• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু মাজুলী জিলা প্ৰশাসন

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
November 8, 2018 7:18 pm
Panchayat-elections-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যিক নির্বাচনী আয়োগে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই যোৱা ৫ নৱেম্বৰৰ বিয়লি জিলাখনৰ অন্তৰ্গত পঞ্চায়তীৰাজ নিকায় সমূহত নিৰ্বাচনী আচৰণ বিধি জাৰি কৰে।

উপায়ুক্তগৰাকীয়ে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ বাবে পৃথকে জাৰি কৰা এই জাননীৰ জৰিয়তে মাজুলী জিলাৰ অন্তৰ্গত নৱগঠিত মাজুলী জিলা পৰিষদৰ সদস্য পদৰ ৪খন আসনৰ লগতে মাজুলী আৰু উজনি মাজুলী আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ২০খন আসন, ২০টা গাঁও পঞ্চায়তৰ সভাপতি পদ আৰু ২০০টা ৱাৰ্ড সদস্য পদৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া বিধিগত ভাৱে শুভাৰম্ভণি কৰে।

Apply Now

উপায়ুক্তই জাৰি কৰা জাননী অনুসৰি জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও পঞ্চায়তৰ সভাপতি আসনৰ বাবে ইচ্ছুক প্ৰাৰ্থী তথা সমৰ্থকে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ লগতে অহা ১৫ নৱেম্বৰৰ বিয়লি ৩ বজাৰ ভিতৰত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব।

একেদৰে গাঁও পঞ্চায়তৰ সদস্যৰ আসনৰ ইচ্ছুক প্ৰাৰ্থী তথা সমৰ্থকে মাজুলী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহৰ ক্ষেত্ৰত মাজুলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু উজনি মাজুলী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহৰ ক্ষেত্ৰত উজনি মাজুলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰি অহা ১৫ নৱেম্বৰৰ বিয়লি ৩ বজাৰ ভিতৰত সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিব লাগিব।

জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ অহা ১৬ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত উপায়ুক্তৰ কাৰ্যালয়ত পৰীক্ষা কৰা হ’ব। সেইদিনা একেসময়তে গাঁও পঞ্চায়ত সদস্যৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ পৰ্ব সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সম্পন্ন কৰা হ’ব।

আনহাতে, মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আৰু সময় হৈছে অহা ১৯ নৱেম্বৰৰ বিয়লি ৩ বজা। উল্লেখ্য যে অহা ৫ ডিচেম্বৰত ৰাজ্যৰ ১৬খন জিলাৰ লগতে মাজুলীতো অহা ৫ ডিচেম্বৰৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd