আজিৰ পৰা আৰম্ভ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআয়ে আয়োজন কৰি অহা ভাৰতৰ প্ৰথম শ্ৰেণীৰ আটাইতকৈ ডাঙৰ তথা সন্মানীয় ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জি ট্ৰফী । প্ৰথমবাৰৰ বাবে দেশৰ ৩৭টা দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনত আজি ঝাৰখণ্ডৰ বিৰুদ্ধে অসমে নিজৰ প্ৰথমখন মেচত অৱতীৰ্ণ হৈছে।
উল্লেখ্য যে অসমৰ তাৰকা পেচবলাৰ আবু নেচিম আৰু কৃষ্ণ দাসৰ অনুপস্থিতিত অংশগ্ৰহণ কৰা অসম দলে আজিৰ মেচত পোনতে টছত জয়ী হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।
অধিনায়ক অমিত সিনহাৰ নেতৃ্ত্বত ঝৃষভ দাস, ৰিয়ান পৰাগ, শিৱশংকৰ ৰয়, ৱাছিৰুৰ ৰহমান, গকুল শৰ্মা, ৰঞ্জিৎ মালী, মুখতাৰ হুছেইন, অৰুপ দাস, পল্লৱ কুমাৰ দাস আৰু ৰাহুল সিঙে আজিৰ পৰা আৰম্ভ হোৱা মেচখনৰ মূল একাদশত স্থান লাভ কৰে।
উল্লেখ্য যে বিজয় হাজাৰে ট্ৰফী প্ৰতিযোগিতাত ধাৰাবাহিকভাৱে শোচনীয় প্ৰদৰ্শন আগবঢ়োৱা অসমে ৰঞ্জি ট্ৰফীত উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ’ব বুলি অসমৰ ক্ৰিকেটপ্ৰেমীয়ে আশা প্ৰকাশ কৰিছে।
আনহাতে বিগত ৰঞ্জি ট্ৰফীতকৈ এইবাৰৰ ৰঞ্জি ট্ৰফী কিছু সুকীয়া। কিয়নো এইবাৰৰ প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে উত্তৰ-পূবৰ ছয়টা দলে অংশ লৈছে। ৰঙা বলেৰে প্ৰথমবাৰলৈ প্ৰত্যাহ্বান জনাবলৈ সাজু হোৱা উত্তৰ-পূবৰ দল কেইটা হৈছে মণিপুৰ, অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিম, নাগালেণ্ড আৰু মেঘালয়।
লক্ষ্যণীয়ভাৱে উত্তৰ-পূবৰ এইকেইটা দলে অসমৰ বিভিন্ন স্থানত নিজৰ নিজৰ ৰঞ্জি ট্ৰফীৰ মেচত অংশ ল’ব।