• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথক বৰাক দাবী নহয়, ‘ভাবুকি’ দিছো: বিজেপি নেতা

যোৱা ২৪ জুলাইত খোদ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দত্ত ৰয়ৰ সৈতে শিলচৰৰ আৱৰ্ত ভৱনত এক বৈঠকত মিলিত হৈছিল। এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দুদিন পূৰ্বে যোৱা ২৮ জুলাইত দত্ত ৰয় আৰু শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তপোধীৰ ভট্টাচাৰ্য্যক গুৱাহাটীত এক বৈঠকৰ বাবে আমন্ত্ৰণ কৰিছিল কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গাউবাই।

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
November 1, 2018 6:41 pm
Dutta-Roy

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে প্ৰদীপ দত্ত ৰয়। ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কক লৈ ‘পৃথক বৰাক’ৰ দাবী তোলা বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ে এইবাৰ ইয়াক ‘দাবী’ নহয় ‘ভাবুকি’ বুলি নৰ্থ ইষ্ট নাও-ত স্পষ্টীকৰণ দিছে।

“মই অসমৰ পৰা বৰাক উপত্যকাক পৃথক কৰিবলৈ মঙলবাৰে সংবাদমেল পাতি দাবী কৰা নাই; তাৰ পৰিৱৰ্তে ই এটা ভাবুকিহে,” নৰ্থ ইষ্ট নাও-ক জনালে বৰাকৰ বিজেপি নেতাজনে।

Apply Now

তেওঁৰ এই ‘বিবৃতি’ সোণোৱাল চৰকাৰকো জনাইছে বুলি মন্তব্য কৰিছে সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ (ACKHSA) প্ৰতিষ্ঠাপক সভাপতিজনে।

“মই চৰকাৰকো এই বিবৃতি দাখিল কৰিছো। মই নিজৰ কাৰণেই এই কথা কোৱা নাই যে বৰাক উপত্যকাক পৃথক কৰিব লাগে। কেৱল হিন্দু বাঙালীৰ প্ৰতি ঘৃণা আৰু বিদ্বেষে মোক এই কথা ক’বলৈ বাধ্য কৰিছে,” দত্ত ৰয়ৰ মন্তব্য।

তেওঁ লগতে কয় যে অসমত থকাৰ কাৰণেই যদি বাঙালীসকলে ভাবুকিৰ সন্মুখীন হ’ব লগা হয়, তেন্তে বৰাক উপত্যকা পৃথক হোৱাই যুগুত।

আনহাতে আলফা তথা খিলঞ্জীয়া মঞ্চৰ নেতা মৃণাল হাজৰিকাই তেওঁক ‘দালাল’ বোলাৰ প্ৰত্যুত্তৰৰূপে দত্ত ৰয়ে হাজৰিকাকহে ‘বাংলাদেশৰ দালাল’ৰূপে অভিহিত কৰিছে।

কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া এই নেতাজন বৰ্তমান দলটোৰ কোনো পদবীত নথকা সত্ত্বেও বৰাকত অত্যন্ত প্ৰভাৱশালী। যোৱা ২৪ জুলাইত খোদ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দত্ত ৰয়ৰ সৈতে শিলচৰৰ আৱৰ্ত ভৱনত এক বৈঠকত মিলিত হৈছিল আৰু তেওঁক ‘পৃথক বৰাক’ৰ দাবী পৰিহাৰ কৰা বাবে অনুৰোধ জনাইছিল।

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দুদিন পূৰ্বে যোৱা ২৮ জুলাইত দত্ত ৰয় আৰু শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তপোধীৰ ভট্টাচাৰ্য্যক গুৱাহাটীত এক বৈঠকৰ বাবে আমন্ত্ৰণ কৰিছিল কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গাউবাই। পিছে প্ৰকাশিত খবৰ অনুসৰি অজ্ঞাত কাৰণত বৈঠকখন হোৱা ‘নাছিল’।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd