• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চায়ত নিৰ্বাচন : মাজুলীত ৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
November 17, 2018 7:48 pm
Panchayat-768x442

প্ৰতিনিধিত্বমূলক ছবি

605
VIEWS
Share on FacebookShare on Twitter

মাজুলী জিলাত এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও পঞ্চায়ত সভাপতি পদৰ বাবে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰা ৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে।

শুক্ৰবাৰে নিশা পৰ্যন্ত চলা মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়ত আঁসোৱাহ ধৰা পৰাৰ বাবে জিলা পৰিষদ সদস্য পদৰ নামনি মাজুলী সমষ্টিত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল কৰা হয়। একেদৰে, নিৰ্বাচন প্ৰাধিকাৰী বিষয়াই আঞ্চলিক পঞ্চায়ত সদস্য পদৰ ক্ষেত্ৰত মুঠ ৫গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল কৰে।

আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ক্ষেত্ৰত বাতিল হোৱা এই মনোনয়ন পত্ৰসমূহৰ ভিতৰত আছে উজনি মাজুলী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত ফুলনী গাঁও পঞ্চায়তত ২গৰাকী আৰু ৰতনপুৰ মিৰি, লুহিতপৰীয়া আৰু জেংৰাই গাওঁ পঞ্চায়তত এগৰাকীকৈ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ।

আনহাতে, গাঁও পঞ্চায়ত সভাপতি পদৰ ক্ষেত্ৰত কেৱল জেংৰাই গাঁও পঞ্চায়তত এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষণকালত অবৈধ ঘোষণা কৰা হয়।

ইপিনে, জিলাখনৰ ২০খন গাঁও পঞ্চায়তৰ অধীনৰ ২০০টা ৱাৰ্ডৰ সদস্য পদৰ বাবে প্ৰাৰ্থীয়ে দাখিল কৰা মুঠ ৩৫খন মনোনয়ন পত্ৰ বাতিল হৈছে। মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত এই ২০০টা ৱাৰ্ডৰ ভিতৰৰে ৫টাত মাথো এজনকৈ প্ৰাৰ্থীৰহে মনোনয়ন পত্ৰ বৈধ বিবেচিত হ’ল।

আনহাতে, ৪টা ৱাৰ্ডৰ ক্ষেত্ৰত এগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ গৃহীত নোহোৱাকৈ থাকে। উল্লেখ্য যে, মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম সময়সীমা হৈছে অহা ১৯ নৱেম্বৰৰ বিয়লি ৩ বজা। মাজুলীত অহা ৫ ডিচেম্বৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোট গ্ৰহণ হ’ব।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd