শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পঞ্চবিংশতিতম কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহখনি আজিৰে পৰা ৬ নৱেম্বৰৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বালিপৰাত সংঘৰ তেজপুৰ জিলা শাখাৰ ব্যৱস্থাপনাত আৰু চাৰিদুৱাৰ আঞ্চলিক শাখাৰ সহযোগত অনুষ্ঠিত হ’ব।
বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ আই পদ্মপ্ৰিয়া ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া তথা প্ৰস্তুতি সম্পূৰ্ণ হোৱা অধিৱেশনখনৰ কাৰ্যক্ৰমণিকা অনুসৰি, প্ৰথম দিনা অৰ্থাৎ ৪ নৱেম্বৰৰ পুৱা ৫:০০ বজাত প্ৰাতঃপ্ৰসংগ, ৬:০০ বজাত জিলা সেৱাবাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণ কাৰ্যসূচী , ৭:৩০ বজাত বৃক্ষৰোপণ, ৮:৩০ বজাত নাম প্ৰসংগ, ৯:৩০ বজাত চিকিৎসা শিবিৰ উন্মোচন , ১০:১৫ বজাৰপৰা ক্ৰমে মূল তোৰণ উন্মোচন, ভোজনালয়ৰ দ্বাৰ উন্মোচন, প্ৰতিনিধি শিবিৰৰ দ্বাৰ উন্মোচন হ’ব ।
আনহাতে, ১১:০০ বজাত মূল মঞ্চ উদ্বোধন কৰিব জিলা উপায়ুক্ত মনোজ কুমাৰ ডেকাই । একেদৰে, ১১:১৫ বজাৰপৰা সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থ উন্মোচনী আৰু প্ৰতিযোগিতা উদ্বোধনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তীও উপস্থিত থাকিব।
উক্ত অনুষ্ঠানতেই স্মৃতিগ্ৰন্থ উন্মোচন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অশোক কুমাৰ বৰাই। সমান্তৰালভাৱে দিনৰ ১২:০০ বজাত সাহিত্য শাখাৰ মঞ্চ উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনে। দিনৰ ১:৩০ বজাত সংস্কৃতি শাখাৰ দ্বাৰ উন্মোচন কৰিব চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ।
বিয়লি ৩:০০ বজাৰপৰা সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় সেৱাবাহিনীৰ সাধাৰণ পৰিষদৰ সভাখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই শুভ উদ্বোধন কৰিব। সভাত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক সন্দিকৈ উপস্থিত থাকিব। অনুষ্ঠানত “ডেকাগিৰি” উন্মোচন কৰিব সংঘৰ যুটীয়া সম্পাদক ভৱকান্ত ডেকাই।
তদুপৰি, সন্ধিয়া ৫:০০ বজাৰপৰা অনুষ্ঠিতব্য দিহানাম প্ৰতিযোগিতাৰ উদ্বোধন কৰিব ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংহালে। অনুষ্ঠানৰ আটাইকেইটা দিনতেই ৰাজ্যৰ লগতে জিলা, অঞ্চলটোৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণ, সহায়-সহযোগিতা আদৰণি সমিতিয়ে কামনা কৰিছে।