• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৪৬টা সংগঠনৰ আন্দোলনলৈ সমৰ্থন আগ বঢ়ালে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে

ভাবুকিৰ জৰিয়তে চৰকাৰে ফেচিষ্ট চৰিত্ৰ উদঙাই দিছে : তৰুণ গগৈ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 22, 2018 9:06 pm
নিজৰ চৰকাৰী বাসগৃহত সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

নিজৰ চৰকাৰী বাসগৃহত সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনবোৰে লোৱা অন্দোলনৰ কাৰ্য্যসূচীৰ প্ৰতি আমাৰ সমৰ্থন আছে। এই বিধেয়কখনেৰে বিজেপিয়ে অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে।”

আজি দিচপুৰৰ নিজৰ চৰকাৰী বাসভৱনত আয়োজন কৰা এখন সংবাদমেলত এইদৰে মন্তব্য কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। উল্লেখযোগ্য যে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত কাইলৈ অৰ্থাৎ ২৩ অক্টোবৰত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি মুঠ ৪৬টা জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে ‘অসম বন্ধ’ৰ আহ্বান জনাইছে।

Apply Now

ইপিনে এই ‘অসম বন্ধ’ বিফল কৰাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখন উঠি-পৰি লাগিছে বুলি চাৰিওফালে প্ৰচাৰ হৈ থকা দেখা গৈছে। আনকি কাইলৈ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা ৰখাৰ ক্ষেত্ৰতো ব্যৱসায়ীসকলক একপ্ৰকাৰ চৰকাৰে বাধ্য কৰাবলৈ চেষ্টা কৰা বুলি প্ৰচাৰ হোৱা দেখা গৈছে।

অসম চৰকাৰৰ এনে স্থিতিক সমালোচনা কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয়, “চৰকাৰে বন্ধ নামানিবলৈ আহ্বান জনাব পাৰে, কিন্তু এতিয়াৰ চৰকাৰে ভাবুকি প্ৰদান কৰা দেখা গৈছে। অসমৰ বুৰঞ্জীত চৰকাৰে এনে ধৰণে ভাবুকি দিয়া ঘটনা আগতে কেতিয়াও ঘটা নাছিল। এতিয়া বিজেপিয়ে ক্ষমতা পাই কাকো কেৰেপ নকৰে।”

লগতে এনে ভাবুকিৰ জৰিয়তে চৰকাৰে ফেচিষ্ট চৰিত্ৰ উদঙাই দিয়া বুলিও গগৈয়ে মন্তব্য কৰে।

উল্লেখ্য যে, কাইলৈৰ অসম বন্ধ ব্যৰ্থ কৰিবলৈ সকলো চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰী উপস্থিত থকাটো বাধ্যতামূলক কৰাৰ উপৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো খোলা ৰাখিবলৈ অসম চৰকাৰে নিৰ্দেশ দিয়া বুলি ছ’চিয়েল মিডিয়াৰ লগতে বিভিন্ন বাতৰি প্ৰতিষ্ঠানৰ বাতৰিটো প্ৰকাশ পাইছে। কাইলৈ ব্যৱসায়িক প্ৰতিস্থান বন্ধ ৰাখিলে ট্ৰেইড লাইচেন্স বাতিল হ’ব বুলিও বাতৰিটোত উল্লেখ আছে।

অৱশ্যে, এই ক্ষেত্ৰত ব্যৱসায়ীসকলৰ ট্ৰেইড লাইচেন্স বাতিল কৰাৰ কোনো নিৰ্দেশনা জাৰি হোৱা নাই বুলি অসম চৰকাৰৰ গৃহ বিভাগৰ উপ সচিব চিন্ময় ফুকনে নৰ্থ-ইষ্ট নাওৰ আগত স্পষ্ট কৰি দিয়ে।

আনহাতে, অগপৰ স্থিতিকো সমালোচনা কৰি তৰুণ গগৈয়ে কয়, বিধেয়কখনৰ সন্দৰ্ভত অসম গণ পৰিষদৰ নেতৃত্বই কালি যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালক মীৰাটলৈ গৈ সাক্ষাৎ কৰা কথাটো হাস্যকৰ।

“বিধেয়ক সন্দৰ্ভত সিদ্ধান্ত বিজেপি দলে ল’ব, জেপিচিৰ অধ্যক্ষই কি কৰিব? গতিকে অগপই অসমৰ ৰাইজক বুৰ্বক সজাবলৈহে জেপিচিৰ অধ্যক্ষক লগ ধৰিছেগৈ।”, গগৈয়ে কয়।

আজি এন আৰ চি সন্দৰ্ভতো মন্তব্য কৰে গগৈয়ে। তেওঁ পূৰ্বতে কোৱাৰ দৰে ২০১৪ আৰু ২০১৬ৰ নিৰ্বাচনৰ ভোটাৰ তালিকাত নাম থকা সকলোৰে নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ দাবী জনায়।

একেখন সংবাদমেলতে বিজেপি আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰাৰ সুযোগো ল’লে গগৈয়ে। কালি লালকিল্লাত মোদীয়ে পতাকা উত্তোলন কৰি সুভাষ চন্দ্ৰ বসুৰ আদৰ্শৰ বিষয়ে কোৱা প্ৰসংগত কয়, “বিজেপি-আৰ এছ এছৰ নিজৰ নেতা নাই বাবে এতিয়া তেওঁলোকে সুভাস চন্দ্ৰ বসু, চৰ্দাৰ বল্লভ ভাই পেটেলৰ কথা কয়।”

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd