অৱশেষত অসমৰ ৰঞ্জি ক্ৰিকেট দলটোৱে দুবছৰৰ মূৰত পালে জয়ৰ সোৱাদ। চলিত বৰ্ষৰ নিজৰ দ্বিতীয়খন খেলত অসমে বিশাল ৰানৰ ব্যৱধানত পৰাস্ত কৰে ত্ৰিপুৰাক। অসমে ত্ৰিপুৰাক ২১১ ৰানৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে মেচখনত অসমে ৪২৮ ৰানৰ বিজয় লক্ষ্য বান্ধি দিছিল ত্ৰিপুৰাক। আৰু এই বিজয় লক্ষ্যত উপনীত হ’বলৈ আহি ত্ৰিপুৰা দলে খেলৰ চতুৰ্থ দিনা ২১৬ ৰানতে আত্মসমৰ্পন কৰে। ত্ৰিপুৰাৰ বেটছমেনসকলৰ বিফলতাৰ মূলতে আছিল অসমীয়া বলাৰৰ দুৰ্দান্ত বলিং।
মুখতাৰ হুছেইনে ৭৩ ৰানত পাঁচটা উইকেট দখল কৰি অসমৰ জয়ত নায়কৰ ভূমিকা গ্ৰহণ কৰিছিল। মেচখনত মুখতাৰে মুঠ ৯টা উইকেট দখল কৰি শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।
উল্লেখ্য যে যোৱা ১২ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত হোৱা মেচখনত প্ৰথমে বেট ধৰি অসমে ৩২৭ ৰান সংগ্ৰহ কৰাৰ প্ৰত্যুত্তৰত ঘৰুৱাদল ত্ৰিপুৰাই মাত্ৰ ১৩৯ ৰানতে নিজৰ প্ৰথম ইনিংছ সামৰিছিল।
আনহাতে দ্বিতীয় ইনিংছত অসমে ৬টা উইকেটৰ বিনিময়ত ২৩৯ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰি জয়ৰ বাবে ত্ৰিপুৰাক ৪২৮ ৰানৰ বিশাল লক্ষ্য বান্ধি দিছিল।
সুদীৰ্ঘ দুবছৰৰ মূৰত জয়ৰ সোৱাদ পোৱা অসম দলৰ লগতে অসম ক্ৰিকেট প্ৰেমীৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে পেচবলাৰ মুখতাৰ হুছেইন। কেৰিয়াৰৰ আৰম্ভণি মুখতাৰৰ বাবে বেছ চমকপ্ৰদ। কেৰিয়াৰৰ প্ৰথমখন মেচতে ঝাৰখণ্ডৰ বিৰুদ্ধে পাঁচটা উইকেট দখল কৰিছিল। ইফালে দ্বিতীয়খন মেচতো ৯টা উইকেট দখল কৰি বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰা মুখতাৰৰ নাম এতিয়া সৰ্বত্ৰে চৰ্চিত।