• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ হিটলাৰী ভাবুকি কামত নাহিল, এনেকুৱা বন্ধ কেতিয়াও হোৱা নাছিল : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 23, 2018 6:20 pm
Akhil Gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“এয়া অভূতপূৰ্ব, এনেকুৱা সৰ্বাত্মক অসম বন্ধ কেতিয়াও হোৱা নাছিল। বিশেষকৈ গুৱাহাটী মহানগৰীত ব্যাপক ৰূপত বন্ধ পালন হ’ব পাৰে, এই কথা মানুহে কেতিয়াও ভাবিবই পৰা নাছিল।” আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটি ভিডিঅ’ত এই মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

তেওঁ লগতে কয়, “চৰকাৰৰ হিটলাৰী ভাবুকি কামত নাহিল, অসমৰ জনগণে প্ৰমাণ কৰি দিলে যে তেওঁলোকে কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয়।”

Apply Now

আনহাতে, আজিৰ বন্ধটো ৪৬টা সংগঠনৰ বন্ধ নাছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয়, “এই বন্ধটো গোটেই অসমীয়া জাতিটোৰ ক্ষোভৰ বহিঃপ্ৰকাশ। চৰকাৰৰ বিশ্বাসঘাতকতাৰ বিৰুদ্ধে এই প্ৰতিবাদ। সেয়েহে অসমবাসী ৰাইজে স্ব-প্ৰণোদিতভাৱে বন্ধ পালন কৰিলে।”

লক্ষণীয়ভাৱে গুৱাহাটীৰ মালিগাঁৱৰ বাংলাভাষী লোকসকলেও তথা ফাঁচি বজাৰৰ ব্যৱসায়ীসকলেও ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি ব্যাপক ৰূপত প্ৰতিবাদলৈ সঁহাৰি দিছে বুলি ভিডিঅ’টোত উল্লেখ কৰে। তেওঁ লগতে উক্ত ব্যৱসায়ী তথা বাংলাভাষী লোকসকলক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই বন্ধ পালন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰোপৰি তেওঁ কয়, “গৃহিণীসকলে তেওঁলোকৰ মানুহজনক বাহিৰলৈ ওলাই যাব দিয়া নাই, গাড়ী চলাব দিয়া নাই, ড্ৰাইভাৰসকলে গাড়ী চলোৱা নাই, মালিকসকলে গাড়ী বন্ধ ৰাখছে, পে’ট্ৰল পাম্পসমূহ বন্ধ ৰাখিছে। তেওঁলোককো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো।”

আনহাতে, অসম চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মবিৰতি পালন কৰা কৰ্মচাৰীসকলক গগৈয়ে উক্ত ভিডিঅ’ৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে।

তদুপৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে হ’ব পৰা ক্ষতিসমূহৰ বিষয়ে উক্ত ভিডিঅ’টোত উল্লেখ কৰি তেওঁ কয় “এই বিধেয়ক গৃহীত হ’লে ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশী লোক অহাৰ দুৱাৰ মুকলি হ’ব। তাৰ ফলত অসমীয়া খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ নাইকিয়া হ’ব। প্ৰত্যেকটো সমষ্টিত ডেৰ লাখ ডেৰ লাখ হিন্দু বাঙলাদেশী ভোটাৰ হ’ব, তেতিয়া বিধানসভা, লোকসভাৰ সমষ্টিৰ লগতে পঞ্চায়তো অসমৰ অসমীয়াৰ হাতত নাথাকিব।”

তেওঁ লগতে কয়, “বিধেয়কখন গৃহীত হ’লে অসমীয়াৰ হাতত অৰ্থনৈতিক অধিকাৰ নাথাকিব আৰু কৃষ্টি-সংস্কৃতি সকলো নিঃশেষ হৈ যাব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd