• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়াৰ খেৰবাৰীৰ ঘটনাক গৰিহণা মাজুলীৰ নাগৰিক সমাজৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
November 2, 2018 7:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ খেৰবাৰীত দুষ্কৃতিকাৰীয়ে পাঁচজনকৈ নিৰীহ লোকক শূন্য দূৰত্বৰ পৰা গুলীয়াই নিহত কৰাৰ ঘটনাক মাজুলী জিলাৰ নাগৰিক সমাজে গৰিহণা দিছে।

মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ সভাপতিত্বত আজি বিয়লি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এখন শান্তি সভাত অংশগ্ৰহণ কৰি নদীদ্বীপ জিলাখনৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, বাঙালী সমাজৰ নেতৃবৰ্গ, সাংবাদিক, জ্যেষ্ঠ নাগৰিক, শিক্ষাবিদ আদিয়ে এনে অমানৱীয় ঘটনাক নিন্দা কৰাৰ লগতে মৃতকৰ প্ৰতি সন্মান জনাই এক মিনিট মৌন প্ৰাৰ্থনা কৰে।

সভাত সৰ্বসন্মতিৰে গৃহীত এক প্ৰস্তাৱৰ জৰিয়তে মাজুলীবাসীৰ লগতে সমগ্ৰ অসমৰ জনসাধাৰণক বিভেদকামী শক্তিৰ বিৰুদ্ধে এক হৈ থিয় দিবলৈ আৰু  সাতামপুৰুষীয়া শান্তি-সৌহাদ্য আৰু ভাতৃত্ববোধৰ এনাজৰীডাল কোনোকাৰণতে যাতে বিঘ্নিত হ’ব নোৱাৰে, তাৰ প্ৰতি সজাগ-সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে।

মাজুলীৰ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত উপায়ুক্তদ্বয় নৰেণ দাস আৰু চিন্ময় নাথৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই শান্তি সভাত বিজেপি, কংগ্ৰেছ, গণশক্তি দল, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু, টাকাম মিছিং পৰিণ কেবাং, মাজুলী জিলা বেংগলী সমখজ বিকাশ সমিতি, অনুসূচিত জাতি ছাত্ৰ সন্থা, জিলা সাংবাদিক সন্থা, জ্যেষ্ঠ নাগৰিক সন্থা, পেন্সনাৰ্ছ সন্থা আদি ভালেকেইটা স্থানীয় নাগৰিক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

নাগৰিক সমাজৰ প্ৰতিনিধিসকলে কয় যে হত্যা-হিংসাই ৰাজ্যখনৰ কোনো ধৰণৰ উপকাৰ সাধিব নোৱাৰাৰ বিপৰীত এনে অবাঞ্চিত ঘটনাই সমাজ জীৱন বিষময় কৰাৰ লগতে জনসাধাৰণক ক্ষতিহে কৰিব।

তাৰোপৰি সভাই সকলোকে সংযমিতা ৰক্ষাৰ লগতে বিভিন্ন সামাজিক মাধ্যম তথা সংবাদ মাধ্যমতো যিকোনো ধৰণৰ প্ৰৰোচনামূলক, উচটনিমূলক তথা বিদ্বেষপূৰ্ণ বক্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd