দেওবাৰে তিনিচুকীয়া জিলাৰ শদিয়া উপ-সংমণ্ডলত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু হয়। জানিব পৰা মতে তিনিচুকীয়া বৰমূৰা গাঁৱৰ সুখেশ্বৰ দাস আৰু মদন বিশ্বাসে ব্ৰহ্মপুত্ৰৰ মচুণ্ডৰি চাপৰিত খেৰ সংগ্ৰহ কৰিবলৈ যাওঁতে এটা বৃহৎ বনৰীয়া হাতীৰ দলে আক্ৰমণ কৰে। যাৰ ফলত লোক দুজনৰ থিতাতে মৃত্যু হয়।
এজন বন বিষয়াই কয়, ‘স্থানীয় লোকে আমাক দুজন লোকক বনৰীয়া হাতীয়ে গছকি মৰা বুলি খবৰ দিয়াত আমি তৎক্ষণাত ঘটনাস্থলীলৈ ৰাওনা হওঁ আৰু লোক দুজনৰ মৃত দেহক মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰো। লোক দুজন খাদ্যৰ সন্ধানত ধাননি পথাৰলৈ ওলাই অহা ২৫-৩০ জনীয়া এটা বনৰীয়া হাতীৰ দলৰ সৈতে মুখামুখি হয় আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ পলোৱাৰ চেষ্টা কৰিছিল যদিও হাতীৰ দলটোৰ উপৰ্যুপৰি আক্ৰমণত তেওঁলোকৰ থিতাতে মৃত্যু হয়।’
মন কৰিব লগীয়া যে যোৱা কিছু দিনৰে পৰা শদিয়া উপ-সংমণ্ডলত হাতী-মানুহৰ সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। যোৱা এমাহতে দুটা পৃথক ঘটনাত বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে।
মনিকুন্তল দাস নামৰ এজন গাঁও বাসীয়ে কয়, ‘বনৰীয়া হাতীয়ে হাবিৰ পৰা ওলাই আহি আমাৰ গাওঁসমূহত তাণ্ডৱ চলোৱাৰ ফলত আমি যোৱা কেইবামাহ ধৰি নিশা উজাগৰে পাৰ কৰিব লগীয়া হৈছে। বছৰটোত বানপানীয়ে এবাৰ জুৰুলা কৰাৰ পিছত এতিয়া আমি বনৰীয়া হাতীৰ উপদ্ৰৱৰ সন্মুখীন হ’ব লগীয়া হৈছে।’
উল্লেখযোগ্য যে বনাঞ্চল সমূহত বাঢ়ি অহা বেদখলে হাতীৰ বাসস্থান সংকুচিত কৰি অহাৰ ফলত ক্ৰমান্বয়ে হাতী মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে।