ওদালগুৰি জিলাৰ ওৰাঙৰ ওচৰৰ চমুৱাগাঁও নিবাসী বিপ্লব শইকীয়া নামৰ এজন বিদ্যালয়ৰ শিক্ষকৰ পৰা ধন দাবী কৰা ৩জন যুৱকক ওৰাং আৰু মাজবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত যুৱক ৩জনে যোৱা ১৪ নৱেম্বৰে একে গাঁৱৰেই উজ্জল দাস আৰু তেওঁৰ সহযোগী মাজবাটৰ গৰৈমাৰীৰ অধিবাসী হেমন্ত শৰ্মা আৰু ভগৱান শৰ্মা নামৰ লোকদুজনে মিলি শিক্ষকজনৰ পৰা ধন দাবী কৰিছিল।
এই ৩জনে নিজকে উগ্ৰপন্থী সংগঠন এনডিএফবিৰ সদস্য বুলি নিজকে চিনাকি দি ধন দাবী কৰিছিল।
শিক্ষক বিপ্লব শইকীয়াই ওৰাং আৰক্ষী থানাত দিয়া এখন এজাহাৰৰ ভিত্তিত ওৰাং আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬, অস্ত্ৰ আইন, আৰডব্লিউ ধাৰা ২৫(১-ক), বেআইনী কাম-কাজ ৰোধ আইন ৩৪, ১০/১৩ৰ অধীনত গোচৰ ৰুজু কৰা হয়। এই গোচৰৰ ভিত্তিত অঅভিযুক্ত ৩জনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
উক্ত ধন দাবী কৰোঁতাকেইজনে এনডিএফবিৰ প্ৰতীকচিহ্ন থকাৰ সৈতে এটা গুলিৰ ব্যৱহৃত কাৰ্টিজ ধনদাবী পত্ৰৰ সৈতে শিক্ষকজনলৈ প্ৰৰণ কৰিছিল।
আৰক্ষী সূত্ৰই ব্যক্ত কৰিছে যে উক্ত ৩জনে ওদালগুৰিত সক্ৰিয় হৈ থকা নিষিদ্ধ ঘোষিত সংগঠন এনডিএফবিৰ নামত জিলাখনৰ শিক্ষক আৰু ব্যৱসায়ীসকলক ধন দাবী কৰি অহাৰ তথ্য আৰক্ষী প্ৰশাসনে লাভ কৰিছে।
প্ৰতিৱেদন পোৱা মতে দুঃশ্চিন্তাৰ বিষয়টো হৈছে এই যে বহু লোকেই সহজে ধন উপাৰ্জনৰ বাবে বহু লোকেই ধন দাবী কৰা আৰম্ভ কৰিছে। জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এনেধৰণৰ ধন দাবী কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলাখনৰ জনসাধাৰণে প্ৰশাসনলৈ আৱেদন জনাইছে।