• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোক যদি গ্ৰেপ্তাৰ কৰে তাৰ কি বাৰ্তা খিলঞ্জীয়া মানুহলৈ যাব পাৰে, সেইটো প্ৰশাসনে জানে : মৃণাল হাজৰিকা

মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ; আৰক্ষীৰ জিম্মাত নিদিলে আদালতে : গাড়ীৰ আগত পৰি আদালতলৈ নিয়াত বাধা সমৰ্থকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 2, 2018 6:09 pm
Mrinal-Hazarika
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালিৰ তিনিচুকীয়াৰ খেৰবাৰীৰ হত্যাকাণ্ডই সমগ্ৰ অসমজুৰি উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰি থকাৰ সময়তে আজি পাণ বজাৰ আৰক্ষীয়ে আলোচনাপন্থী আলফা মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে আলফা নেতাজনে ৰাজহুৱাভাৱে উচটনিমূলক মন্তব্য আগ বঢ়োৱা বাবে থানাখনত আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছিল। এই সন্দৰ্ভত নেতাজনক পূৰ্বেও পাণবজাৰ থানাই সোধা-পোছাৰ বাবে মাতি নিছিল।

Apply Now

আজি নেতাজনক পাণবজাৰ আৰক্ষীয়ে পুনৰ সোধা-পোছাৰ বাবে মাতি নিয়ে আৰু কিছু সময়ৰ পূৰ্বে গ্ৰেপ্তাৰ কৰে।

জানিব পৰামতে, উচটনিমূলক মন্তব্যৰ অভিযোগত আলফা নেতাজনৰ বিৰুদ্ধে কোকৰাঝাৰৰ গোসাঁইগাঁও থানাত এটা গোচৰ ৰুজু হৈছিল। উক্ত 443/18নং গোচৰটো গীতানগৰ থানালৈ হস্তান্তৰ কৰা হৈছিল। তাৰ ভিত্তিতে আলফা নেতাজনক গ্ৰেপ্তাৰ কৰা হৈছে।

মন কৰিব লগীয়া যে আলফা নেতাজনক গ্ৰেপ্তাৰ কৰা-নকৰা সন্দৰ্ভত তেওঁক আৰক্ষীয়ে গাড়ীত তোলালৈকে নিশ্চিত কৰা নাছিল আৰক্ষীয়ে। তেওঁৰ বিৰুদ্ধে থকা অভিযোগ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত নেতাজনে কয়, “উচটনিমূলক মন্তব্য কোনে কৰি আছে অসমৰ ৰাইজে জানে।”

ইফালে গ্ৰেপ্তাৰ কৰা-নকৰা সন্দৰ্ভত সাংবাদিকৰ আগত আলফা নেতাজনে তাৎপৰ্য্যপূৰ্ম ইংগিত দি কয়, “মোক যদি গ্ৰেপ্তাৰ কৰে তাৰ কি বাৰ্তা খিলঞ্জীয়া মানুহলৈ যাব পাৰে, সেইটো প্ৰশাসনে জানে।”

আনহাতে পাণবজাৰ আৰক্ষীয়ে নেতাজনক আদালতত হাজিৰ কৰাবলৈ নিয়াৰ পথত বাধা দিয়ে খিলঞ্জীয়া মঞ্চ, অসম আৰু জাতীয় সেনাৰ কৰ্মীয়ে। আৰক্ষীৰ গাড়ীৰ আগত শুই পৰি বাধা দিয়াৰ চেষ্টা কৰৰ লগতে সমৰ্থকসকলে মৃণাল হাজৰিকাক বিনাচৰ্তে মুক্তি দিয়ক, মৃণাল হাজৰিকা জিন্দাবাদ আদি ধ্বনি দিয়ে।

লগতে তেওঁলোকে শিলাদিত্যক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি প্ৰশ্ন তোলে। “মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰা চৰকাৰে উচটনিমূলক মন্তব্য দিয়া শিলাদিত্য দেবক গ্ৰেপ্তাৰ কৰিব পৰা নাই। যিজন বাঙালী নেতাই ‘অসমীয়াক ঘৰে ঘৰে গৈ মাৰিম’ বুলি ভাবুকি দিছিল, সেইজনক গ্ৰেপ্তাৰ কৰিব পৰা নাই কি?” এইদৰে প্ৰশ্ন কৰে এজন সমৰ্থকে। সমৰ্থকসকলে ‘সৰ্বানন্দ সোণোৱালক জাতীয় খলনায়ক উপাধি দিছো’ বুলি কৈ গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনায়।

ইফালে আৰক্ষীয়ে ‘মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰা নাই’ বুলি তেওঁলোকক বিপথে পৰিচালিত কৰা বুলি কয়। “অন্যথা ইয়াত প্ৰতিবাদ কৰিবলৈ হাজাৰ হাজাৰ মানুহ গোট খালেহেঁতেন। আমাক এক গোট হ’ব নোৱৰাকৈ বিপথে পৰিচালিত কৰি থাকিল”, এজন সমৰ্থকে কয়।

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰসংগ টানি আনি কয়, “অসমীয়া মানুহৰ তেজে তেজে, সিৰে সিৰে আজি প্ৰতিবাদে গা কৰি উঠিছে। অসমীয়া মানুহ শান্ত হৈ নাথাকে।”

“আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিম, আমাক যদি জ্বলাই মাৰে মাৰক, গুলীয়াই মাৰে মাৰক। কিন্তু আমি প্ৰতিবাদ কৰিম।” এইদৰে কয় এজন সমৰ্থকে।

মৃণাল হাজৰিকাক আৰক্ষীৰ জিম্মাত নিদিলে আদালতে; ন্যায়িক জিম্মালৈ প্ৰেৰণ

শেহতীয়া বাতৰিমতে মৃণাল হাজৰিকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। পাণবজাৰ আৰক্ষীয়ে ৫ দিনৰ জিম্মাত বিচাৰিছিল হাজৰিকাক। কিন্তু আদলতে আলফা নেতাজনক আৰক্ষীৰ জিম্মাত দিবলৈ অস্বীকাৰ কৰে।

উচতনিমূলক মন্তব্যৰ অভিযোগত আলফা নেতাজনৰ বিৰুদ্ধে গোসাঁইগাঁৱত ৰুজু হৈছিল গোচৰ। আৰক্ষীয়ে গীতানগৰ থানালৈ হস্তান্তৰ কৰে উক্ত গোচৰটো। 443/18নং গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আলফা নেতাজনক।‍

ডিগবৈৰ সংবাদ দাতাৰ সংযোজন :

জিতেন দত্তক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত ডিগবৈত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ইপিনে আজি গুৱাহাটীৰ পৰা গৈ থকা অৱস্থাত গৌৰীসাগৰত আলফাৰ আলোচনাপন্থী নেতা জিতেন দত্তক আৰক্ষীয়ে আটক কৰাৰ পিছতে নেতাজনক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত ডিগবৈত প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও সংগঠনে।

২২টা সংগঠনে ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি জিতেন দত্তক মুকলি কৰি দিয়াৰ দাবী জনায়। লগতে উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগত বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰৰো দাবী কৰে প্ৰতিবাদকাৰীসকলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

September 1, 2026 5:39 pm
উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

September 1, 2026 5:39 pm
উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd