• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ৪০টা নিকায়-নিগমত অধ্যক্ষ-উপাধ্যক্ষ নিযুক্তিত মুখ্যমন্ত্ৰীৰ অনুমোদন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 23, 2018 8:24 am
Sarbananda-Sonowal-Assam-CM-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিকে ধৰি মিত্ৰজোঁটৰ অসন্তুষ্ট নেতা-বিধায়কক সংস্থাপিত কৰাৰ লগতে আগন্তুক পঞ্চায়ত তথা লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ৪০ টা নিকায়- নিগমত অধ্যক্ষ আৰু উপাধ্যক্ষ পদত সোমবাৰে চৰকাৰে নিযুক্তি দিয়ে।

নতুনকৈ নিযুক্তি দিয়া এইসকলৰ মাজত অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক AEDCৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে। বিধায়কজনক কেবিনেট মৰ্যাদাৰে এই পদত নিযুক্তি দিয়া হৈছে।

Apply Now

একেদৰে কেবিনেট মৰ্যাদাৰে বি পি এফৰ ইমানুৱেল মুছাহাৰীক ক্ষুদ্ৰ উদ্যোগ উন্নয়নৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে। ক্ষুদ্ৰ উদ্যোগ উন্নয়নৰ উপাধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে অমল বৈশ্যক।

অসম গেছ কোম্পানীৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে বিজেপি বিধায়ক বলীন চেতিয়াক। তেওঁকো কেবিনেট মৰ্যাদাৰে নিযুক্তি দিয়া হৈছে। তদুপৰি, অসম গেছ কোম্পানীৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ইন্দ্ৰ গগৈক।

কেবিনেট মৰ্যাদাৰে মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে বিধায়ক ৰমাকান্ত দেউৰীক। নৱ বৈশ্যক মীন উন্নয়ন নিগমৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে।

বিধায়ক অশোক সিংঘলক কেবিনেট মৰ্যাদাৰে জি এম ডি এৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। জি এম ডি এৰ উপাধ্যক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছে মুকুতা ডেকাক।

বিধায়ক আমিনুল হক লস্কৰক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাৰে অসম সংখ্যালঘু উন্নয়ন নিগমৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে। সংখ্যালঘু উন্নয়ন নিগমৰ উপাধ্যক্ষ নিযুক্তি দিয়া হৈছে আমিদুৰ ৰহমানক।

একেদৰে বিধায়ক ডাঃনোমল মমিনক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাৰে নগৰ পানীযোগান ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। নগৰ পানীযোগান ব’ৰ্ডৰ উপাধ্যক্ষ নিযুক্তি দিয়া হৈছে নীৰেন বৈশ্যক।

বিধায়ক গুৰুজ্যোতি দাসক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাৰে অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। অনুসূচিত জাতি উন্নয়ন নিগমৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে স্বপন মণ্ডলক।

একেদৰে, ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাৰে বিধায়ক অশ্বিনী ৰয় সৰকাৰক অন্যান্য পিছপৰা জাতি উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। অন্যান্য পিছপৰা জাতি উন্নয়ন নিগমৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে গায়ক কৃষ্ণমণি চুতীয়াক।

বিধায়ক দীপক ৰাভাক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাৰে আৰ্টফেডৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে। আৰ্টফেডৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ৰূপা কামানক।

অসম বীজ নিগমৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে অগপৰ প্ৰবীণ হাজৰিকাক। ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে অলক ঘোষক।

অশোক বাট্টা ৰয়ক পৰিবহণ নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। পৰিবহণ নিগমৰ উপাধ্যক্ষৰ দায়িত্ব হৰিচৰণ বড়োক অৰ্পন কৰা হৈছে। দিগন্ত ঘাটোৱাৰক অৰ্পন কৰা হৈছে ৰাজ্যিক ৱেৰ হাউছ নিগমৰ অধ্যক্ষৰ দায়িত্ব। ৱেৰ হাউছ নিগমৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ৰুমী গোস্বামীক।

সেইদৰে, অমিয় বৰাক অসম চাহ নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ লগতে সীমাঞ্চল দীঘালক অসম চাহ নিগমৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে।

আনহাতে, অগপ নেতা বুবুল দাসক ট্ৰেড প্ৰমোশ্যন অৰ্গেনাইজেশ্যনৰ অধ্যক্ষ নিযুক্তি দি ইয়াৰে উপাধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে দিলীপ দাসক।

অৱসৰপ্ৰাপ্ত মুখ্য সচিব টি ৱাই দাসক ষষ্ঠ বিত্ত আয়োগৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ লগতে  আন এগৰাকী প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰচেনিয়াক APDCL, APGCL, AEGCLৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে।

লংকী ফাংছ’ক পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ নিগমৰ অধ্যক্ষ নিযুক্তি দিয়াৰ লগতে বনানি কেম্প্ৰাইক পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ নিগমৰ উপাধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে।

ছ’নু ৰয়ক খনি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ পদত নিযুক্তি দিয়াৰ লগতে শিৱাজী ডুবেক হাইড্ৰ’ কাৰ্বন এনাৰ্জি কোম্পানীৰ উপাধ্যক্ষৰ দায়িত্ব, কমল ডেকাক প্লেনটেশ্যন কৰ্প’ৰেশ্যনৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে।

APGCLৰ সঞ্চালকৰূপে নিযুক্তি ৪জন বিজেপি নেতাক নিযুক্তি দিয়া হৈছে। তেওঁলোক হ’ল  নিত্যভূষণ দে’, শংকৰ দাস, অনুপ সিং ৰাজপুৰোহিত আৰু ভৱেন শৰ্মা।

আনহাতে, APDCLৰ সঞ্চালক হিচাপে প্ৰদীপ ঠাকুৰীয়া আৰু তৰুণ বৰুৱা মৰাণক নিযুক্তি দিয়া হৈছে। AEGCLৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে মহেন্দ্ৰ কোঁৱৰ, হেমচন্দ্ৰ দলে আৰু অদ্যুত্‍ ফুকনক।

একেদৰে সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ সঞ্চালকৰূপে ৪জনক নিযুক্তি দিয়া হৈছে। তেওঁলোক হ’ল আব্দুল সুভান, মতিউৰ ৰহমান, তবিবুৰ ৰহমান আৰু ৰহিম জিব্ৰান‍।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd