• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জে এম চি এইচ্ছত শিশুৰ অস্বাভাৱিক হাৰত মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে যোৰহাটত তিনিজনীয়া বিশেষজ্ঞৰ দল

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2018 1:05 pm
Jorhat-Medical-College-and-

যোৰহাট মেডিকেল কলেজ হাস্পাতাল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যোৱা ১ নৱেম্বৰৰ পৰা প্ৰায় ২০টি নৱজাতকৰ মৃত্যুৱে চিকিৎসালয়খনৰ লগতে সমগ্ৰ স্বাস্থ্য বিভাগটোৰ অৱস্থা সন্দৰ্ভত প্ৰশ্নবোধকৰ সৃষ্টি কৰাৰ পিছত ঘটনাটোৰ তদন্তৰ বাবে গুৱাহাটীৰ পৰা তিনিজনীয়া বিশেষজ্ঞৰ দল এটা যোৰহাটত উপস্থিত হৈছেগৈ।

অসম চৰকাৰৰ চিকিৎসা শিক্ষা সঞ্চালকৰ নেতৃত্বত যোৱা এই দলটো য়ুনেস্ক’ৰ এজন বিষয়ববীয়া আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশু চিকিৎসা বিশেষজ্ঞৰে গঠিত।

Apply Now

উল্লেখযোগ্য যে যোৱা ১ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰৰ ভিতৰত চিকিৎসালয়খনত ১৫টিকৈ কেঁচুৱাৰ মৃত্যু হৈছিল। কেৱল ৬ নৱেম্বৰৰ দিনটোতে ৬টিকৈ শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইপিনে কালিও দুটি শিশুৰ মৃত্যু হোৱা বুলি এটা সূত্ৰই জানিবলৈ দিছে।

মন কৰিব লগীয়া যে ৰাইজ আৰু দল-সংগঠনৰ হেঁচাত চিকিৎসালয়খনে নিজা ববীয়াকৈ এখন তদন্ত কমিটী গঠন কৰি শিশুৰ অস্বাভাৱিক হাৰৰ মৃত্যুৰ ঘটনা তদন্ত কৰাইছিল। চিকিৎসালয়খনৰে শিশুৰোগ বিভাগৰ মুৰব্বী ডাঃ প্ৰনৱজিৎ বিশ্বনাথৰ নেতৃত্বৰ ৬জনীয়া সদস্যৰে গঠিত কমিটীখনে খৰখেদাকৈ কালিয়েই প্ৰতিবেদন দিয়ে। কমিটীখনে ঘটনাটোৰ দায়সৰা প্ৰতিবেদনেৰে চিকিৎসালয় কৰ্তৃপক্ষ আৰু চিকিৎসক-নাৰ্ছৰ কোনো ভুল বা অৱহেলাৰ কথা উল্লেখ নকৰিলে। বৰং আটাইকেইটা ঘটনাত প্ৰসূতিসকলক পলমকৈ ভৰ্তি কৰোৱাটোক এটা কাৰণ হিচাপে দেখুওৱা হৈছে। আনটো কাৰণ উল্লেখ কৰা হৈছে শিশুৰ বিশেষ যতন গৃহৰ ঠাই আৰু সা-সৰঞ্জামৰ নাটনিক।

এই প্ৰতিবেদনৰ বিপৰীতে ভুক্তভোগী অভিভাৱক তথা মৃত শিশুকেইটিৰ মাক-দেউতাকে চিকিৎসালয়খনৰ বিৰুদ্ধে গুৰুতৰ অৱহেলা আৰু দায়িত্বহীনতাৰ অভিযোগ কৰিছে সংবাদ মাধ্যমৰ আগত। সময়ত চিকিৎসক-নাৰ্ছ নথকাত প্ৰসূতিগৃহৰ ভিতৰত অৱহেলিত প্ৰসূতি ছটফটাই থকাৰ কথাও অভিযোগত কোৱা হৈছে।

ইপিনে আছু, বীৰ লাচিত সেনা অসমকে ধৰি বিভিন্নটা দল-সংগঠনে এই ঘটনাৰ সঠিক তদন্ত কৰোৱাৰ দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

June 29, 2026 8:29 pm
কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

June 29, 2026 8:24 pm
খেলপথাৰৰ বাহিৰতো নেইমাৰৰ মানৱীয়তা! ভেনেজুৱেলাৰ ভূমিকম্প দুৰ্গতৰ সাহায্যৰ বাবে আগবঢ়ালে ২.৫ কোটি টকা

খেলপথাৰৰ বাহিৰতো নেইমাৰৰ মানৱীয়তা! ভেনেজুৱেলাৰ ভূমিকম্প দুৰ্গতৰ সাহায্যৰ বাবে আগবঢ়ালে ২.৫ কোটি টকা

June 29, 2026 8:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

June 29, 2026 8:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd