বিহু অসমীয়া জাতিৰ জাতীয় তথা উমৈহতীয়া উৎসৱ। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত কাতি বিহু পালন কৰা হয়। কাতি মাহত উলহ-মালহ বেছিকৈ নাথাকে সেই বাবে এই বিহুটোক কঙালী বুলি কোৱা হয়। কিন্তু এইবাৰ দুৰ্গা পূজাৰ সমান্তৰালকৈ কাতি বিহু পৰাত দুৰ্গা পূজাৰ উল্লাস-উন্মাদনাই এই বিহুটোকো উজলাই তুলিছে নে?
কাতি বিহু কঙালী যদিও ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ-কলীয়া উৎসৱ হিচাপে এই বিহুটোও তাৎপৰ্য্যহীন নহয়। এই কাতি বিহু শৰতৰ স্নিগ্ধ সমাহিত ৰূপত আৱিৰ্ভাৱ হয়। কিন্তু এই বছৰ অসমৰ বাপতি-সাহোন এই কাতি বিহুটোক যেন কিছু পৰিমাণে ম্লান পেলাইছে শাৰদীয় দুৰ্গোৎসৱে। কিয়নো পূজা বুলি সকলোৰে মন উলহ-মালহেৰে ভৰি আছে আৰু সকলোৱে পুজা মণ্ডপতে আহি ভিৰ কৰিছেহি।
এই সম্পৰ্কে আমি কথা পাতিছিলো মহানগৰ গুৱাহাটীৰে এগৰাকী সমাজ সচেতন ব্যক্তি তথা লেখক ৰফিউল হুছেইন বৰুৱাৰ সৈতে। তেওঁ নৰ্থ ইষ্ট নাওৰ আগত কয় যে বৰ্তমানৰ আন্তৰ্জাতিক মেৰপাক আৰু সাম্ৰাজ্যবাদী ভাৰতীয়ৰ মেৰপাকৰ ফলস্বৰূপে অসমৰ পৰম্পৰাগত ঐতিহ্য আৰু সংস্কৃতি ভয়ানক বিপদৰ সন্মুখীন হৈছে।
ইয়াৰোপৰি তেওঁ কয় ‘কাতি বিহু অসমৰ সাৰ-পানী-মাটিৰ আধাৰত প্ৰতিষ্ঠিত। অসমৰ মানুহে যুগ যুগান্তৰ ধৰি এই বিহু উদযাপন কৰি আহিছে। কিন্তু বৰ্তমানৰ ৰংচঙীয়া যি পৰিস্থিতি, সেই পৰিস্থিতি অসমৰ মানুহখিনিয়ে নিজৰ শিপাডাল সম্পূৰ্ণৰূপে এৰুৱাই আনৰ মূলৰ সৈতে হাত মিলাবলৈ যোৱাৰ বাবে নিজক পাহৰি পেলোৱাৰ উপৰিও নিজৰ ঐতিহ্য পৰম্পৰা পাহৰি পেলাইছে। কাতি বিহুৰ ক্ষেত্ৰতো সেই একেই কথা আহি পৰিছে।‘
আন এগৰাকী সচেতন ব্যক্তি ৰাজকুমাৰ বৈশ্যই এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নৰ্থ ইষ্ট নাওৰ আগত কয় ‘পূজাৰ সময়ত বহুতে কাতি বিহুৰ কথা পাহৰিয়েই গৈছে। আগতে ২-৩ দিন আগৰ পৰা মহানগৰীৰ বজাৰসমূহত ধানৰ থোক, ৰবাব টেঙা অথবা কাতি বিহুৰ বাবে প্ৰয়োজনীয় অন্যান্য সামগ্ৰী ক্ৰয় কৰিবৰ বাবে গ্ৰাহক আহি থাকিছিল।‘
তেওঁ লগতে কয় ‘আমাৰ জাতীয় উৎসৱসমূহৰ বিষয়ে আমি কিমান সচেতন সেইটো আমাৰ নিজৰ ওপৰতে নিৰ্ভৰ কৰিব। দুৰ্গা পূজা আমাৰ জাতীয় উৎসৱ নহয়, এই উৎসৱ বেলেগৰ পৰা আমদানিকৃত। পৃথিৱীৰ একমাত্ৰ এটা জাতিয়েই আছে, যি দৰিদ্ৰতাৰ বাবে উৎসৱ পাতে। সেইটোৱেই হৈছে অসমীয়াৰ কাতি বিহু।
দুৰ্গা পূজাৰ উচ্ছাস উন্মাদনাই মৰমৰ বাপতি-সাহোন কাতি বিহুক গ্ৰাস কৰি পেলোৱা বুলি একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে নিজৰ ৱালত আজি পোষ্ট কৰিছে। এইসকলৰ মাজৰে নিপেন চেতিয়া এগৰাকী নামৰ ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে ‘পুঁজিবাদী ধামখুমীয়া আৰু ধৰ্মীয় আগ্ৰাসনত বিহুৱে মৌলিকতা হেৰুৱাই বিলুপ্তিৰ পথলৈ গতি কৰিছে। তথাপিও বিহু কৃষকৰেই আৰু কৃষকেই ধৰি ৰাখিব। কাতি বিহুৱেই যেন সকলোৰে আগতে হেৰাই যাব বিচাৰিছে দুৰ্গা পূজাত মাতাল হ’বলৈ আৰম্ভ কৰা অসমীয়াৰ হাততেই। কাতি বিহু কঙালী হ’লেও দুৰ্গা পূজাত এতিয়াৰ অসমীয়াসকল অভিজাত।
কাতি মাহত কৃষকৰ ভৰাঁল উদং হৈ পৰে আৰু অভাৱ অনাতনে কৃষক ৰাইজক হেঁচি ধৰে। ইয়াৰোপৰি শৰতৰ বতৰত বিভিন্ন কীট-পতংগই খেতি-পথাৰৰ শস্যসমূহত অনিষ্ট সাধন কৰে। সেয়েহে কৃষকসকল সজাগ হৈ পৰে আৰু শস্যৰ নিৰাপত্তাৰ বাবে বিভিন্ন বিধি বিধান কৰে। কাতি বিহুৰ দিনাই কৃষক তথা ঘৰৰ লখিমীয়ে খেতি-পথাৰত চাকি-বন্তি জ্বলোৱাৰ এক পৰম্পৰা অতীজৰে পৰা চলি আহিছে।
আনহাতে, কাতি বিহুৰ দিনা তুলসী পুলি ৰোপণ কৰাৰো এক পৰম্পৰা আছে।
চলিত বছৰত পূজাৰ উল্লাস-উন্মাদনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ মহানগৰীৰ বিহুৰ বজাৰতো কিছু পৰিমাণে প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা গৈছে। মহা নৱমীৰ দিনা কাতি বিহু হোৱাৰ বাবেই এইবাৰ পূজাৰ মণ্ডপসমূহতকৈ বজাৰত ভিৰ কম হোৱা দেখিবলৈ পোৱা নাই। যোৱাবছৰ মহানগৰৰ দুখন বিশেষ বজাৰ— বেলতলা আৰু গণেশগুৰি বজাৰত ধানৰ থোক, ৰবাব টেঙা কিনিবৰ বাবে গ্ৰাহকে ভিৰ কৰিছিল যদিও এইবছৰ সেই ভিৰ দেখিবলৈ পোৱা নাই। কাৰণ এইবছৰ মহানগৰবাসী সম্পূৰ্ণৰূপে ব্যস্ত হৈ আছে শাৰদীয় দুৰ্গোৎসৱ উদযাপনত।
আনহাতে, কাইলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত শাৰদীয় দুৰ্গোৎসৱ চলি থকাৰ মাজতে বাপতিসাহোন কাতি বিহু উদযাপন কৰিব বুলি জানিব পৰা গৈছে। অসমৰ মধ্যমণি নগাওঁ জিলাৰ লগতে নামনি অসমৰ বিভিন্ন জিলাত কাতি বিহুৰ দিনা আবেলি পথাৰত টেঙা খোৱাৰ এক পৰম্পৰা বহু বছৰ ধৰি চলি আহিছে।
তথাপি আমদানিকৃত কিছুমান উৎসৱৰ বাবে বাপতি-সাহোন বিহুটো ম্লান পৰি যাব নেকি? সেই প্ৰশ্ন কৰিছে সচেতন মহলে।