• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজনীতিৰ অপৰাধীকৰণ : বিশ্বনাথত দুৰ্ধৰ্ষ অপৰাধীলৈ বিজেপিৰ প্ৰাৰ্থিত্বক লৈ তীব্ৰ বিতৰ্ক

কাজি জেইদুল ইছলাম  by কাজি জেইদুল ইছলাম 
November 20, 2018 8:11 am
IMG-20181119-WA0034

গৃহদাহক ৰঞ্জন জ্যোতি দাসৰ ফাইল ফটো

321
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদ আৰু বিৰোধী দল কংগ্ৰেছ দলে দুধৰ্ষ গঁড় হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদানৰ তথ্যই ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰত ধুমুহা সৃষ্টি কৰাৰ পিছতেই এইবাৰ পোহৰলৈ আহিছে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰদান কৰা প্ৰাৰ্থীৰ  শেহতীয়া নমুনা৷

ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল’গান আওঁৰাই পৰিবৰ্তনৰ সপোন দেখুৱাই ক্ষমতালৈ অহা বিজেপি দলে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এজন দুধৰ্ষ অপৰাধীক৷ ৰাজ্যৰ জেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টিৰ অন্তর্গত বৰগাং জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জন জ্যোতি দাসৰ বিৰূদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ৷ বিগত ২০১২ চনৰ ১৫ জানুৱাৰী মাহৰ মাঘৰ বিহু দিনা নিশা বিহালীৰ টেলেঙনীয়া গাওঁৰ দৰিদ্ৰ-অকিঞ্চন লক্ষ্যধৰ দাসৰ বাসগৃহটো এক কন্দলৰ বাবে নিজ হাতেৰে অগ্নি-সংযোগ  কৰি ব্যক্তিজনৰ বাসগৃহৰ লগতে সকলো সা-সম্পতি ভষ্মীভূত কৰা ৰঞ্জন জ্যোতি দাসক দলৰ নেতৃত্ব প্ৰদান কৰিছিল৷

এই সন্দৰ্ভত বিহালী আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ১৪৭/ ১৪৮/ ১৪৯/ ৪৪৮/ ৪৩৬/ ৪২৭/ ৩২৩/ ৫০৬ ধাৰাত গোচৰ ৰুজু হোৱা লগতে বৰ্তমানেও মহামান্য বিশ্বনাথ সত্ৰ আদালতত বৰগাং জিলা পৰিষদৰ প্ৰাৰ্থী ৰঞ্জন  জ্যোতি দাসৰ লগতে ৭ গৰাকী ব্যক্তিৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলি আছে৷ তেনে এক জঘন্য  অপৰাধীক বিহালীৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই নিজ গৃহ সমষ্টিৰ বৰগাং জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভুক্তভোগী লক্ষ্যধৰ দাসে৷

উল্লেখযোগ্য যে, বিগত ৬ বছৰে বিজেপি দলৰ বৰগাং জিলা পৰিষদৰ প্ৰাৰ্থী গৰাকীৰ কৰ্মকাণ্ডৰ ফলত অঘৰীৰ জীৱন কটাই আহিছে   লক্ষ্যধৰ দাসে৷

ইতিমধ্যে বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জন জ্যোতি দাসৰ গোচৰ সন্দৰ্ভত বিশ্বনাথ জিলা উপায়ুক্তৰ লগতে নিৰ্বাচনী বিষয়াক লিখিতভাৱে অভিযোগ দাখিল কৰিছে যদিও জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে  ভুক্তভোগী লক্ষ্যধৰ দাসে৷

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd