• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্গোৎসৱৰ ক্ৰমবৰ্ধিত উৎসাহ-উন্মাদনাই ম্লান কৰিছে নেকি অসমীয়াৰ বাপতি-সাহোন কাতি বিহুৰ গুৰুত্ব ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 17, 2018 2:51 pm
কাতি দুৰ্গা ফটো
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহু অসমীয়া জাতিৰ জাতীয় তথা উমৈহতীয়া উৎসৱ। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত কাতি বিহু পালন কৰা হয়। কাতি মাহত উলহ-মালহ বেছিকৈ নাথাকে সেই বাবে এই বিহুটোক কঙালী বুলি কোৱা হয়। কিন্তু এইবাৰ দুৰ্গা পূজাৰ সমান্তৰালকৈ কাতি বিহু পৰাত দুৰ্গা পূজাৰ উল্লাস-উন্মাদনাই এই বিহুটোকো উজলাই তুলিছে নে?

কাতি বিহু কঙালী যদিও ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ-কলীয়া উৎসৱ হিচাপে এই বিহুটোও তাৎপৰ্য্যহীন নহয়। এই কাতি বিহু শৰতৰ স্নিগ্ধ সমাহিত ৰূপত আৱিৰ্ভাৱ হয়। কিন্তু এই বছৰ অসমৰ বাপতি-সাহোন এই কাতি বিহুটোক যেন কিছু পৰিমাণে ম্লান পেলাইছে শাৰদীয় দুৰ্গোৎসৱে। কিয়নো পূজা বুলি সকলোৰে মন উলহ-মালহেৰে ভৰি আছে আৰু সকলোৱে পুজা মণ্ডপতে আহি ভিৰ কৰিছেহি।

Apply Now

এই সম্পৰ্কে আমি কথা পাতিছিলো মহানগৰ গুৱাহাটীৰে এগৰাকী সমাজ সচেতন ব্যক্তি তথা লেখক ৰফিউল হুছেইন বৰুৱাৰ সৈতে। তেওঁ নৰ্থ ইষ্ট নাওৰ আগত কয় যে বৰ্তমানৰ আন্তৰ্জাতিক মেৰপাক আৰু সাম্ৰাজ্যবাদী ভাৰতীয়ৰ মেৰপাকৰ ফলস্বৰূপে অসমৰ পৰম্পৰাগত ঐতিহ্য আৰু সংস্কৃতি ভয়ানক বিপদৰ সন্মুখীন হৈছে।

ইয়াৰোপৰি তেওঁ কয় ‘কাতি বিহু অসমৰ সাৰ-পানী-মাটিৰ আধাৰত প্ৰতিষ্ঠিত। অসমৰ মানুহে যুগ যুগান্তৰ ধৰি এই বিহু উদযাপন কৰি আহিছে। কিন্তু বৰ্তমানৰ ৰংচঙীয়া যি পৰিস্থিতি, সেই পৰিস্থিতি অসমৰ মানুহখিনিয়ে নিজৰ শিপাডাল সম্পূৰ্ণৰূপে এৰুৱাই আনৰ মূলৰ সৈতে হাত মিলাবলৈ যোৱাৰ বাবে নিজক পাহৰি পেলোৱাৰ উপৰিও নিজৰ ঐতিহ্য পৰম্পৰা পাহৰি পেলাইছে। কাতি বিহুৰ ক্ষেত্ৰতো সেই একেই কথা আহি পৰিছে।‘

আন এগৰাকী সচেতন ব্যক্তি ৰাজকুমাৰ বৈশ্যই এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নৰ্থ ইষ্ট নাওৰ আগত কয় ‘পূজাৰ সময়ত বহুতে কাতি বিহুৰ কথা পাহৰিয়েই গৈছে। আগতে ২-৩ দিন আগৰ পৰা মহানগৰীৰ বজাৰসমূহত ধানৰ থোক, ৰবাব টেঙা অথবা কাতি বিহুৰ বাবে প্ৰয়োজনীয় অন্যান্য সামগ্ৰী ক্ৰয় কৰিবৰ বাবে গ্ৰাহক আহি থাকিছিল।‘

তেওঁ লগতে কয় ‘আমাৰ জাতীয় উৎসৱসমূহৰ বিষয়ে আমি কিমান সচেতন সেইটো আমাৰ নিজৰ ওপৰতে নিৰ্ভৰ কৰিব। দুৰ্গা পূজা আমাৰ জাতীয় উৎসৱ নহয়, এই উৎসৱ বেলেগৰ পৰা আমদানিকৃত। পৃথিৱীৰ একমাত্ৰ এটা জাতিয়েই আছে, যি দৰিদ্ৰতাৰ বাবে উৎসৱ পাতে। সেইটোৱেই হৈছে অসমীয়াৰ কাতি বিহু।

দুৰ্গা পূজাৰ উচ্ছাস উন্মাদনাই মৰমৰ বাপতি-সাহোন কাতি বিহুক গ্ৰাস কৰি পেলোৱা বুলি একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে নিজৰ ৱালত আজি পোষ্ট কৰিছে। এইসকলৰ মাজৰে  নিপেন চেতিয়া এগৰাকী নামৰ ফেচবুক ব্যৱহাৰকাৰীয়ে  লিখিছে এইদৰে ‘পুঁজিবাদী ধামখুমীয়া আৰু ধৰ্মীয় আগ্ৰাসনত বিহুৱে মৌলিকতা হেৰুৱাই বিলুপ্তিৰ পথলৈ গতি কৰিছে। তথাপিও বিহু কৃষকৰেই আৰু কৃষকেই ধৰি ৰাখিব। কাতি বিহুৱেই যেন সকলোৰে আগতে হেৰাই যাব বিচাৰিছে দুৰ্গা পূজাত মাতাল হ’বলৈ আৰম্ভ কৰা অসমীয়াৰ হাততেই। কাতি বিহু কঙালী হ’লেও দুৰ্গা পূজাত এতিয়াৰ অসমীয়াসকল অভিজাত।

কাতি মাহত কৃষকৰ ভৰাঁল উদং হৈ পৰে আৰু অভাৱ অনাতনে কৃষক ৰাইজক হেঁচি ধৰে। ইয়াৰোপৰি শৰতৰ বতৰত বিভিন্ন কীট-পতংগই  খেতি-পথাৰৰ শস্যসমূহত অনিষ্ট সাধন কৰে। সেয়েহে কৃষকসকল সজাগ হৈ পৰে আৰু শস্যৰ নিৰাপত্তাৰ বাবে বিভিন্ন বিধি বিধান কৰে। কাতি বিহুৰ দিনাই কৃষক তথা ঘৰৰ লখিমীয়ে খেতি-পথাৰত চাকি-বন্তি জ্বলোৱাৰ এক পৰম্পৰা অতীজৰে পৰা চলি আহিছে।

আনহাতে, কাতি বিহুৰ দিনা তুলসী পুলি ৰোপণ কৰাৰো এক পৰম্পৰা আছে।

চলিত বছৰত পূজাৰ উল্লাস-উন্মাদনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ মহানগৰীৰ বিহুৰ বজাৰতো কিছু পৰিমাণে প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা গৈছে। মহা নৱমীৰ দিনা কাতি বিহু হোৱাৰ বাবেই এইবাৰ পূজাৰ মণ্ডপসমূহতকৈ বজাৰত ভিৰ কম হোৱা দেখিবলৈ পোৱা নাই। যোৱাবছৰ মহানগৰৰ দুখন বিশেষ বজাৰ— বেলতলা আৰু গণেশগুৰি বজাৰত ধানৰ থোক, ৰবাব টেঙা কিনিবৰ বাবে গ্ৰাহকে ভিৰ কৰিছিল যদিও এইবছৰ সেই ভিৰ দেখিবলৈ পোৱা নাই। কাৰণ এইবছৰ মহানগৰবাসী সম্পূৰ্ণৰূপে ব্যস্ত হৈ আছে শাৰদীয় দুৰ্গোৎসৱ উদযাপনত।

আনহাতে, কাইলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত শাৰদীয় দুৰ্গোৎসৱ চলি থকাৰ মাজতে বাপতিসাহোন কাতি বিহু উদযাপন কৰিব বুলি জানিব পৰা গৈছে। অসমৰ মধ্যমণি নগাওঁ জিলাৰ লগতে নামনি অসমৰ বিভিন্ন জিলাত কাতি বিহুৰ দিনা আবেলি পথাৰত টেঙা খোৱাৰ এক পৰম্পৰা বহু বছৰ ধৰি চলি আহিছে।

তথাপি আমদানিকৃত কিছুমান উৎসৱৰ বাবে বাপতি-সাহোন বিহুটো ম্লান পৰি যাব নেকি? সেই প্ৰশ্ন কৰিছে সচেতন মহলে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd