• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ মুখলৈ চাই ধৈৰ্য্যৰ সীমা পাৰ হৈ গ’ল, ৰাম মন্দিৰ হ’বই লাগিব : বিশ্ব হিন্দু পৰিষদৰ অসমৰ নেতৃত্ব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 18, 2018 8:42 pm
VHP Assam

বিশ্ব হিন্দু পৰিষদৰ অসম প্ৰান্তৰ সংবাদমেল। ১৮ নৱেম্বৰত। গুৱাহাটীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোড়া হিন্দুত্ববাদী সংগঠন বিশ্ব হিন্দু পৰিষদে এইবাৰ অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ বাবে বদ্ধপৰিকৰ হৈ পৰিছে। “ধৈৰ্য্যৰ সীমা চেৰাই গৈছে, যিকোনো প্ৰকাৰে ৰাম মন্দিৰ প্ৰতিষ্ঠা হ’বই লাগিব”, আজি দিচপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা এখন সংবাদমেলত এই দাবী কৰে বিশ্ব হিন্দু পৰিষদ অসম প্ৰান্তৰ সভাপতি ড০ মুনীন্দ্ৰ মোহন ডেকাই।

উল্লেখযোগ্য যে, ১৯৯২ চনত হিন্দুত্ববাদী নেতাৰ উচটনিত আৰ এছ এছৰ কৰসেৱকসকলে অযোধ্যাত থকা বাবৰি মচজিদ ভাঙি দিছিল। উক্ত স্থানত ৰাম মন্দিৰ স্থাপন কৰিবলৈ দীৰ্ঘদিন দাবী তুলি আহিছে হিন্দুত্ববাদী সংগঠনবোৰে।

Apply Now

আনহাতে ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াক লৈ সদায়ে কৌশলপূৰ্ণ ৰাজনীতিৰে সুবিধা লৈ আহিছে। বিগত লোকসভা নিৰ্বাচনতো ৰাম মন্দিৰ নিৰ্মাণ দলটোৰ এটা প্ৰতিশ্ৰুতি আছিল হিন্দুত্ববাদী ভোটাৰৰ ওচৰত। কিন্তু কোৱা মতে চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰিলে হিন্দুত্ববাদী শক্তিৰ পৃষ্ঠপোষক চৰকাৰখনে।

বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰ নিৰ্মাণ কৰিব বুলি চৰকাৰৰ মুখলৈ চাই থকা হিন্দুত্ববাদী দল-সংগঠনবোৰে ক্ৰমে বুজি উঠিছে চৰকাৰৰ প্ৰতৰণা। তেওঁলোকৰ ‘ধৈৰ্য্যৰ সীমা চেৰাই গৈছে’ বুলি জানিবলৈ দিয়ে বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বই।

উল্লেখ কৰিব পাৰি যে বিজেপিৰ চৰকাৰ শাসনলৈ অহাৰ পিছত তৎপৰতা বৃদ্ধি পোৱা হিন্দুত্ববাদী শক্তিবোৰে এতিয়া ভাৰতত মুকলিকৈ তেওঁলোকৰ সম্প্ৰসাৰণবাদী কাৰ্য্যসূচী চলাই গৈছে যদিও তেওঁলোকৰ ৰাম মন্দিৰ নিৰ্মাণৰ যি মুখ্য কাৰ্য্যসূচী সেয়া অলপো আগ বঢ়াব পৰা নাই।

মন কৰিব লগীয়া কথাটো হ’ল কেন্দ্ৰৰ পিছতে ৰাজ্যতো বিজেপিৰ চৰকাৰ অহাৰ পিছত ৰাম মন্দিৰৰ আন্দোলনে এই প্ৰান্তকো চুই গৈছে। কেতিয়াও ৰামৰ আখ্যানৰ সম্পৰ্ক নথকা এই মুলুকৰো কিছু সংখ্যক লোকক ৰাম মন্দিৰ নিৰ্মাণৰ উৎসাহত জঁপিয়াই পৰা দেখা গৈছে। বিষয়টোত জড়িত হৈ তেওঁলোকে সততে সংবাদ মাধ্যমৰ মনোযোগ পাবৰ চেষ্টা কৰা দেখা যায়।

আজি সংবাদমেলত সংগঠনটোৰ অসমৰ নেতৃত্বই জনোৱামতে, ৰাম মন্দিৰ নিৰ্মাণ কৰা বিষয়ক লৈ অহা ২১ নৱেম্বৰৰ পৰা ধাৰাবাহিকভাৱে অসমৰ ভিন্ন প্ৰান্তত ধৰ্মীয় সভা অনুষ্ঠিত কৰিব বিশ্ব হিন্দু পৰিষদে। ২১ নৱেম্বৰৰ দিনা নলবাৰী জিলাৰ পৰা এই ধৰ্মসভা সমূহৰ আৰম্ভণি হ’ব। ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত হিন্দু সমাজক সজাগ কৰি তোলাটোৱেই এই ধৰ্মসভাৰ মূল উদ্দেশ্য বুলি জানিবলৈ দিয়ে সভাপতি ডেকাই।

তেওঁ জানিবলৈ দিয়া অনুসৰি ২২ নৱেম্বৰত তিনিচুকীয়া জিলাত, ২৩ নৱেম্বৰত ডিব্ৰুগড়, ২৫ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰী, ২৯ নৱেম্বৰত নগাওঁ, লামডিং, ১ ডিচেম্বৰত ওদালগুৰি, ২ ডিচেম্বৰত মঙলদৈ, ধুবুৰী, ৩ ডিচেম্বৰত বঙাইগাওঁ, ৪ ডিচেম্বৰ কোকৰাঝাৰত এই ধৰ্মসভা অনুষ্ঠিত হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd