• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰদ্ধাঞ্জলি কাননত প্ৰকাশন পৰিষদৰ প্ৰথম শিশু গ্ৰন্থ উৎসৱ আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2018 10:11 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া শিশু সাহিত্যৰ উত্তৰণ তথা শিশুসকলৰ মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰকাশন পৰিষদে প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা শিশু গ্ৰন্থ উৎসৱ আজি এক আড়ম্ভৰপূৰ্ণভাৱে উদ্বোধন কৰা হয়।

গুৱাহাটীৰ চিৰিয়াখানাৰ সন্মুখত থকা শ্ৰদ্ধাঞ্জলি কাননত আজি পুৱাৰ ভাগত অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক-সাহিত্যিক কনকসেন ডেকাই উদ্ধোধন কৰে এই শিশু গ্ৰন্থ উৎসৱ। অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উদ্বোধকৰ ভাষণ প্ৰসংগত কনকসেন ডেকাই কয় যে অসমীয়া শিশু সাহিত্য তথা অসমীয়া শিশু আলোচনীৰ চমু ইতিহাস দাঙি ধৰাৰ লগতে সুস্থ সামাজিক পৰিৱেশ ৰচনা তথা শিশুসকলক সৰুৰে পৰা উপযুক্ত শিক্ষা প্ৰদানত গুৰুত্ব আৰোপ কৰা দৰকাৰ।

Apply Now

অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সাহিত্যিক, বিজ্ঞানী ড০ দীনেশ চন্দ্ৰ গোস্বামী আৰু বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়েও সময়ৰ সৈতে ৰজিতা খোৱাকৈ শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে বিশুদ্ধতাৰে তথা বিষয়বস্তুৰে শিশু সাহিত্যত মনোনিৱেশ কৰিবলৈ লেখকসকলক আহ্বান জনায়। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই শিশু গ্ৰন্থ উৎসৱৰ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰসংগত শিশু সাহিত্যৰ বিকাশৰ বাবে অসম প্ৰকাশন পৰিষদে গ্ৰহণ কৰা পদক্ষেপসমূহ বিৱৰণ দাঙি ধৰে।

প্ৰকাশন পৰিষদে মূল্যৱান শিশু গ্ৰন্থসমূহৰ পুনৰ মুদ্ৰণ তথা ভিন্ন বিষয়ৰ শিশু গ্ৰন্থ প্ৰকাশৰ বাবে উদ্যোগত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। শিশু গ্ৰন্থ উৎসৱৰ আজি উদ্বোধনী অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক, কবি শিশু সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকাৰ ‘মইনাৰ মৌ কবিতা’ আৰু প্ৰতিভাৱান লেখক, কবি তথা অনুবাদক ড০ প্ৰাণজিৎ বৰাৰ ‘আমাৰে মইনা ঐ ঐ টোপনি যাব’ গ্ৰন্থ দুখন ক্ৰমে ড০ দীনেশ চন্দ্ৰ গোস্বামী  আৰু অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালক গীতিমণি ফুকনে উন্মোচন কৰে।

এই অনুষ্ঠানতে ‘আমাৰে মাইনা ঐ ঐ টোপনি যাব’ গ্ৰন্থৰ প্ৰণেতা ড০ প্ৰাণজিৎ বৰাই তেওঁৰ গ্ৰন্থ প্ৰণয়ন সম্পৰ্কে অনুভৱ ব্যক্ত কৰে। উদ্ধোধনী অনুষ্ঠানৰ প্ৰাৰম্ভতে সা ৰে গা মা স্কুল অব প্ৰফেশ্যনেল মিউজিক, আছাম’ৰ ছাত্ৰ-ছাত্ৰীসকলে এটি সমবেত সংগীত পৰিবেশন কৰে।

সভাৰ শেষত উদ্বোধনী অনুষ্ঠানৰ সভাপতি সুমন্ত চলিহাই সভাপতিৰ ভাষণ প্ৰসংগত অসমীয়া শিশু সাহিত্যৰ বিকাশৰ বাবে লেখকসকলে ল’বলগীয়া সাৱধানতা তথা ভাষাৰ শুদ্ধতাৰ বিষয়ে উল্লেখ কৰে। দুপৰীয়া ‘ক’ (পঞ্চম মানৰ পৰা অষ্টম মানলৈ) শাখা আৰু খ (নৱম মানৰ পৰা দ্বাদশ মানলৈ) শাখাত চিত্ৰাংকণ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাৰ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ‘ক’ শাখাত স্বাতী মেধি, স্বাক্ষী প্ৰিয়ম্বদা, কংকনা নাথে আৰু খ শাখাত শ্ৰুতি মেধি আৰু দেৱাংগনা শৰ্মা পাঠকে একাদিক্ৰমে প্ৰথমকেইটা স্থান লাভ কৰে।

ইফালে চিত্ৰাংকণ প্ৰতিযোগিতাত ক শাখাত জিণ্টি বৰ্মনে প্ৰথম, ছালমা হকে দ্বিতীয়, বংকিম পাঠক আৰু দীক্ষিতা লহকৰ (যৌথভাৱে তৃতীয়) আৰু খ শাখাত দেৱিকা শৰ্মাই প্ৰথম আৰু মিণ্টুমণি দাসে দ্বিতীয় স্থান লাভ কৰে। বিয়লি অনুষ্ঠিত ছাত্ৰ-ছাত্ৰীসকলৰ স্ব-প্ৰতিভা বিকাশ অনুষ্ঠান ‘মুকুতাৰ ৰং-বিৰং’ উদ্বোধন কৰে বিশিষ্ট শিশু সাহিত্যিক হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে।

শিশু গ্ৰন্থ উৎসৱৰ কাইলৈৰ কাৰ্য্যসূচী

১৪ নৱেম্বৰত দিনৰ ১২ বজাৰ পৰা তৰ্ক আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

তৰ্কৰ বিষয় : সদনৰ মতে : ‘বলতকৈ বুদ্ধি শ্ৰেষ্ঠ (ক শাখা)

সদনৰ মতে : ‘অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ উত্তৰণেহে অসমীয়া ভাষাৰ উত্তৰণ ঘটাব’ (খ শাখা)।

বিয়লি ৩ বজাৰ পৰা শিশু আলোচনীৰ সম্পাদক, বাতৰি কাকতৰ বিভাগীয় সম্পাদকসকলৰ সৈতে লেখকৰ আলাপ অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ড০ বিজয়কৃষ্ণ দেৱশৰ্মাই।

বিয়লি ৪.৩০ বজাৰ পৰা শংকৰদেৱ শিশুকুঞ্জ, কাহিলিপাৰাৰ প্ৰগতি সাংস্কৃতিক বিকাশ কেন্দ্ৰ আৰু শৈশৱ শিক্ষানুষ্ঠানৰ দ্বাৰা সাংস্কৃতিক কাৰ্যক্ৰম পৰিৱেশিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd