• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদালতত প্ৰতীক হাজেলাৰ ভয়ংকৰ অভিযোগ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে : যোগান ধৰা নাছিল বিদেশী ন্যায়াধিকৰণে দিয়া তথ্য

ক্ৰমে অধিক স্পষ্ট হৈছে চৰকাৰ আৰু প্ৰতীক হাজেলাৰ সংঘাত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2018 2:25 pm
NRC: Assam Jamiat, AAMSU demands punishment for 'false objection' petitioners

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক লৈ চৰকাৰ আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ মাজৰ সংঘাত ক্ৰমে অধিক স্পষ্ট হৈছে। শেহতীয়াকৈ পোহৰলৈ আহিল চৰকাৰৰ বিৰুদ্ধে প্ৰতীক হাজেলাৰ ভয়ংকৰ অভিযোগ। উচ্চতম ন্যায়ালয়ত দিয়া শপতনামাত প্ৰতীক হাজেলাই জনাইছে যে ৰাজ্য চৰকাৰে যদি বিদেশী ন্যায়াধিকৰণে দিয়া তথ্যবোৰ যোগান ধৰিলে হেঁতেন এন আৰ চিৰ কাম অধিক নিখুঁততাৰ সৈতে কৰিব পৰা গ’ল হেঁতেন।

হাজেলাৰ এই ভাষ্যত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে। কিয়নো এন আৰ চিৰ কাম কৰোৱা বুলি সংবাদ মাধ্যমৰ আগত কৃতিত্ব দাবী কৰি থকা চৰকাৰখনে বিদেশীৰ নাম এন আৰ চিত সোমোৱাৰ বাট ইচ্ছা কৰিয়েই মুকলি ৰখাৰ দৰে হ’ল। ইফালে ইয়াৰ বিপৰীতে চৰকাৰৰ নিজৰ মানুহেই এন আৰ চিৰ কামত ‘বিদেশী’ নিয়োজিত হৈ থকা বাবেই বিদেশীৰ নাম সোমাইছে বুলি সংবাদ মাধ্যমৰ আগত ৰাজহুৱাভাৱে কৈ আহিছে।

Apply Now

তথ্যবোৰ নোপোৱাৰ কথা শপতনামাত উল্লেখ কৰে। এই সন্দৰ্ভত তেওঁ মৰিগাওঁ জিলাৰ এজন ব্যক্তি, যাৰ নাম বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা সত্ত্বেও এন আৰ চিৰ খচৰাত সোমাইছিল, তেওঁৰ উদাহৰণ দিয়ে। তেওঁ কয় যে বিদেশী ন্যায়াধিকৰণে বিদেশী অৰ্ডাৰৰ কপিবোৰ অসম চৰকাৰৰ মুখ্য সচিবলৈ আৰু গৃহ বিভাগলৈ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰিছিল।

“বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশটো সাক্ষ্যদিওঁতা (হাজেলা)ৰ জ্ঞাত নাছিল। এই নিৰ্দেশটো সাক্ষ্যদিওঁতা (হাজেলা)ৰ সৈতে ৰাজ্য চৰকাৰে ‘শ্বেয়াৰ’ কৰা নাছিল। অন্যথা সাক্ষ্য দিওঁতাই চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ পূৰ্বে অধিক ভালকৈ নিৰীক্ষণৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছিল।”, নিজৰ শপতনামত হাজেলাই ন্যায়ালয়ক কয়।

নিজৰ শপতনামাত তেওঁ আগষ্টৰ চতুৰ্থ সপ্তাহতহে বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশটোৰ বিষয়ে অৱগত হোৱা বুলি কয়।

ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে এন আৰ চিৰ কৃতিত্ব দাবী কৰি থকা আৰু বিদেশীক টালি-টোপোলা বান্ধিবলৈ বাধ্য কৰিম বুলি কৈ থকা চৰকাৰখনে প্ৰকৃততে গোটেই বিষয়টোত এটা ৰহস্যজনক নমনীয়তা দেখুৱাইছে।

নিজৰ দায়িত্বহীনতাৰ বিপৰীতে এন আৰ চিত খেলিমেলিৰ কথা আহিলেই সৰ্বদোষ হাজেলাৰ গাত জাপি দিয়াৰ চেষ্টা কৰি আহিছে চৰকাৰে। ইয়াৰ ফলতে অৱশেষত হাজেলাই ন্যায়ালয়ৰ মজিয়াত চৰকাৰৰ স্বৰূপ উদঙাবলৈ বাধ্য হ’ল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm
নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm
নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd