• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৩ অক্টোবৰত অসম বন্ধৰ আহ্বান ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ; নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা

কথামতে অসমলৈ নহাকৈ বিধেয়কৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ওলাইছে যুটীয়া সংসদীয় সমিতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 21, 2018 4:32 pm
গুৱাহাটীৰ চানমাৰিস্থিত হোটেল অলংকাৰত সংবাদমেলত ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ।

গুৱাহাটীৰ চানমাৰিস্থিত হোটেল অলংকাৰত সংবাদমেলত ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২৩ অক্টোবৰ আৰু ১৬ ১৭ নৱেম্বৰত কৃষক মুক্তিকে ধৰি ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ অসম বন্ধৰ আহ্বান

অহা ২৩ অক্টোবৰৰ দিনা যুটীয়া সংসদীয় সমিতিয়ে প্ৰতিশ্ৰুতি মতে, পুনৰবাৰ অসমলৈ শুনানিৰ বাবে নাহি কেবিনেটৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব বিচৰা বুলি অভিযোগ তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনে।

Apply Now

অসমলৈ পুনৰবাৰ শুনানিলৈ আহিম বুলি কৈ নহাকৈ যুটীয়া সংসদীয় কমিটীয়ে সিদ্ধান্ত ল’ব বিচৰা বাবে উক্ত দিনটোত ১২ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনে।

আজি চানমাৰিস্থিত হোটেল অলংকাৰত ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই যৌথ সভা অনুষ্ঠিত কৰি তৎকালীনভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে অহা ১৬ আৰু ১৭ নৱেম্বৰৰ দিনাও অসমত সৰ্বাত্মকৰূপে যাতায়াত ব্যৱস্থা অচল কৰাৰ সিদ্ধান্ত লৈছে ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনে।

অহা ১৭ নৱেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-ৰ সমৰ্থনত হিন্দু বাঙালীৰ একত্ৰিত সংগঠন নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চই কোনো কাৰণতে যিকোনো সভা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি বৈঠকত উপস্থিত নেতৃবৃন্দই দাবী জনায়।

এই সন্দৰ্ভত আজি তৎকালীনভাৱে অসম চৰকাৰৰ মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰি ২৬টা বঙালী সংগঠনৰ সমাৱেশ বন্ধ কৰাৰ দাবী জনাব ৪২টা জাতি-জনগোষ্ঠীৰ সংগঠনে।

তদুপৰি অহা ১ নৱেম্বৰৰ দিনা অসম চৰকাৰক ইয়াৰ এক সু-স্পষ্ট সিদ্ধান্ত লোৱাৰ বাবে দাবী জনায় সংগঠনসমূহৰ নেতৃবৃন্দই। অন্যথা অহা ১৬-১৭ নৱেম্বৰত ৪৮ ঘণ্টীয়া প্ৰশাসন বন্ধ, জল-স্থল-বায়ু পৰিবহণ ব্যৱস্থা অচল কৰি দিয়াৰ হুংকাৰ দিয়ে। লগতে ব্যক্তিগত বাহনো বন্ধ ৰখাৰ আহ্বান, গুৱাহাটীত চিটিবাছ চলাচলো বন্ধ ৰাখিবলৈ দিয়াৰ লগতে OIL, ONGCৰ লগতে চাহপাতৰ কোম্পানিও বন্ধ কৰি ৰাখিবলৈ আহ্বান জনায়।

যদি চৰকাৰে উক্ত হিন্দু বঙালী সমাৱেশ বন্ধ নকৰে, তেন্তে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ’লে চৰকাৰৰ ফালৰ পৰা নিজাববীয়াকৈ সৃষ্টি কৰা বুলি ধৰি লোৱা হ’ব। লগতে অনাকাংক্ষিত পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলিও বৈঠকত ঘোষণা কৰা হয়।

আনহাতে ১৯৭১ চনৰ পূৰ্বে অসমৰ খিলঞ্জীয়া বঙালীসকলক উক্ত সমাৱেশত অংশগ্ৰহণ নকৰাৰ বাবে অনুৰোধ জনাই তেওঁলোকলৈ চিঠি প্ৰেৰণ কৰিব।

আজি অনুষ্ঠিত উক্ত বৈঠকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ অখিল গগৈ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, তাই আহোম ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ আদিবাসী ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মটক ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, আমছু, অনুসূচিত জাতি ছাত্ৰ সন্থা, অনুসূচিত জাতি যুৱ পৰিষদ,  তাই আহোম যুৱ পৰিষদ, আহোম সেনা, বাঘ সেনা, অবড়ো সুৰক্ষা সমিতি, অসমীয়া যুৱ মঞ্চকে, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সদৌ অসম গৰীয়া মৰীয়া যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম অসমীয়া মিঞা পৰিষদ, যুঁজাৰু দি ফাইটাৰকে ধৰি ৪২টা সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd