• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনীতিৰ আদি গুৰুক গুচাই শিলচৰ দখলৰ কচৰৎ বিজেপিৰ শিলাদিত্যৰ!

শিলাদিত্য দেব আছিল শিলচৰৰ প্ৰবীণ বিজেপি নেতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ ব্যক্তিগত সচিব। পুৰকায়স্থৰ নতুন দিল্লীস্থিত আৱাসৰ চাঁদৰ এটা সৰু কোঠাৰ পৰাই নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল হোজাইৰ বিধায়ক শিলাদিত্যই।

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2018 7:29 pm
Amid 'Chowkidar'ism, Assam BJP MLA still remains classic

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শিলাদিত্য দেব। ছবি- ফে’চবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক জীৱনৰ আদি গুৰু, প্ৰবীণ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ স্থানত অহা লোকসভা নিৰ্বাচনত শিলচৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰস্তুতি চলাইছে হোজাইৰ বিধায়ক শিলাদিত্য দেবে।

যোৱা নিৰ্বাচনত মোদী ঢৌৰ মাজতো ‘পৰিয়ালৰ সমষ্টি’ নিজৰ কব্জাত ৰাখিবলৈ সক্ষম হোৱা শক্তিশালী সুস্মিতা দেবৰ প্ৰতিদ্বন্দ্বীৰূপে অসমত বাঙালীৰ ৰক্ষাকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হোৱা শিলাদিত্য দেবকে প্ৰথম পচন্দৰ প্ৰাৰ্থী হিচাপে ৰাখিছে দলৰ শীৰ্ষ নেতৃত্বই।

Apply Now

নৰ্থ ইষ্ট নাও-ৰ আগত এই বিশেষ ৰাজনৈতিক ‘খবৰ’টো প্ৰকাশ কৰিছে বিজেপিৰ নতুন দিল্লীস্থিত এক উচ্চস্তৰীয় সূত্ৰই।

শিলচৰত ৩৫ শতাংশ মুছলমানৰ ভোটৰ বিপৰীতে নিৰ্ণায়ক ভূমিকা লৈ আহিছে হিন্দু বাঙালীৰ ভোটে। ’১৪ৰ নিৰ্বাচনত নিজৰ দীৰ্ঘকালৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী সন্তোষ মোহন দেবৰ কন্যা সুস্মিতাৰ হাতত পৰাজিত হৈছিল গেৰুৱা দলটোৰ প্ৰবীণ নেতা কবীন্দ্ৰ পুৰকায়স্থ।

পুৰকায়স্থৰ পুত্ৰ তথা কাছাৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক কনদ পুৰকায়স্থও শিলচৰ সমষ্টিৰ টিকেটৰ দাবীদাৰ যদিও সূত্ৰটোৰ মতে তেওঁতকৈ দলৰ শীৰ্ষ নেতৃত্বৰ অধিক পচন্দৰ প্ৰাৰ্থী শিলাদিত্য। যোৱা বিধানসভা নিৰ্বাচনতো বৰখলা সমষ্টিত বিজেপিৰ টিকেট বিচাৰি বিমুখ হৈছিল কনদ পুৰকায়স্থ।

হিন্দু বাঙালীৰ মাজত পুৰকায়স্থ-পুত্ৰতকৈ শিলাদিত্য অধিক পৰিচিত হোৱাৰ উপৰি হোজাইৰ বিধায়কজনৰ কাৰণে শিলচৰ খুবেই চিনাকি সমষ্টি। শিলাদিত্য দেব আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পুৰকায়স্থৰ ব্যক্তিগত সচিব।

সূত্ৰটোৰ মতে বয়সৰ ফালৰ পৰাও ৯০ গৰকিবলৈ মাত্ৰ ৩টা বছৰ থকা পুৰকায়স্থৰ পৰিৱৰ্তে অহা লোকসভাত টিকেট প্ৰত্যাশীৰ দৌৰত আগবাঢ়ি আছে হোজাইৰ বিধায়ক শিলাদিত্য।

৮০ৰ ঊৰ্ধ্বৰ নেতাসকলক পৰ্য্যায়ক্ৰমে আঁতৰোৱাৰ এক অলিখিত নীতি অনুসৰণ কৰিছে মোদী-শ্বাহ নেতৃত্বাধীন দলটোৱে। লালকৃষ্ণ আদৱানি, মুৰলি মনোহৰ যোশীৰ দৰে প্ৰতিষ্ঠাপক নেতা বৰ্তমানো সাংসদ হৈ আছে যদিও তেওঁলোক এতিয়া কাৰ্য্যতঃ প্ৰভাৱহীন। ২০১৪ চনৰ মে’ত শাসনলৈ অহাৰ ৩ মাহৰ ভিতৰতে মোদী-শ্বাহ নেতৃত্বাধীন বিজেপিয়ে দলৰ প্ৰতিষ্ঠাপক ত্ৰিমূৰ্তি বাজপেয়ী-আদৱানি-যোশীক সংসদীয় সমিতিৰ পৰিৱৰ্তে ‘মাৰ্গ দৰ্শক মণ্ডলী’ত স্থান দিছিল।

পুৰকায়স্থৰ নতুন দিল্লীস্থিত আৱাসৰ চাঁদৰ এটা সৰু কোঠাৰ পৰাই নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল হোজাইৰ বিধায়ক শিলাদিত্যই।

এতিয়া ৰাজনীতিৰ কালচক্ৰত নিজৰ ৰাজনৈতিক জীৱনৰ গুৰুৰ আসনেই দখল কৰিবলৈ আগবাঢ়িছে হোজাইৰ বিধায়কজনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am
ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd