• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শেনচোৱাত পাঁচ দিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ

মিণ্টু দাস by মিণ্টু দাস
November 15, 2018 7:22 pm
rasmela, sensowa.docx photo.jpg 2

শেনচোৱাৰ ৰাসমেলা। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আধুনিক অসমৰ জনক, নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাসক্ৰীড়া বা কেলিগোপাল নাট অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে নগাঁও জিলাৰ শেনচোৱাতো অনুষ্ঠিত হ’ব।

মহাপুৰুষগৰাকীৰ আদৰ্শ শিৰোগত কৰি শ্ৰীকৃষ্ণৰ গোপীসকলৰ প্ৰতি থকা জ্ঞানগৰ্ভ উপদেশ আৰু নিষ্কাম প্ৰেমক সজীৱ কৰি ৪১ বছৰ সফলতাৰে পালন কৰা বৃহত্তৰ শেনচোৱাবাসী ৰাইজে অহা ২১, ২২, ২৩, ২৪ আৰু ২৫ নৱেম্বৰত পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শেনচোৱা অমৰ বৰকাকতী হাইস্কুল খেলপথাৰত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ দিহা কৰিছে।

Apply Now

প্ৰকাশিত কাৰ্যসূচী অনুসৰি, ২১ নৱেম্বৰৰ সন্ধিয়া ভাগৱত স্থাপনেৰে সমগ্ৰ অনুষ্ঠানৰ শুভাৰম্ভ হোৱাৰ পিছত নিশা অনুষ্ঠিত হ’ব গন্ধৰ্ব বাদন। ২২ নৱেম্বৰৰ পুৱা প্ৰাতঃপ্ৰসংগৰ পিছতে পতাকা উত্তোলন, বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, দুপৰীয়া নাম প্ৰসংগ আৰু নিশা উদযাপন সমিতিৰ সাংস্কৃতিক বিভাগৰ পৰিচালনাত যুৱতী আৰু মহিলাসকলৰ দ্বাৰা কেলিগোপাল নাট পৰিৱেশন হ’ব।

বিশিষ্ট সমাজ সেৱক ভুৱনেশ্বৰ দাসে উদ্বোধন কৰিব লগীয়া অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। সেইদৰে ২৩ নৱেম্বৰৰ পুৱা প্ৰাতঃপ্ৰসংগ, দুপৰীয়া নামপ্ৰসংগ আৰু নিশা বিশিষ্ট পৰিচালক সৰ্বেশ্বৰ বৰুৱাৰ পৰিচালনাত অংকীয়া ভাওনা ‘জয়ধ্বজৰ ৰাজ্য লাভ’ পৰিৱেশন হ’ব। বিশিষ্ট লোক-সংস্কৃতিৰ গৱেষক তথা আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ সদানন্দ পায়েঙে উদ্বোধন কৰিব লগা অনুষ্ঠানটোত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

আনহাতে, ২৪ নৱেম্বৰৰ দুপৰীয়া নামপ্ৰসংগৰ পিছত নিশা  বিশিষ্ট পৰিচালক ৰাজদ্বীপ গোস্বামীৰ পৰিচালনাত নাট্যকাৰ মুনীন বৰুৱাৰ সামাজিক নাট ‘মহানায়ক’ মঞ্চস্থ হ’ব। নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গৌৰিশংকৰ দাসে উদ্বোধন কৰিবলগা নাটকখনৰ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা।

সেইদৰে কাৰ্যসূচীৰ অন্তিম দিনা পুৱা প্ৰাতঃপ্ৰসংগ, দুপৰীয়া নামপ্ৰসংগ আৰু নিশা যুৱকসকলৰ দ্বাৰা কেলিগোপাল নাট পৰিৱেশন হ’ব। এই অনুষ্ঠানত উদ্বোধক হিচাপে নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰ আৰু বিশিষ্ট অতিথি হিচাপে কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই উপস্থিত থাকিব। উদযাপন সমিতিয়ে অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm
বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

September 25, 2026 6:23 pm
নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

September 25, 2026 4:35 pm
অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm
বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

September 25, 2026 6:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd