নেপালৰ পৰ্যটন বিভাগে অংগচ্ছেদিত আৰু অন্ধ লোকৰ বাবে বিশ্বৰ সৰ্বোচ্চ শৃংগটোৰ আৰোহণ নিষিদ্ধ কৰিছে। শাৰিৰীকভাৱে বাধাগ্ৰস্ত লোকসকলৰ বাবে মাউণ্ট এভাৰেষ্ট আৰোহণ সদায়ে প্ৰেৰণাৰ এক উৎস হিচাপে পৰিগণিত হৈ আহিছিল।
পৰ্যটন বিভাগৰ বিষয়ববীয়াই কাঠমাণ্ডুত জনোৱা অনুসৰি এভাৰেষ্ট অঞ্চলত মৃত্যু সংখ্যা হ্ৰাস কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে আজিলৈকে মুঠ ২৯ গৰাকী বাধাগ্ৰস্ত লোকে এভাৰেষ্ট বগোৱাৰ চেষ্টা কৰিছে আৰু তাৰে ১৫ গৰাকী লোক এই শৃংগ আৰোহণত সফলো হৈছে।
কিন্তু টমাছ ৱেবাৰ আৰু ফুৰ য়েম্বা চেৰ্পা নামৰ দুজন শাৰিৰীকভাৱে বাধাগ্ৰস্ত প্ৰখ্যাত পৰ্বতাৰোহীয়ে ক্ৰমে ২০০৬ আৰু ২০১৪ চনত এভাৰেষ্ট আৰোহণত প্ৰাণ হেৰুৱাব লগীয়া হৈছিল। তাৰোপৰি বিশেষভাৱে সক্ষম ১ ডজনতকৈ অধিক পৰ্বতাৰোহীয়ে এই শৃংগ আৰোহণৰ সময়ত হয় প্ৰাণ হেৰুৱাইছে নহয় সন্ধানহীন হৈছে।
নতুনকৈ ঘোষিত নিয়ম অনুসৰি এভাৰেষ্ট যাত্ৰাৰ সময়ত বিশেষভাৱে সক্ষম পৰ্বতাৰোহী সকলৰ সৈতে এজন পৰ্বত গাইড (চেৰ্পা) থাকিব লাগিব। তাৎপৰ্যপূৰ্ণভাৱে আফগানিস্তানত এক বিস্ফোৰণত ২০১০ চনত দুয়োটা ভৰি হেৰুৱা হৰি বুদ্ধ মগৰ নামৰ এজন প্ৰাক্তন বৃটিছ গোৰ্খা সৈন্যই নেপাল চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰিছে।
বিশ্বৰ প্ৰথম আঁঠুৰ ওপৰলৈকে দুয়ো ভৰি নোহোৱা এভাৰেষ্ট আৰোহী হোৱাৰ লক্ষ্যৰে মগৰে প্ৰস্তুতি চলাই আছিল। নিজৰ ফেচবুক পৃষ্ঠাত তেওঁ কয় যে, ‘মোক নিষিদ্ধ নহয়, নেপালে মোক লৈ গৌৰৱ কৰা উচিত। চৰকাৰে যিয়েই সিদ্ধান্ত নকৰক কিয় মই এভাৰেষ্ট বগামেই।’
ইয়াৰ পূৰ্বে পৰ্বতাৰোহী সকলৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা ৭৬ বছৰ কৰাৰ বাবে বিভিন্ন পৰ্বতাৰোহী সংস্থাই চৰকাৰক পৰামৰ্শ দি আহিছিল। এই দাবীটো উঠিছিল অক্সিজেনৰ অভাৱত এই বছৰৰ মে’ত এজন ৮৫ বছৰীয়া পৰ্বতাৰোহীয়ে এভাৰেষ্টত প্ৰাণ হেৰুৱাব লগীয়া হোৱাৰ পিছত।
২০১৫ চনৰ ভূমিকম্পৰ পিছত এভাৰেষ্টৰ উচ্চতা হ্ৰাস পাইছে বুলি ওলোৱা অনিশ্চিত প্ৰতিবেদন সমূহৰ পিছত নেপালৰ সৈতে যুটীয়াভাৱে এভাৰেষ্টৰ পুনৰ মাপ লোৱাৰ বাবে ভাৰতে দিয়া প্ৰস্তাৱ নেপালে প্ৰত্যাখান কৰাৰ সময়তে ঘোষিত হৈছে এই নিষেধাজ্ঞা।