জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত দেওবাৰে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হয়। দুখন এম্বুলেঞ্চৰ চালকৰ মাজত হোৱা মাৰপিটৰ ঘটনাৰ বাবে এজন ৰোগীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হয়।
ঘটনা বিৱৰণী মতে, শিৱসাগৰ জিলাৰ গেলেকী আঠখেল অঞ্চলৰ ভানু তাঁতী নামৰ মহিলা গৰাকীৰ ৩০ বছৰীয়া পুত্ৰ ৰামু তাঁতী দেওবাৰে গেলেকীত হোৱা এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। তেওঁক লগে লগে গেলেকী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে তেওঁক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
আবেলি ১ মান বজাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ অনাৰ পিছত চিকিৎসকে ৰামু তাঁতীক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পৰামৰ্শ আগবঢ়ায়। চিকিৎসকৰ পৰামৰ্শ মতে পৰিয়ালে ৰামু তাঁতীক ডিব্ৰুগড়লৈ নিয়াৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত থকা এম্বুলেঞ্চ ভান এখনৰ লগত কথা পাতে আৰু ২৫০০ টকাত দাম দৰ পাতে।
কিন্তু আহত ৰামু তাঁতীৰ আত্মীয় এজনৰ ককাঁলৰ বিষ থকাৰ বাবে এম্বুলেঞ্চ ভানৰ পৰিৱৰ্তে সমীপতে থকা আন এখন এম্বুলেঞ্চ (উইংগাৰ) চালকৰ লগত কথা পাতে আৰু ২৩০০ টকাত চালক জনে ডিব্ৰুগড় মেডিকেল কলেজলৈ যাবলৈ মান্তি হয়। লগে লগে ৰামু তাঁতীৰ পৰিয়ালে আহত তাঁতীক এম্বুলেঞ্চ খনত উঠাই দিয়ে।
ঠিক তেনে সময়তে আগতে কথা পতা এম্বুলেঞ্চ ভান খনৰ চালক জনে উইংগাৰ এম্বুলেঞ্চ খনক আগভেটি ধৰি চালক জনক নমাই আনি তৰ্কাতৰ্কিত লিপ্ত হয় আৰু পাছত দুয়োজন চালকে প্ৰচণ্ড মাৰপিটত লিপ্ত হয়। ‘২৫০০ টকাত যাবলৈ মান্তি হোৱা ব্যক্তিক ২৩০০ টকাত কিয় নিবি’ বুলি প্ৰশ্ন কৰি প্ৰথম এম্বুলেঞ্চখনৰ চালক জনে দ্বিতীয় এম্বুলেঞ্চৰ চালক জনক মাৰপিট কৰাৰ লগতে ৰামু তাঁতীৰ পৰিয়ালক ভাবুকিও দিয়ে। ইমানতো ক্ষান্ত নাথাকি এম্বুলেঞ্চ ভান খনৰ চালক জনে এঘণ্টাৰো অধিক সময় ধৰি আহত ৰামু তাঁতী উঠি থকা এম্বুলেঞ্চ খন আৱদ্ধ কৰি ৰাখে। যাৰ ফলত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত ৰামু তাঁতীয়ে এম্বুলেঞ্চখনৰ ভিতৰতেই প্ৰাণ হেৰুৱাব লগা হয়।
কেইটামান ভাড়াৰ টকাৰ বাবেই দুগৰাকী চালকৰ মাজত হোৱা খণ্ড যুদ্ধৰ বাবে গুৰুতৰভাৱে, আঘাত পোৱা এজন ৰোগীয়ে বিনা চিকিৎসাই মৃত্যুক আঁকোৱালি ল’ব লগা হোৱাৰ ঘটনাত চিকিৎসালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত ৰামু তাঁতীৰ মাতৃ ভানু তাঁতীয়ে জয়সাগৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
ইপিনে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজ আৰু দল সংগঠনে দোষীক কঠোৰ শাস্তি দিবলৈ আহ্বন জনোৱাৰ লগতে এই সকল এম্বুলেঞ্চ চালকক নাকী লগাবলৈ জিলা প্ৰশাসনক অনুৰোধ জনাইছে যাতে ভৱিষ্যতে এনে উদণ্ড চালকৰ কাৰণে বিনা চিকিৎসাই কোনো ৰোগীয়ে মৃত্যৰ মুখত পৰিবলগীয়া নহয়।