• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচন : যোৰহাটৰ জাঁজী হাঁহচৰাত ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থীৰ

জাঁজী হাঁহচৰাত পঞ্চায়ত নিৰ্বাচনক লৈ নিৰ্বিকাৰ ভোটাৰ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
November 23, 2018 9:26 pm
Panchayat

প্ৰতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে উজনি অসমৰ বিভিন্ন স্থানৰ লগতে যোৰহাট জিলাৰ জাঁজী হাঁহচৰাতো প্ৰাৰ্থীসকলে যোৱা ২০ নবেম্বৰৰ পৰা আনুষ্ঠানিকভাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। কিন্তু নিৰ্বাচনক লৈ এতিয়ালৈকে ভোটাৰ ৰাইজৰ মাজত বিশেষ উৎসাহ দেখা পোৱা হোৱা নাই। কৃষি প্ৰধান অঞ্চলটোৰ কৃষক ৰাইজে আঘোণৰ পথাৰত ধান চপোৱাত  ব্যস্ত থকাৰ বাবে পঞ্চায়ত নিৰ্বাচনলৈ পিঠি দিব ল’গা হৈছে।

আনহাতে কালিৰ পৰা অনুষ্ঠিত হৈ থকা ৰাসোৎসৱৰ বাবেও সেমেকি পৰিছে নিৰ্বাচনী বতাহ। অঞ্চলটোৰ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত ১১ নং পূৱ লাহিং গাওঁ পঞ্চায়তত কংগ্ৰেছ, বিজেপি আৰু অগপ দলে পঞ্চায়ত দখলৰ বাবে উঠি-পৰি লাগিছে।

Apply Now

লাহিংগাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে অগপ দলে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সমাজকৰ্মী ৰমাকান্ত গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছ আৰু বিজেপি দলে দুই যুৱ নেতা ক্ৰমে ঋতু বুঢ়াগোহাঁই আৰু অভিজিৎ গগৈক প্ৰাৰ্থী হিচাপে ঠিয় কৰাইছে। পঞ্চায়তখনৰ আঞ্চলিক সদস্য পদৰ বাবে বিজেপি দলে গায়ত্ৰী ফুকনক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে অগপ দলে  জিলমিল গগৈ শইকীয়াক প্ৰাৰ্থিত্ব দিছে।

উল্লেখযোগ্য যে কংগ্ৰেছ দলে মহিলাৰ বাবে সংৰক্ষিত উক্ত আসনত পূৰ্বৰ পঞ্চায়ত সভাপতি জয়ন্ত গগৈক প্ৰাৰ্থিত্ব দিয়াৰ ফলত স্থানীয় লোকৰ হাঁহিয়াতৰ পাত্ৰ হোৱাৰ লগতে মনোনয়নপত্ৰ নাকচ হৈছিল। পঞ্চায়তখনত বিগত সময়চোৱাত সংঘটিত হোৱা ব্যাপক অনিয়ম, স্বজন-তোষণৰ অভিযোগক অগপ- বিজেপিয়ে বাবে নিৰ্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে মোডী-সৰ্বানন্দ চৰকাৰৰ দিনৰ মূল্যবৃদ্ধি, আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়ক,২০১৬ক সন্মুখত ৰাখি নিৰ্বাচনী যুজঁত নামিছে। কংগ্ৰেছ দলে লাহিং জিলা পৰিষদৰ আসনখনত হাঁহচৰাৰ তিলোত্তমা ফুকনক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে বিজেপি দলে বৰ নগঞাৰ দীপজ্যোতি গগৈক প্ৰাৰ্থিত্ব দিছে। অগপ দলে জিলা পৰিষদৰ আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পৰা বিৰত আছে।

উল্লেখ্য যে কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰৰ প্ৰথম দিনাই অঞ্চলটোত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এটা বিশাল বাইক ৰেলীৰে চমক সৃষ্টিৰ প্ৰয়াস কৰা দেখা গ’ল। ইফালে টীয়ক সমষ্টিৰ অন্তৰ্গত ৪ নং বামুণপুখুৰী গাঁও পঞ্চায়তত নিৰ্বাচনী যুঁজখন তিনিকোণীয়া হোৱাৰ সম্ভাৱনা আছে। পঞ্চায়ত সভাপতি পদত কংগ্ৰেছে ৰেখা ভট্টাচাৰ্য্যক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে বিজেপি দলে পম্পী বৰা দত্তক প্ৰাৰ্থী হিচাপে আগবঢ়াইছে। আনহাতে টীয়ক বিজেপিৰ প্ৰতিষ্ঠাপক যোগেশ্বৰ বৰুৱাৰ জ্যেষ্ঠা বোৱাৰী বন্দিতা বৰুৱাই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা  আগবঢ়োৱাত পঞ্চায়তখনৰ নিৰ্বাচনী সমীকৰণ সলনি হোৱাৰ উপক্ৰম ঘটিছে।

উল্লেখযোগ্য যে পঞ্চায়তখনৰ সভাপতি পদৰ বাবে অগপ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী মামণি বৰাই অন্তিম মুহূৰ্তত মনোনয়ন দাখিলত ব্যৰ্থ হোৱাৰ বাবে দলটোৱে নিৰ্দলীয় বন্দিতা বৰুৱালৈ সমৰ্থন আগবঢ়াইছে। পঞ্চায়ত সদস্যপদৰ বাবে অগপই দুদু বৰুৱা, কংগ্ৰেছে দীপক কুমাৰ গগৈ আৰু বিজেপি দলে ৰজনী গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।আনহাতে টীয়ক জিলা পৰিষদত কংগ্ৰেছ দলে ৰূপালী নেওগক, অগপই ববিতা গগৈক আৰু বিজেপি দলে দৰ্শনা শইকীয়াক প্ৰাৰ্থিত্ব দিছে।

লক্ষণীয় যে প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি অন্তৰ্লহত ভোগা কংগ্ৰেছ দলৰ যোৰহাট জিলা মহিলা কংগ্ৰেছৰ প্ৰাক্তন উপ সভানেত্ৰী দিব্যজ্যোতি বৰুৱাই দলৰ পৰা পদত্যাগ কৰা বুলি জানিব পৰা গৈছে। অঞ্চলটোত প্ৰাৰ্থীসকলে সম্প্ৰতি ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা গুৰুত্ব আৰোপ কৰা দেখা গৈছে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd