• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণ্ডগোল আৰম্ভ ৰাজ্যিক বিজেপিত, পঞ্চায়ত নিৰ্বাচনৰ তীব্ৰ চাপত লেকামহীন দলীয় বক্তব্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 17, 2018 6:17 pm
BJP

বিজেপিৰ প্ৰতীক। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ খিলঞ্জীয়াৰ সৰ্বাত্মক নাগৰিকত্ব বিধেয়ক বিৰোধৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শাসক দলটোৰ বিপৰীতমুখী একাধিক ‘দলীয়’ বক্তব্যই পৰিস্ফূত কৰিছে বিজেপিৰ প্ৰতি অহা তীব্ৰ প্ৰত্যাহ্বান।

তৃণমূল কৰ্মী বাদেই, দলটোৰ ৰাজ্যিক পৰ্য্যায়ৰ শীৰ্ষ নেতৃত্বৰ মাজতে শেহতীয়াকৈ চলা গালি-গালাজে উদঙাই দিছে শাসন দখলৰ মাত্ৰ আঢ়ৈ বছৰতে ‘জনপ্ৰিয়তা’ উদং খোৱাক লৈ দলটোৰ চৰম অস্বস্তি।

Apply Now

দলৰ এজন মুখপাত্ৰই যদি সংবাদমেলযোগে বিধায়কৰ মত দলীয় বক্তব্য নহয় বুলিছে, উপ সভাপতিয়ে আকৌ ৰাজ্যিক মুখ্য কাৰ্য্যালয়তে সংবাদমেলযোগে ঘোষণা কৰিছে মুখপাত্ৰৰ বক্তব্য ‘দলীয়’ নহয়।

অসমৰ পূৰ্ব বংগীয় মূলৰ মুছলমানসকলে মুছলমান ৰাষ্ট্ৰ নিৰ্মাণ কৰিব খুজিছে বুলি যোৱা ১৩ নৱেম্বৰত ৰাজ্যিক মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই কৰা দাবী খণ্ডন কৰি শনিবাৰে প্ৰয়োজনত ‘দলত্যাগ’ৰে সকীয়নি দিছে দলটোৰ উপ সভাপতি তৌফিক ৰহমানে।

“বিজেপি দল পূৰ্ববংগীয় মুছলমান সকলৰ বিৰোধী নহয়, বিজেপি দল বাংলাদেশী সকলৰ বিৰোধী,” মুখপাত্ৰ বৰুৱাৰ মন্তব্য ‘সাম্প্ৰদায়িক’ আৰু ই ‘দলীয়’ বক্তব্য নহয় বুলি দাবী কৰি গুৱাহাটীস্থিত ৰাজ্যিক কাৰ্য্যালয়তে এই ঘোষণা উপ সভাপতি ৰহমানৰ।

তাৎপৰ্য্যপূৰ্ণভাৱে দলটোৰ হোজাইৰ বিধায়ক শিলাদিত্য দেবক উপ সভাপতি ৰহমানে ‘বিকৃত মস্তিষ্ক’ৰ বুলি অভিহিত কৰাৰ পিছত দলৰ আন এজন মুখপাত্ৰ ৰূপম গোস্বামীয়ে বিধায়কৰ সলনি মুখপাত্ৰৰ বক্তব্যহে ‘দলীয়’ বুলি মন্তব্য কৰিছিল।

ৰাজ্যিক বিজেপিৰ এই ‘দলীয়’ বক্তব্যৰ কাহিনী ইমানতে শেষ হোৱা নাই। উপ সভাপতি ৰহমানৰ সংবাদমেলৰ দিনাই অৰ্থাৎ শনিবাৰেই আন এজন মুখপাত্ৰ জয়ন্ত দাসে আকৌ জ্যেষ্ঠ বিধায়ক অতুল বৰাক নাম দিছে ‘নিসিজা কচু’!

“অগপ দলত থাকি অগপৰ মাজত বিভেদ আনি অতুল ভৰাই দলটোক থান বান কৰি পেলালে,” বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰা প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি বিধায়ক অতুল বৰাৰ বিৰুদ্ধে এই মন্তব্য অগপৰ পৰাই বিজেপিলৈ অহা মুখপাত্ৰ দাসৰ।

বিধেয়ক বিৰোধিতা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দিয়া পত্ৰ বৰাই কিছুদিন পূৰ্বে ৰাজহুৱা কৰাৰ বিপৰীতে এই সন্দৰ্ভত দলৰ নেতৃত্বৰ সৈতে বিধায়কজন ‘কোনো আলোচনাত মিলিত হোৱা নাই’ বুলিহে দাবী কৰিলে দাসে।

পঞ্চায়ত নিৰ্বাচন পাতিবলৈকে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে সাহ কৰা ‘নাছিল’ বুলি ইতিমধ্যে দলটোক সমালোচনা কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই।

আনহাতে বিধেয়কৰ বিৰোধী অসমৰ সকলো সংগঠনেই পঞ্চায়ত নিৰ্বাচনক শাসকীয় দলটোক এশিকনি দিয়াৰ বাবে টঙালি বান্ধিছে। আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিল গগৈয়ে ডিব্ৰুগড়ত শেহতীয়াকৈ এই সন্দৰ্ভত স্থিতি ঘোষণা কৰাৰ লগতে জে’লৰ পৰা সদ্যমুক্ত আলফা নেতা জিতেন দত্তয়ো নিৰ্বাচনটো ‘সুন্দৰ সুযোগ’ বুলি উল্লেখ কৰি সিদ্ধান্ত লোৱাৰ বাবে জনগণক আহ্বান জনাইছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd