• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় চৰকাৰে অসমৰ জাতিসত্বাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰি আহিছে : লুৰিন জ্যোতি গগৈ

মিণ্টু দাস by মিণ্টু দাস
November 25, 2018 6:49 am
c8bae087-b529-459a-a2d0-fbdc2a1683cb

সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ ২৩ সংখ্যক বাৰ্ষিক আন্তঃপাঠৰী অধিবেশনৰ মুকলি সভাত শনিবাৰে ভাষণ দিছে লুৰিন জ্যোতি গগৈয়ে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰ তথা ৰাজনৈতিক দলসমুহে মুখত ভাল ভাল কথা কয় কিন্তু কাৰ্যক্ষেত্ৰত একো কাম নকৰে৷ অসমৰ শিক্ষাব্যৱস্থাৰ উন্নয়নৰ বাবে চৰকাৰখনে কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰে৷ সেইবাবেই আজি আমি এই অধিবেশনৰ পৰাই ৰজাঘৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিছাৰিছো যদি আপোনালোকে শিক্ষাৰ উন্নয়ন সাধন কৰিব বিচাৰে তেন্তে অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় সমূহত প্ৰাক্ প্ৰাথমিক স্তৰ খোলক৷

সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ ২৩ সংখ্যক বাৰ্ষিক আন্তঃপাঠৰী অধিবেশনৰ মুকলি সভাৰ পৰা অসম চৰকাৰক শনিবাৰে এই আহ্বান জনায় সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ডঃ সমুজ্জ্বল  কুমাৰ ভট্টাচাৰ্যই৷ মুকলি সভাত মুখ্য অতিথিৰ ভাষণত তেওঁ আৰু কয় যে পাঁচ হাজাৰখন প্ৰাথমিক বিদ্যালয়ত এজনীয়া শিক্ষক আছে৷ অন্য বহু বিদ্যালয়ৰ অৱস্থাও তথৈবচ৷ চৰকাৰে গুণোৎসৱৰ দৰে ভাল চিন্তা কৰিছে যদিও ইয়াৰ কাৰ্যকৰীকৰণত ত্ৰুটি আছে ৷ সেয়ে আমি বিচাৰো মহাবিদ্যালয়ৰ গুণগত মান নিৰূপন কৰা নাকৰ একে গাঁথনিত বিদ্যালয় মূল্যাংকন আয়োগ গঠন হ’ব লাগে ৷

প্ৰায়বোৰ মন্ত্ৰী-বিধায়ক আৰু আমোলাই নিজৰ সন্তানক অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত নপঢ়োৱাৰ অভিযোগ কৰি ডঃ ভট্টাচাৰ্যই কয় যে সেই বাবেই তেওঁলোকে অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ- ছাত্ৰীৰ দুখ বুজি নাপায়৷ আমি মন্ত্ৰী-বিধায়ক আৰু আমোলা সকলক আহ্বান জনাইছো আপোনালোকে নিজৰ সন্তানক যি পৰিবেশত পঢ়ুৱাইছে সাধাৰণ ভোটাৰৰ সন্তানকো তেনে সুবিধা-পৰিবেশ প্ৰদান কৰক৷

তেওঁ লগতে কয় যে খিলঞ্জীয়া মানুহৰ দুৰ্যোগৰ মুহূৰ্তত যদি চৰকাৰ তথা ৰাজনৈতিক নেতাসকলে পতিয়নযোগ্যভাৱে ৰাইজৰ সপক্ষত থকা দেখা পাওঁ সেইসময়ৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই শিক্ষাৰ বাহিৰে অন্য কোনো বিষয়ত মাত নামাতে। সেইটো নেদেখালৈকে ছাত্ৰ সন্থাৰ সদস্যসকলে শিক্ষা গ্ৰহণ আৰু আন্দোলন সমান্তৰালভাৱে চলাই যাব৷

অসমত বিদেশী নাগৰিক সম্পৰ্কত ডঃ ভট্টাচাৰ্যই কয় যে দেশত বহিঃ আগ্ৰাসনৰ কথা উচ্চতম ন্যায়ালয়ে ২০০৫ চনতে কৈছিল৷ কিন্তু চৰকাৰ নিৰুদ্বেগ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক অসম আৰু উত্তৰ-পূৰ্বাঞ্চালক বাদ দি কৰিলেও নহ’ব৷ অসম চুক্তি মতেই অসমৰ পৰা বিদেশী বহিস্কাৰ হ’ব লাগিব৷

মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে কয় যে পৃথিৱীত এনে কোনো শক্তি নাই যি ছাত্ৰ সন্থাক বিপথে পৰিচালিত কৰিব পাৰিব। ছাত্ৰ সন্থাৰ প্ৰতিটো দিন সংগ্ৰামৰ লগত জৰিত। তেওঁ লগতে কয়, ‘’অসমীয়া মানুহক দিল্লীয়ে ভাগ ভাগ কৰিব বিচাৰিছে।অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক জোৰ কৰি জাপি দিব বিচাৰিছে। বিজেপিৰ পাণ্ডা সকলে নিলজ্জভাৱে কৈছে যে হিন্দু মানুহৰ সংখ্যা বঢ়াবৰ বাবেহে এই বিধেয়ক খন অসমত কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে। কিন্তু যি সকলে এনে মন্তব্য কৰিছে তেওঁলোকে বাংলাদেশত বসবাস কৰক।‘’

আনহাতে, সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে জাতীয় সভ্যতাৰ উত্তৰণ শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰে৷ সেয়ে আমাৰ জাতিটোক ভাল শিক্ষাৰ প্ৰয়োজন৷ জ্ঞানৰ পূজা যিদিনাই হ’ব অসম আৰু অসমীয়াৰ ভবিষ্যত সেইদিনাই সুৰক্ষিত হ’ব৷ শিক্ষাৰ সাধনাক বাদ দি কোনো জাতিয়ে নিজৰ মেৰুদণ্ড পোন কৰিব পৰা নাই৷ সদৌ অসম ছাত্ৰ সন্থাই সেয়ে ৰাজপথৰ সংগ্ৰামৰ লগতে শৈক্ষিক, বৌদ্ধিক আৰু বিদ্যায়তনিক সংগ্ৰাম কৰিবলৈ আহ্বান জনাই আহিছে৷

কেন্দ্ৰীয় চৰকাৰে অসমক কৰা বঞ্চনাৰ কথা উনুকিয়াই তেওঁ কয়, ‘’কেন্দ্ৰীয় চৰকাৰে দিল্লীত বহি অসমীয়া ভাষা-সংস্কৃতিৰ বিৰুদ্ধে আৰু অসমীয়া জাতি সত্বাক পংগু কৰাৰ বাবে ৰাজনৈতিক ষড়যন্ত্ৰ অব্যাহত ৰাখিছে৷ ইয়াক প্ৰতিহত কৰিবলৈ আমি মহাবীৰ লাচিতৰ আদৰ্শ গ্ৰহণ কৰিব লাগিব৷ অসমীয়া জাতিয়ে অধিকাৰ হেৰুওৱাৰ উপক্ৰম হৈছে৷ অবৈধ বিদেশীয়ে অসমীয়াৰ স্বাভিমানক বাৰে বাৰে কুঠাৰঘাত কৰিছে৷ এনেক্ষেত্ৰত অসমৰ জণগণে মহাসংগ্ৰাম কেনেধৰণৰ হ’ব তাক নিৰূপণ কৰিব৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি তেওঁ কয়, ‘’কেন্দ্ৰীয় চৰকাৰে বিদেশীয়ে যাতে অসমৰ জাতিসত্বাক ধ্বংস কৰিব পাৰে তাৰ ষড়যন্ত্ৰ কৰি আহিছে৷ অসম চৰকাৰৰ মূখ্যমন্ত্ৰীয়ে মৌনভাৱে সমৰ্থন কৰিছে৷ খিলঞ্জীয়া নামধাৰী চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে কোনো মাত মতা নাই৷ চৰকাৰখন বিদেশীৰ পক্ষতনে খিলঞ্জীয়াৰ পক্ষত সেই কথা স্পষ্ট কৰক৷’’

সভাৰ উদ্বোধনী ভাষণত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি মনি মাধৱ মহন্তই কয় যে অসমৰ ভৱিষ্যত সুৰক্ষাৰ বাৱে সদৌ অসম ছাত্ৰ সন্থাই অতন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰিব। বৰপাঠৰী বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অধিবেশনৰ মুকলি সভাত সভাপতিত্ব কৰে আদৰণী সমিতিৰ সভাপতি বুদ্ধেশ্বৰ বৰাই। সভাত আদৰণী ভাষণ প্ৰদান কৰে নীলমনি বৰাই।

সভাত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতী,বিশিষ্ট সাহিত্যিক তথা নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ খৰ্গেশ্বৰ ভূঞা, সদৌ তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰহ্লাদ মছৰং, সদৌ কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমচন টেৰন, সৰ্বভাৰতীয় কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক বিক্ৰম হান্সি, নগাঁও জিলা তিৱা ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত কোঁৱৰ আদি উপস্থিত থাকে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

September 16, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd