• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনক ‘তথাকথিত’ আখ্যা; অসম বন্ধৰ বিৰোধিতা অসম বিজেপিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2018 6:39 pm
2.4k
VIEWS
Share on FacebookShare on Twitter

আজি নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিত অসম বিজেপিয়ে ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে আহ্বান জনোৱা অহা ২৩ অক্টোবৰৰ অসম বন্ধৰ বিৰোধিতা কৰিছে। লগতে বন্ধৰ আহ্বান জনোৱা ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনক তথাকথিত সংগঠন আখ্যা দিছে।

প্ৰেছ টোকাটোত ভাৰতীয় জনতা পাৰ্টীৰ অসম শাখাই জনাইছে যে ২৩ অক্টোবৰত আহ্বান দিয়া বন্ধ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত, ৰাজ্য আৰু ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী।

কেৱল সেয়াই নহয়, বন্ধৰ আহ্বান দিয়া ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনক তথাকথিত সংগঠন বুলি আখ্যা দি বিবৃতিটোত কয়, “ৰাজ্যৰ তথাকথিত কেইবাটাও সংগঠনে আহ্বান জনোৱা এই বন্ধই প্ৰকৃত বাস্তৱক আন্ধাৰত ৰাখি অসমৰ ৰাজনৈতিক অধিকাৰৰ লগতে বৃহত্তৰ অসমীয়া সমাজৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনা বাংলাদেশীৰ ৰক্ষকসকলৰ হাততহে অসম গতোৱাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।”

টোকাটোত ‘বৃহত্তৰ অসমীয়া সমাজ’ আৰু ‘বাংলাদেশীৰ ৰক্ষক’ অংশকেইটা গুৰুত্বপূৰ্ণ।

মন কৰিব লগীয়া যে কেন্দ্ৰত থকা বিজেপি চৰকাৰে (হিন্দু) বাংলাদেশীক সংস্থাপন দিবলৈ ব্যৱস্থা কৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিয়েই অহা ২৩ অক্টোবৰত ‘বৃহত্তৰ অসমীয়া সমাজ’ৰ বিভিন্ন অংশক প্ৰতিনিধিত্ব কৰা বিভিন্নটা (মুঠ ৪৬টা) সংগঠনে এই অসম বন্ধৰ আহ্বান জনাইছে।

বিবৃতিটোত এনেকুৱা ষড়যন্ত্ৰ বিৰুদ্ধে ‘বৃহত্তৰ অসমীয়া সমাজ’খনক মাৰ বান্ধি থিয় হ’বলৈ আহ্বান জনোৱা হৈছে। অন্যথা বাংলাদেশী মূলৰ মুচলমানৰ হাতলৈ শাসনৰ বাঘজৰী যাবলৈ বেছিপৰ নালাগিব। এইদৰে কোৱা হয় টোকাটোত।

আনহাতে অতি তাৎপৰ্য্যপূৰ্ণভাৱে ‘ভাৰতবৰ্ষত কোনো হিন্দু কেতিয়াও বিদেশী হ’ব নোৱাৰে।‘ বুলিও টোকাটোত কোৱা হয়।

“কিন্তু বাংলাদেশৰ পৰা অহা হিন্দুকে ধৰি অন্যান্য ধৰ্মীয় সংখ্যালঘুসকলক কেৱল অসমতেই সংস্থাপিত কৰিব অথবা ইত্যাদি মনেসজা আৰু বাস্তৱ বহিৰ্ভূত, তথ্য আৰু ভিত্তিহীন বিষয় অসমত বিয়পাই দি ৰাইজক বিভ্ৰান্ত কৰা কাৰ্য্যক ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশে দুৰ্ঘোৰ বিৰোধিতা কৰিছে।” এইদৰে কোৱা হয় টোকাটোত।

এই কাৰণতে দলটোৱে অহা ২৩ অক্টোবৰত ৰাজ্যৰ ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিবলৈ আৰু ইয়াৰ প্ৰতি সঁহাৰি নজনাবলৈ অসমৰ সকলো ৰাইজ, ‘দল-সংগঠন’ক আহ্বান জনাইছে।

Recent News

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd