগত কয়, “অসমৰ গঁড় বিশ্ববিখ্যাত। লগতে ৬০০ বছৰ কাল শাসন কৰা আহোমসকলৰ দৃষ্টান্তও বিৰল। অসমৰ চৰাইদেউ মৈদাম, ৰংঘৰ, কাৰেংঘৰ বা অন্যান্য কীৰ্তিচিহ্নসমূহ তথা আহোমসকলে কেনেদৰে শাসন কৰিছিল সেয়া বিশ্বই জানিব লগীয়া কথা। গতিকে পৰ্য্যটন বিভাগৰ বিজ্ঞাপনত এইবোৰ দিশ নেদেখুৱালে প্ৰকৃততে অসমৰ পৰ্য্যটন ক্ষেত্ৰত প্ৰতিফলিত কৰাৰ কোনো দিশ নাথকিব।”

ইয়াৰোপৰি ‘পৰ্য্যটন বিভাগৰ বিজ্ঞাপনত এইবোৰ যদি নেদেখুৱায়, তেন্তে অসমক কেতিয়াও এই বিজ্ঞাপনে ভালকৈ দাঙি ধৰিব নোৱাৰে। গতিকে নিশ্চয় এইক্ষেত্ৰত প্ৰতিবাদ কৰিব লগীয়া থল আছে।’ বুলি তেওঁ কয়।

(অসম পৰ্য্যটনে নিৰ্মাণ কৰা উক্ত ভিডিঅ’টো)

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

June 4, 2026 7:50 am
ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

June 4, 2026 7:50 am
ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd