ডিফু চহৰৰ একাংশ জুৱাৰীৰ পৰিয়ালৰ সদস্যই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বাধা প্ৰদান কৰাৰ লগতে ডিফু আৰক্ষী থানাৰ সন্মুখতেই তেওঁলোকৰ মোবাইল ফোনসমুহ ভাঙি পেলোৱাৰ ভাবুকি প্ৰদান কৰিছে। ডিফুত থকা এটা অবৈধ জুৱাৰ ঘাটীত দেৱালীৰ আগ দিনা ৬ নৱেম্বৰ মঙলবাৰে আৰক্ষীয়ে তালাচী চলোৱাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলক এইদৰে জুৱাৰীৰ পৰিয়ালৰ সদস্যই ভাবুকি প্ৰদান কৰে।
অৱশ্যে এটা শোচনীয় ঘটনাৰ পূৰ্বানুমান কৰি সাংবাদিকসকলে ঘটনাস্থলী ত্যাগ কৰাত এটা বেয়া পৰিস্থিতি সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিব পৰা গ’ল। আৰক্ষীয়ে দুটা জুৱাৰ ঘাটীৰ পৰা অতি কমেও ১৪জন জুৱাৰীক আটক কৰিছে। জুৱাৰ ঘাটী দুটাৰ এটা আছিল দিলাজিৰ এটা অটোৰিক্সা শ্ব’ ৰূম আৰু আনটো ঘাটী আছিল শিৱবাৰীৰ চিংথুৰ ক্লাব। অসম খেল আৰু জুৱা আইনৰ ধাৰা ১৪, ১৫, ১৬ আৰু ১৭ৰ অধীনত দুটা গোচৰ (২৩৫/১৮, ২৩৬/১৮) ৰুজু কৰা হৈছে।
উল্লেখ্য যে ডিফু চহৰৰ মাজ মজিয়াত, ডিফু চহৰ আৰক্ষী চকীৰ পৰা পৰা নাতিদূৰত থকা চিংথুৰ ক্লাব অবৈধ জুৱাৰ আড্ডাৰ বাবে কুখ্যাত। এই ক্লাবটো লোকদৃষ্টিত এটা ক্ৰীড়া ক্লাব কিন্তু দৰাচলতে ইয়াতেই দৈনিক লাখ লাখ টকাৰ জুৱা চলে। একাংশ স্থানীয় সাংবাদিক আৰু আৰক্ষীৰ লোকক নিয়মিতভাৱে উৎকোচ দি বাধাহীনভাৱে ইয়াতে জুৱাৰ আড্ডা চলাই অহা হৈছিল।