• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সন্মিলিত গণশক্তি’ৰ ৰং অচিৰেই গেৰুৱা হোৱাৰ দিশত; পঞ্চায়ত নিৰ্বাচন খেলিব বিজেপিৰ প্ৰতীকত

নৰ্থ-ইষ্ট নাও নিউজ by নৰ্থ-ইষ্ট নাও নিউজ
November 13, 2018 8:32 pm
BhabanPegu_RanojPegu

সন্মিলিত গণশক্তিৰ দুই প্ৰাক্তন নেতা মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিচিং জনগোষ্ঠীৰ মাজত যথেষ্ট প্ৰভাৱ থকা সন্মিলিত গণশক্তি নামৰ আঞ্চলিক দলটোৰ ৰং অচিৰেই গেৰুৱা হোৱাৰ দিশত। যদিও দলটো বিজেপিৰ সৈতে চামিল হোৱাৰ কথা কোৱা নাই, দলটোৱে বিজেপিৰ প্ৰতীকত আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো নিশ্চিত হৈছে। এই কথা নিশ্চিত কৰিছে বিজেপিৰ নিৰ্বাচনী ৰণকৌশলৰ ঘাই হোতা ড০ হিমন্ত বিশ্ব শৰ্মাই।

মন কৰিব লগীয়া যে দলটোৰ প্ৰতিষ্ঠাপক সভাপতি ডাঃ ৰণোজ পেগুৱে যোৱা বছৰ দলটো ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। তাৰ পিছৰ পৰাই দলটোত সবল নেতৃত্বৰ অভাৱ দেখা গৈছে।

Apply Now

আনহাতে দলটোৰ আন এজন নেতা ভুৱন পেগুৱেও যোৱাবাৰ জোনাই সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপেহে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিধায়ক নিৰ্বাচিত হৈছিল। নিৰ্দলীয় হিচাপে নিৰ্বাচিত হ’লেও ভুৱন পেগুক নিৰ্বাচনত গণশক্তিয়ে সমৰ্থন দিছিল। গণশক্তিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ নহ’লেও ভুৱন পেগুৰ দলটোৰ সৈতে এতিয়াও সুসম্পৰ্ক আৰু দলটোত প্ৰভাৱ আছে।

গতিকে বিজেপিৰ প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ গণশক্তিৰ যি সিদ্ধান্ত তাত ভুৱন পেগুৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

মন কৰিব লগীয়া কথাটো হ’ল, জোনাইৰ বিধায়কজন কংগ্ৰেছ চৰকাৰৰ দিনত অত্যন্ত সৰৱ হোৱাৰ পৰিৱৰ্তে এইখন চৰকাৰে বহুতো জনবিৰোধী কাম কৰি অহা সত্ত্বেও এষাৰো মাত দিয়া নাই ভুৱন পেগুৱে। বৰং সুযোগ বুজি চৰকাৰ আৰু সোণোৱালক প্ৰশংসাহে কৰা দেখা গৈছে। আনকি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধেও মাত এষাৰ দিয়া নাই বিধায়কজনে। ইপিনে বিগত দিনবোৰত বিধায়কজনক প্ৰায়ে দেখা গৈছে বিজেপিৰ সমাৱেশ, আঁচনি উদ্বোধনৰ কাৰ্য্যসূচীবোৰতো। আনকি কোনো কোনো সভাত তেওঁৰ ডিঙিত দেখা গৈছিল গেৰুৱা দলৰ প্ৰতীকযুক্ত গামোচা। লগতে মোদীৰ সমাৱেশৰ বাবে মানুহ যোগাৰৰ দায়িত্ব লোৱা বুলিও ভুৱন পেগুৰ বিৰুদ্ধে অভিযোগ আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে বিধায়কজনক এই ‘নতশিৰ’ স্থিতিৰ বাবেই হয়তো এইবাৰ চৰকাৰে শ্ৰেষ্ঠ বিধায়কৰ বঁটা আগ বঢ়াইছিল যোৱা এপ্ৰিল মাহত। গতিকে সন্মিলিত গণশক্তিৰ বৰ্তমানৰ নেতৃত্বক ভুৱন পেগুৱে বিজেপিৰ স্বাৰ্থৰ অনুকূলে পতিয়ন নিওৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে দলটোৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মী-সমৰ্থকে।

কৰ্মী-সমৰ্থকে দলটোৰ বিজেপিৰ সৈতে মিত্ৰতা থাকিলেও নিজৰ প্ৰতীকৰ পৰিৱৰ্তে বিজেপিৰ প্ৰতীকত নিৰ্বাচন খেলিবলৈ লোৱাটোক এক প্ৰকাৰৰ আত্মজাহ আখ্যা দিছে। এই সিদ্ধান্তই দলটো নিশ্চিহ্ন হোৱাৰ বাট মুকলি কৰিলে বুলি শংকা প্ৰকাশ কৰিছে তৃণমূল পৰ্য্যায়ৰ কৰ্মী-সমৰ্থকে।

মন কৰিব লগীয়া যে মিত্ৰ দল অগপই অকলে পঞ্চায়ত নিৰ্বাচন খেলিবলৈ আঁকোৰগোঁজ হৈ থকাত সংকটত পৰা দেখা গৈছে মিত্ৰ দল বিজেপিক।

নৰ্থ-ইষ্ট নাও নিউজ

নৰ্থ-ইষ্ট নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd