নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ সমৰ্থনত ২৭ টাকৈ বঙালী সংগঠনে অহা ১৭ নবেম্বৰত গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ লোৱা গণ সমাবেশ কাৰ্যসূচীক তীব্ৰ গৰিহনা দিছে ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা আৰু শিৱসাগৰ জিলা তাই আহোম ছাত্ৰ সন্থাই।
শিৱসাগৰ জিলা সমিতিৰ সম্পাদক নিপন বৰুৱা আৰু ডিমৌ আঞ্চলিকৰ সম্পাদক সুমিত কুমাৰ সন্দিকৈয়ে আজি এক প্ৰেছ বিবৃতিযোগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰশাসনে কিহৰ যুক্তিত উক্ত বঙালী সংগঠনক সমূহক নাগৰিকত্ব বিধেয়কৰ সমৰ্থনত গণসমাৱেশ অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিলে বুলি প্ৰশ্ন কৰে।
প্ৰেছ বিবৃতিটোৰ জৰিয়তে ‘অসমৰ বায়ু-পানী-মাটি সেৱন কৰি অসমৰ খিলঞ্জীয়াক সন্মান কৰি ব্যৱসায় কৰাত কাৰো আপত্তি নাই, কিন্তু অসমত থাকি অসমীয়া খিলঞ্জীয়া জনগণৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰি অসমীয়া জনগণক অপমান কৰিব বিচাৰিলে কোনো কাৰণতে সহ্য কৰা নহ’ব’ বুলি ২৭টা বঙালী সংগঠনক আটাছুৱে সকীয়াই দিয়ে।
তদুপৰি ডিমৌ অঞ্চলত বসবাস কৰা বঙালী সমাজৰ প্ৰতিজন ৰাইজক ১৭ নৱেম্বৰত গণসমাৱেশত কোনো কাৰণত অংশগ্ৰহণ নকৰিবলৈও তেওঁলোকে কঠোৰভাৱে সকীয়াই দি ইয়াৰ অন্যথা তাই আহোম ছাত্ৰ সন্থাই ‘কঠোৰতকৈ কঠোৰ ব্যৱস্থা’ ল’বলৈ কুণ্ঠাবোধ নকৰিব বুলি সদৰী কৰে।