• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদী, সোণোৱাল, ৰামদেৱক ‘বৰলা’ আখ্যাৰে অপমানৰ অভিযোগত ৰিপুন বৰাৰ বিৰুদ্ধে বশিষ্ঠ থানাত এজনৰ এজাহাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 25, 2018 5:36 pm
RipunBora
466
VIEWS
Share on FacebookShare on Twitter

২৪ নৱেম্বৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই পঞ্চায়ত নিৰ্বাচনৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধান মন্ত্ৰী মোদী আৰু ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ অপমানসূচক মন্তব্য কৰা বুলি অভিযোগ আনি আজি এজন লোকে গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰ দাখিল কৰা লোকজনৰ নাম বিশ্বজিৎ নাথ।

FIR_RipunBora
এজাহাৰখনৰ একাংশ।

অভিযোগ অনা লোকজনে এজাহাৰখনত কয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰীযুত ৰিপুণ বৰা ডাঙৰীয়াই অসমৰ মাননীয় মুখ্য মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল, ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী আৰু পতঞ্জলী যোগপীঠৰ পূজনীয় যোগগুৰু বাবা ৰামদেৱৰ বিষয়ে অতি অপমানজনক মন্তব্য কৰে।

“তেওঁ কয় যে মুখ্য মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পঞ্চায়ত নিৰ্বাচনত দুটাতকৈ অধিক সন্তান থকা ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিয়া আইনখন প্ৰণয়ন কৰিছে। কাৰণ তেওঁ ‘বৰলা’  মানুহ বাবে ল’ৰা-ছোৱলীৰ প্ৰতি মৰম নুবুজে। তেওঁ আৰু কয় যে এই আইনখন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমৰ্থন কৰিছে। কাৰণ তেখেতেও বিয়া পাতি পত্নীক বিসৰ্জন দিছে।” এজাহাৰ খনত এইদৰে লিখা হয়।

ইয়াৰ লগতে ৰামাদেৱকো তুচ্ছ-তাচ্ছিল্য কৰা বুলি এজাহাৰখনত অভিযোগ অনা হৈছে।

মন কৰিব লগীয়া কথা যে এজাহাৰ দিওঁতাই ৰিপুণ বৰাৰ মন্তব্যক সমাজত সংঘৰ্ষ লগোৱাৰ ষড়যন্ত্ৰ বুলিও কৈছে। দেশৰ ১০০ কোটি হিন্দু লোকৰ ধৰ্মীয় লোকৰ ভাবনাত আঘাত কৰা বুলিও অভিযোগ কৰি বৰাৰ বিৰুদ্ধে আইনসংগত ব্যৱস্থা ল’বলৈ বশিষ্ঠ আৰক্ষীক অনুৰোধ জনাইছে।

জানিব পৰামতে, এজাহাৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৪/২৯৪/১৫৩(A) -অৰ অধীনত ১৫৭৯/১৮ নম্বৰৰ গোচৰ ৰুজু কৰিছে।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd