• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৃথক বৰাক দাবী নহয়, ‘ভাবুকি’ দিছো: বিজেপি নেতা

যোৱা ২৪ জুলাইত খোদ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দত্ত ৰয়ৰ সৈতে শিলচৰৰ আৱৰ্ত ভৱনত এক বৈঠকত মিলিত হৈছিল। এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দুদিন পূৰ্বে যোৱা ২৮ জুলাইত দত্ত ৰয় আৰু শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তপোধীৰ ভট্টাচাৰ্য্যক গুৱাহাটীত এক বৈঠকৰ বাবে আমন্ত্ৰণ কৰিছিল কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গাউবাই।

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
November 1, 2018 6:41 pm
Dutta-Roy

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে প্ৰদীপ দত্ত ৰয়। ফাইল ছবি।

354
VIEWS
Share on FacebookShare on Twitter

বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কক লৈ ‘পৃথক বৰাক’ৰ দাবী তোলা বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ে এইবাৰ ইয়াক ‘দাবী’ নহয় ‘ভাবুকি’ বুলি নৰ্থ ইষ্ট নাও-ত স্পষ্টীকৰণ দিছে।

“মই অসমৰ পৰা বৰাক উপত্যকাক পৃথক কৰিবলৈ মঙলবাৰে সংবাদমেল পাতি দাবী কৰা নাই; তাৰ পৰিৱৰ্তে ই এটা ভাবুকিহে,” নৰ্থ ইষ্ট নাও-ক জনালে বৰাকৰ বিজেপি নেতাজনে।

তেওঁৰ এই ‘বিবৃতি’ সোণোৱাল চৰকাৰকো জনাইছে বুলি মন্তব্য কৰিছে সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ (ACKHSA) প্ৰতিষ্ঠাপক সভাপতিজনে।

“মই চৰকাৰকো এই বিবৃতি দাখিল কৰিছো। মই নিজৰ কাৰণেই এই কথা কোৱা নাই যে বৰাক উপত্যকাক পৃথক কৰিব লাগে। কেৱল হিন্দু বাঙালীৰ প্ৰতি ঘৃণা আৰু বিদ্বেষে মোক এই কথা ক’বলৈ বাধ্য কৰিছে,” দত্ত ৰয়ৰ মন্তব্য।

তেওঁ লগতে কয় যে অসমত থকাৰ কাৰণেই যদি বাঙালীসকলে ভাবুকিৰ সন্মুখীন হ’ব লগা হয়, তেন্তে বৰাক উপত্যকা পৃথক হোৱাই যুগুত।

আনহাতে আলফা তথা খিলঞ্জীয়া মঞ্চৰ নেতা মৃণাল হাজৰিকাই তেওঁক ‘দালাল’ বোলাৰ প্ৰত্যুত্তৰৰূপে দত্ত ৰয়ে হাজৰিকাকহে ‘বাংলাদেশৰ দালাল’ৰূপে অভিহিত কৰিছে।

কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া এই নেতাজন বৰ্তমান দলটোৰ কোনো পদবীত নথকা সত্ত্বেও বৰাকত অত্যন্ত প্ৰভাৱশালী। যোৱা ২৪ জুলাইত খোদ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দত্ত ৰয়ৰ সৈতে শিলচৰৰ আৱৰ্ত ভৱনত এক বৈঠকত মিলিত হৈছিল আৰু তেওঁক ‘পৃথক বৰাক’ৰ দাবী পৰিহাৰ কৰা বাবে অনুৰোধ জনাইছিল।

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দুদিন পূৰ্বে যোৱা ২৮ জুলাইত দত্ত ৰয় আৰু শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তপোধীৰ ভট্টাচাৰ্য্যক গুৱাহাটীত এক বৈঠকৰ বাবে আমন্ত্ৰণ কৰিছিল কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গাউবাই। পিছে প্ৰকাশিত খবৰ অনুসৰি অজ্ঞাত কাৰণত বৈঠকখন হোৱা ‘নাছিল’।

Recent News

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd