• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন প্ৰেমিকাৰ অশ্লীল ফটো আৰু ফ’ন নম্বৰ ফেইচবুকত আপল’ড কৰি ৰঙাঘৰৰ আলহী হ’ল যুৱক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 23, 2018 6:33 pm
Rohit Sarmah Photo

আৰক্ষীয়ে বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰা ডিব্ৰুগড়ৰ যুৱক ৰোহিত শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছ’চিয়েল মেডিয়া ফেইচবুকত এগৰাকী যুৱতীৰ ফটো আৰু ফ’ন নম্বৰ ৰাজহুৱা কৰি ৰঙাঘৰৰ আলহী হ’ল দুলীয়াজানৰ ৰোহিত শৰ্মা নামৰ এজন যুৱক।

যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বেংগালুৰুৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰে। ৰোহিতে তাত এটা কোম্পানিত কাম কৰি আছিল। কালি অসমলৈ অনা ৰোহিতক আজি আৰক্ষীয়ে আদালতত হাজিৰ কৰায়।

Apply Now

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি দুলীয়াজানৰ আনন্দপুৰ থাপাবস্তিৰ লক্ষণ শৰ্মাৰ পুত্ৰ ৰোহিতে যোৱা আগষ্ট মাহত ডিব্ৰুগড়ৰ এগৰাকী যুৱতীৰ আপত্তিকৰ ফটো আৰু ফ’ন নম্বৰ ফেইচবুকৰ জৰিয়তে আপল’ড কৰিছিল।

চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেন ডেকাই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে। ডেকাই জনোৱা মতে চাৰি বছৰ পূৰ্বে ভুক্তভোগী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ৰোহিতৰ।

যুৱতীগৰাকীয়ে যোৱা ৭ আগষ্টত চানমাৰি আৰক্ষী থানাত ৰোহিতৰ বিৰুদ্ধে দিয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৫০৭ নং ধাৰাত ৭২৫/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে। আই টি আইন, ২০০০ -অৰ অধীনত ৬৬/৬৭ নং ধাৰাত এটা গোচৰ ৰুজু কৰি যুৱকজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল।

অৱশেষত চানমাৰি আৰক্ষীয়ে অভিযান চলাই যোৱা ২০ নৱেম্বৰত বেংগালুৰুৰ পৰা ৰোহিতক গ্ৰেপ্তাৰ কৰি কালি চানমাৰি থানালৈ আনে। শুকুৰবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত ৰোহিতক বিয়লি ৩ বজাত চানমাৰি আৰক্ষীয়ে ধৃত ৰোহিতক জেইললৈ প্ৰেৰণ কৰে।

প্ৰাক্তন প্ৰেমিকাৰ বিৰুদ্ধে টকা লোৱাৰ অভিযোগ আনিলে ৰোহিতে

আনহাতে, ধৃত ৰোহিতে নৰ্থ-ইষ্ট নাওৰ আগত দিয়া ভাষ্য অনুসৰি যুৱতীগৰাকীয়ে তেওঁৰ পৰা প্ৰেমৰ ছলনাৰে বহুত টকা সৰকালে। “তাই মোৰ পৰা পইচা খাই থৈছিল। ইম’শ্য’নেল ব্লেকমেইলিং কৰি তাই মোৰ পৰা বহু পইচা খালে।”

প্ৰেমৰ সম্পৰ্ক ছিন্ন হোৱাৰ কথাও ক’লে ৰোহিতে। “আগতে ভালপোৱা সম্পৰ্ক আছিল যদিও এতিয়া নাই।”

আনহাতে অশ্লীল ফটো নহয়, সাধাৰণ ফটোহে আপল’ড কৰা বুলি দাবী কৰে ৰোহিতে। “মই তাইৰ সাধাৰণ এখন ফটো দিছিলো। ফটোৰ লগতে তাইৰ ফ’ন নম্বৰ দিছিলো। মাৰ একাউণ্টৰ পৰাও ৬-৭ লাখ টকা দিছিলো তাইক। তাই এতিয়া বেলেগ ক্ৰেডিট কাৰ্ড পালে চাগে।” ৰোহিতৰ ভাষ্য।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd