• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুপস্থিত কৰ্মচাৰীৰ বিৰুদ্ধে যদি অনুশাসনমূলক ব্যৱস্থা লয় আমি উচিত যুক্তিসহ থিয় দিম : বাসৱ কলিতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 23, 2018 9:20 pm
Karmachari

২৩ অক্টোবৰৰ বন্ধৰ দিনটোত সচিবালয়ৰ সন্মুখৰ দৃশ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাজ্যৰ ৪৬টা সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ পৰিপ্ৰেক্ষিতত অফিচলৈ আহিব নোৱৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত ব্যৱস্থা লোৱা হ’ব বুলি যি বাতৰি ওলাইছে সেই সন্দৰ্ভত আজি কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই কয়, “তেনে কৰিলে আমি কৰ্মচাৰীসকলৰ হৈ চৰকাৰৰ ওচৰত উচিত যুক্তিসহ থিয় দিম।”

উল্লেখযোগ্য যে আজিৰ বন্ধৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বিভাগসমূহৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল চৰম অসুবিধাৰ সন্মুখীন হয়। কাৰণ প্ৰশাসনৰ ফালৰ পৰা ৰাজ্যখনৰ পঞ্চায়ত পৰ্যায়লৈকে সকলো চৰকাৰী কাৰ্যালয়তে কৰ্মচাৰীসকলৰ উপস্থিতি বাধ্যতামূলক কৰা হৈছিল। বন্ধৰ দিনা কাৰ্যালয়ত উপস্থিত নথকা কৰ্মচাৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনা জাৰি কৰিছিল।

Apply Now

এই নিৰ্দেশনা জাৰি কৰিছিল যদিও বিশেষকৈ বিষয়া-কৰ্মচাৰীসকলক কাৰ্য্যালয়লৈ আহিবৰ বাবে চৰকাৰ অথবা প্ৰশাসনে কোনো বিশেষ বাহনৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল।

গতিকে দূৰণিবটীয়া বিষয়া-কৰ্মচাৰীসকল আজিৰ দিনটোত কাৰ্য্যালয়ত উপস্থিত থাকিব নোৱৰাৰ বিপৰীতে চৰকাৰী বাছেৰে আহিব লগীয়া হোৱাত কিছু সংখ্যক কৰ্মচাৰী বহু পলমকৈ উপস্থিত হয়হি কাৰ্য্যালয়ত।

দিচপুৰ সচিবালয়ৰ কিছুসংখ্যক কৰ্মচাৰীক কিয় পলম হোৱা বুলি সোধাত তেওঁলোকে যাত্ৰীবাহী বাহনৰ অভাৱ বুলি কয়। তেওঁলোকে লগতে কয় যে চৰকাৰী নিৰ্দেশনা আছে যিহেতু পলমকৈ হ’লেও কাৰ্য্যালয়ত উপস্থিত হ’বলৈ চেষ্টা কৰিছে।

আনহাতে, কিছুসংখ্যক কৰ্মচাৰী খোজ কাঢ়িয়েই দিচপুৰ সচিবালয়লৈ অহাও দেখিবলৈ পোৱা যায়।

এই সম্পৰ্কত নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই কয়, “বন্ধটো সম্পূৰ্ণ সফল হৈছে, সকলোৱে বন্ধটো সুন্দৰভাৱে পালন কৰিছে। যিহেতু আজি গাড়ী-মটৰ নাই, তেনেস্থলত কিছুসংখ্যক কৰ্মচাৰী অসুবিধাত পৰি কাৰ্য্যালয়ত উপস্থিত থাকিব পৰা নাই। যদি চৰকাৰে উপস্থিত থাকিব নোৱৰা কৰ্মচাৰীসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে আমি সেই প্ৰশ্নবোৰ চৰকাৰৰ ওচৰত উত্থাপন কৰিম।”

তেওঁ লগতে কয়, “গাওঁ অঞ্চলত থকা অথবা কাৰ্য্যালয়ৰ পৰা দূৰত থকা লোকসকলে আহিবলৈ গাড়ী-মটৰ পোৱা নাই, কাৰোবাক হয়তো বন্ধ সমৰ্থকসকলে কাৰ্য্যালয়লৈ যোৱাত বাধাও দিব পাৰে। যদি উক্ত কৰ্মচাৰীসকলৰ প্ৰতি চৰকাৰে শাস্তিমূলক ব্যৱস্থা লয়, আমি সময়োচিতভাবে গোটেই কথাখিনি চৰকাৰক অৱগত কৰিম।”

তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ঘোৰ বিৰোধী বুলি আমাক জানিবলৈ দিয়াৰ উপৰি কয়, “আজিৰ এই বন্ধটো আমি সমৰ্থনো কৰা নাই, বিৰোধিতাও কৰা নাই।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd