‘’বিটিএডিত বসবাস কৰি থকা অবড়ো জনসাধাৰণৰ ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক তথা ভাষিক অধিকাৰৰ উপৰি ভূমিৰ সমস্যা সমাধান নকৰাকৈ কেৱল বড়োলেণ্ড বিচৰাসকলৰ লগত আলোচনা কৰি সমস্যা সমাধান কৰিব বিচাৰিলে বিটিএডিত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব’’,-এইদৰে মন্তৱ্য কৰিছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই।
বৰমাৰ বাক্সা প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি সাংসদগৰাকীয়ে এই মন্তব্য কৰে ৷
কোকৰাঝাৰ সমষ্টিৰ সাংসদগৰাকীয়ে লগতে ডিচেম্বৰত বড়ো সমস্যা সমাধানৰ বিষয়টোক হাস্যকৰ আখ্যা দিয়ে। তেওঁ কয় যে বড়ো নেতৃত্বই ২০১৪ চনৰ আগেয়ে বড়ো সমস্যা সমাধানৰ বহু সুযোগ লাভ কৰিও সুযোগ হেৰুৱাইছে। বৰ্তমান আৰু সেই সুযোগ নাই।
যোৱা সোমবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু বড়ো নেতৃত্বৰ মাজত অনুষ্ঠিত বৈঠকৰ পাছতে কোকৰাঝাৰৰ সাংসদ নৱকুমাৰ শৰণীয়াই বিটিএডিক লৈ পুনৰ সৰৱ হৈ পৰিছে।
সাংসদ শৰণীয়াই এবছুৰ সভাপতি প্ৰমোদ বড়োক এগৰাকী উগ্ৰ জাতীয়তাবাদী নেতা বুলি অভিহিত কৰি তেওঁলোকৰ দৰে নেতাৰ বাবেই বিটিএডিত অবড়ো সংগঠনৰ জন্ম হৈছে বুলি মত ব্যক্ত কৰে।
আনহাতে, বিটিএডিক এখন কেন্দ্ৰীয় শাসিত পৰিষদলৈ উন্নীত কৰা সন্দৰ্ভত যিসকল অবড়ো নেতাই সমৰ্থন জনাইছিল তেওঁলোকক ৰাইজৰ আগত স্পষ্টীকৰণ দাঙি ধৰিবলৈ সাংসদ গৰাকীয়ে আহ্বান জনায়।
তদুপৰি, কেন্দ্ৰীয় শাসিত পৰিষদৰ প্ৰসংগ উত্থাপনেৰে ৰাজ্যৰ জলন্ত সমস্যাসমূহ অঁতৰাই ৰাখি বিটিএডিক ৰক্তাক্ত কৰাৰ ই এক ষড়যন্ত্ৰ বুলি অভিযোগ কৰে সাংসদ গৰাকীয়ে। তাৎপৰ্যপূৰ্ণভাৱে, সাংসদ গৰাকীয়ে লগতে মন্তৱ্য কৰে যে বিটিচি গঠনৰ পাছতে অবড়ো সকলৰ অৱস্থা শোচনীয় হৈ পৰিছে। এতিয়া আকৌ পৃথক বড়োৰাজ্য গঠন হ’লে অবড়ো সকলৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰিব।
উল্লেখযোগ্য যে সোমবাৰে নতুন দিল্লীত হোৱা বৈঠকত বিটিএডিত পৃথক বড়োলেণ্ডৰ পৰিৱৰ্তে এখন কেন্দ্ৰীয় শাসিত পৰিষদ গঠনৰ আলোচনা হোৱাৰ বিষয়ে বাতৰি ওলোৱাৰ পাছতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।